সমমিতি
অধ্যায় 13
অনুশীলনী 13
1. তলৰ চিত্ৰবোৰৰ সমমিতি অক্ষবোৰ আঁকি দেখুওৱা । অক্ষ এডালতকৈ বেছি থাকিলে আটাইকেইডাল অক্ষ আঁকিবা ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhqt25-Xgkn-V3ySza8T2n4IEyhkj3MrLs9APSBbCcRgn2qAx1BcPyZCHuz9EvfH5iRmyQnZys3MZZiDgIvJy4kulOc3txex3aOnWOJ35e7zYSCTLPM5FUEHeGHuGqX_Oheg-yCea6q33wrZkbbV3H79bmGYeN1vCtkV4sye-9a6uqGuFfhH-uDgJ88rA/w368-h369/IMG_20220606_172505.jpg)
2. উত্তৰ লিখা ।
(i) এটা সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি অক্ষ কেইডাল থাকে ?
(ii) এটা সমবাহু ত্ৰিভুজৰ সমমিতি অক্ষ কেইডাল থাকে ?
(iii) এটা আয়তৰ সমমিতি অক্ষ কেইডাল থাকে ?
(iv) এটা বৰ্গৰ সমমিতি অক্ষ কেইডাল থাকে ?
(v) এটা ৰম্বাচৰ সমমিতি অক্ষ কেইডাল থাকে ?
(vi) এটা বৃত্তৰ সমমিতি অক্ষ কেইডাল থাকে ?
3. ইংৰাজী ছপা বৰফলা আখৰবোৰৰ ক্ষেত্ৰত –
(i) এডালো সমমিতি অক্ষ নথকা দুটা আখৰৰ উদাহৰণ দিয়া ।
(ii) মাত্ৰ এডালহে সমমিতি অক্ষ থকা দুটা আখৰৰ উদাহৰণ দিয়া ।
(iii) দুডাল সমমিতি অক্ষ থকা দুটা আখৰৰ উদাহৰণ দিয়া ।
(iv) এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি অক্ষডাল আনুভূমিক ( অৰ্থাৎ পথালিকৈ থাকে ) ।
(v) এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি অক্ষডাল উলম্ব ( অৰ্থাৎ থিয়কৈ থাকে ) ।
4. সত্য নে অসত্য লিখা ।
(i) বূত্তৰ দুডাল সমমিতি অক্ষ থাকে ।
(ii) এটা ত্ৰিভুজৰ এডালতকৈ বেছি সমমিতি অক্ষ থাকিলে ত্ৰিভুজটো সমবাহু হ’বই লাগিব ?
(iii) এটা সমকোণী ত্ৰিভুজৰ সৰ্বাধিক এডালহে সমমিতি অক্ষ থাকিব পাৰে ।
(iv) এডাল ৰেখাৰ সমমিতি অক্ষ নাথাকে ।
(v) যিকোনো ৰম্বাছ কৰ্ণ দুডাল সাপেক্ষে সমমিতি ।
Question Type By- Himadree Bora
Post ID: DABP001943