জুবিন গাৰ্গৰ গীত ভবা কথা নহয় সিদ্ধি

ভবা কথা নহয় সিদ্ধি

বাটত আছে কণা বিধি

খোজে খোজে খাবালৈ উজুটি

ধন জন মিছা মায়া

সপোনৰে মাথোঁ ছাৈয়া

নাথাকিব একোকে শেষতে।

টকা আৰু মান

দিনে ৰাতি কাম

ভুল শুদ্ধ নভবাকৈ

খাব খোজে ধান

বন্ধ চকু কাণ

চিনি পোৱাই টান

মৰিবলে হ’লে চাগে

ল’ব হৰি নাম়

সাৱটিছা মিছা ছায়া

ধোঁৱা আৰু ধূলিহে শেষতে।

বিবেক আৰু প্ৰাণ

তাতকৈ গুলীৰ দাম

মানুহতকৈ কুকুৰে পায় মৰম আৰু মান

চৰকাৰে গান

মিছা কথাৰ বান

গঢ়িবলৈ নতুন অসম

দিব পৰিত্ৰাণ

সাৱটিছা মিছা মায়া…।