Class 12 Advance Assamese Chapter 3 Question Paper (Part-1)

ই অগ্নি-বীণাৰ তান

H.S. পৰীক্ষাত অহা প্ৰশ্ন

(ক) অতি চমু প্রশ্ন :                                                                 মূল্যাংক : ১

১। অসমীয়া সাহিত্যত ‘অসম কেশৰী’ আখ্যা কাক দিয়া হৈছে? [HS ‘10, ‘12]

২। সাহিত্য অকাডেমী বঁটা লাভ কৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা পুথিখনৰ নাম লিখা । [HS ‘14]

৩। অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি বিশেষণেৰে জনা যায়? [HS ‘15]

(খ) চমু প্রশ্ন :                                                মূল্যাংক : ২/৩/৪

১। “ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান।”— কবিতাফাঁকিৰ তাৎপৰ্য বিচাৰ কৰা। [HS ‘09, 12]

২। যে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন-গান।’

কবিতাফাকিৰ তাৎপৰ্য ব্যাখ্যা কৰা। [HS ‘11]

৩। প্রসঙ্গ সঙ্গতি দশাই ব্যাখ্যা কৰা :

(ক) এইতো নহয় হাঁহি-তামচাৰ ভাগৰ জুৰোৱা গান ই

যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি বীণাৰ তান। [HS’10]

(খ) ই যে হীনতা-নীচতা, ভীৰুতা-দীনতা

জোকাৰি পেলোৱা ভাব,

ই যে এক ৰূপ ৰসে, একে ৰঙে চঙে

এক কৰি দিয়া ছাৱ। [HS ‘14]

(গ) “ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান । [HS ‘16]

(ঘ) ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহাবান,

ই যে মাতৃ আদেশ, সন্তান-প্রাণ দিবলকে বলিদান । [HS’18]

(ঙ) অসমৰ সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক

কি বুলি জনা যায়? সাহিত্য অকাডেমি বঁটা লাভ

কৰা ‘তেওঁৰ কবিতা পুথিখনৰ নাম লিখা । [HS’18] |

(গ) ৰচনাধৰ্মী প্রশ্নঃ                                        মূল্যাংক : ৫

১। ‘ই যে অগ্নি-বীণাৰ তান’ কবিতাটিত প্ৰকাশ পোৱা স্বদেশপ্ৰেমৰ আভাস দাঙি ধৰা। [HS 11, ‘13, 15, 17]

Type: Himashree Bora.