জুবিন গাৰ্গৰ গীত আশা মোৰ আশা

আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ বহু যুগৰ

সুখ-দুখৰ চুনাকি লৈ।।

মোৰ গানত আছে

অনামিকা মায়া

সপোনৰ সুৰৰ নুবুজা আশ

মোৰ গানে আনে বহুতো প্ৰকাশ

পোৱা নোপোৱাৰ মনৰ জোনাক

জোনাকী মন এটি হৈ

আদিছিলো মৰমৰে বোজা লৈ

আশা মোৰ আশা

মোৰ গানত আছে বৰষাৰ অনল

সেমেকা শীতৰ ৰ’দালি কোমল

মোৰ গান দিব

নতুন ভাষা

নতুনৰ জোনাক নতুন নিশা

ক্লান্ত বুকু জুৰি ব’ব

সৃষ্টিৰ এই অমল বতাহ

আশা মোৰ আশা।।