SEBA Class 11 Assamese Chapter 7 অসমৰ পুৰণি খেল-ধেমালি Short Answer | চমু প্ৰশ্ন উত্তৰ |

অসমৰ পুৰণি খেল-ধেমালি

অধ্যায় ৭

চমু প্ৰশ্ন উত্তৰঃ 

৯। চৰাইচোং কি?

উত্তৰঃ চৰাইচোং হৈছে ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল।

২। সুবোধ মল্লবৰুৱা দৈনিক কাকত ‘আজিৰ অসম’ আৰু ‘নতুন দৈনিক’ত উপ-সম্পাদক হিচাপে কোন চনত কাম কৰিছিল?

উত্তৰঃ ১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত ‘আজিৰ অসম’ আৰু ‘নতুন দৈনিক’ত উপ-সম্পাদক হিচাপে কোন চনত কাম কৰিছিল।

৩। সুবোধ মল্লবৰুৱাৰ গ্ৰন্থকেইখনৰ নাম কি কি?

উত্তৰঃ সুবোধ মল্লবৰুৱাৰ গ্ৰন্থকেইখনৰ নাম- ‘এথেন্সৰ পৰা শ্বিলঙলৈ’, ‘One More Six’, ‘বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল’, ‘জীৱন যৌৱন ক্ৰীড়াংগন’ আৰু ‘অসম ফুটবলৰ বৰ্ণিল যাত্ৰা’।

৪। ছু – চু কোন দেশৰ খেল?

উত্তৰঃ ছু-চু চীন দেশৰ খেল।

৫। কণী যুঁজ সম্পৰ্কে বিস্তৃত আলোচনা কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ কণী যুঁজ সম্পৰ্কে বিস্তৃত আলোচনা কৰা গ্ৰন্থখনৰ নাম- ‘বিহু আকৌ আহিল’।

১। সুবোধ মল্লবৰুৱা কিমান চনত জন্ম হয়?

উত্তৰঃ সুবোধ মল্লবৰুৱা ১৯৬৩ চনত জন্ম হয়।

৬। খেল-ধেমালিৰ বিষয়ে যতীন বৰুৱাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ খেল-ধেমালিৰ বিষয়ে যতীন বৰুৱাই ৰচনা কৰা গ্ৰন্থখনৰ নাম- ‘বিহু উৎসৱৰ খেলা ধূলা’।

৭। অসমৰ খেল-ধেমালি আৰু সংস্কৃতিৰ ওপৰত পৰাগধৰ চলিহাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ অসমৰ খেল-ধেমালি আৰু সংস্কৃতিৰ ওপৰত পৰাগধৰ চলিহাই ৰচনা কৰা গ্ৰন্থখনৰ নাম- Aspects of Assamese Culture .

৮। এছিয়া মহাদেশৰ প্ৰথম স্পৰ্টচ পেভিলিয়ন কোনটো?

উত্তৰঃ এছিয়া মহাদেশৰ প্ৰথম স্পৰ্টচ পেভিলিয়ন হৈছে- শিৱসাগৰৰ ৰংঘৰ।

১৭। ‘বিহু আকৌ আহিল’ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ‘বিহু আকৌ আহিল’ গ্ৰন্থখনৰ ৰচক – হেম বৰগোহাঞি।

১১। শিৱসাগৰৰ ৰংঘৰটো কোনে কাক বিক্ৰী কৰিছিল?

উত্তৰঃ  ইংৰাজসকলে ৰংঘৰটো ১৩০০ টকাত স্থানীয় লোক এজনৰ ওচৰত বিক্ৰী কৰিছিল।

১২। অসমত ক্ৰীয়াৰ ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ চুকাফাই অসমত আহোম সাম্ৰাজ্য স্থাপন কৰাৰ সময়ৰ পৰাই অসমত ক্ৰীড়াৰ ইতিহাস আৰম্ভ হয়। 

১৩। কণুৱা চৰাইৰ প্ৰিয় খাদ্য কি?

উত্তৰঃ কণুৱা চৰাইৰ প্ৰিয় খাদ্য় হৈছে- মাছ।

১৪। ঢেমনা খেল কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ ঢেমনা খেল শীতকালত অনুষ্ঠিত হয়।

১০। ম’হ যুঁজ কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ ম’হ যুঁজ মাঘ বিহুৰ সময়ত অনুষ্ঠিত হয়।

১৫। শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ গুচি যায়, তেন্তে শেন গৰাকীক কি কৰা হৈছিল?

উত্তৰঃ শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ গুচি যায়, তেন্তে শেন গৰাকীক বাঘ ঢুকাৰে শাস্তি দিয়া হৈছিল।

১৮। বিহু উৎসৱৰ খেলা-ধূলা’ গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ বিহু উৎসৱৰ খেলা-ধূলা’ গ্ৰন্থখনৰ লিখক যতীন বৰুৱা।

১৯। ৰংঘৰ কোনে নিৰ্মাণ কৰে?

উত্তৰঃ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই (১৭৭৬) চনত ৰংঘৰ নিৰ্মাণ কৰে।

২৬।  কথা গুৰুচৰিতত বিৱৰণ থকা দুইবিধ খেলৰ নাম লিখা।

উত্তৰঃ কথা গুৰুচৰিতত বিৱৰণ থকা দুইবিধ খেল হৈছে— ভটাগুটি আৰু বামবোল।

২০। শেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ শেন মেলাৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাক নিযুক্তি দিয়া হৈছিল।

২১। অসমৰ কোনবিধ খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত?

উত্তৰঃ অসমৰ হাউগুদু খেলবিধক ভাৰতৰ কৰ্ণাটকত ছেদুগুদু, কোলাত ৱণ্ডি কালি, পঞ্জাৱত জব্বৰ ঘানা হিচাপে জনা যায় ।

২২। অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি কেতিয়াৰপৰা হৈছিল?

উত্তৰঃ অসমৰ ইতিহাস গমি-পিতি চালে চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহোম ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি হোৱাৰ কথা ক’ব পাৰি।

১৬। সুবোধ মল্ল বৰুৱা কি কামৰ লগত জড়িত?

উত্তৰঃ ‘দৈনিক অসম’ কাকতত চিফ অৱ নিউজ ব্যুৰ হিচাপে কৰ্মৰত।

২৩। আহোম ৰজাঘৰৰ লগত খেলৰ গুৰুত্ব বা ৰীতি-নীতিৰ সম্পৰ্ক এটি উল্লেখ কৰা।

উত্তৰঃ আহোম যুগত কোনো ৰজাৰ অভিষেক হলে অথবা ৰাজপৰিয়ালত পুত্ৰ আদিৰ জন্ম হ’লে প্ৰায় এসপ্তাহ জুৰি বিভিন্ন খেলৰ আয়োজন কৰিছিল। ই বৰ্তমান ক্রীড়া সমাৰোহৰ লেখীয়া আছিল।

২৪। মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োৰে জনসাধাৰণৰ মাজত প্ৰচলিত খেলবোৰৰ নাম লিখা

উত্তৰঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য খেল জনসাধাৰণৰ মাজত প্ৰচলিত আছিল। সেই খেলসমূহৰ অন্যতম হ’ল – হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা-ভাকু, বুন্দিয়া হাউ, কড়ি খেল ইত্যাদি।

২৫। কোনবোৰ প্ৰাচীন গীতত ঘিলা খেলৰ বৰ্ণনা পোৱা যায়।

উত্তৰঃ ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ গীতসমূহত অসমৰ থলুৱা খেলসমূহৰ ভিতৰত অন্যতম জনপ্রিয় ঘিলা খেলৰ সুন্দৰ বৰ্ণনা আছে।

২৭। বর্তমানো প্রচলন থকা এবিধ প্রাচীন খেলৰ নাম লিখি ক’ত প্ৰচলন আছে উল্লেখ কৰা।

উত্তৰঃ থলুৱা খেলবোৰ লুপ্তপ্ৰায় যদিও দক্ষিণ কামুৰূপৰ কোনো কোনো অঞ্চলত ‘সুৱৰী’ উৎসৱত মালযুঁজ খেল এতিয়াও প্রচলিত আছে।

২৮।  ছোৱালীৰ মাজত আৱদ্ধ থকা এবিধ খেলৰ পৰিচয় দিয়া।উত্তৰঃ ‘ফুল ফুলতী’ খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ট সমাদৃত। এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান গুটি ৰাখি লাগে। আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছতো প্ৰতিজন অংশগ্রহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আকোতে কোনো প্রতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়। এইবিধ খেল লুপ্তপ্রায়।

৩৬। যাউতিযুগীয়া শব্দৰ অৰ্থ কি?

উত্তৰঃ যাউতিযুগীয়া শব্দৰ অৰ্থ হৈছে- যুগমীয়া, চিৰস্থায়ী।

২৯। সুস্থ শৰীৰে কিহৰ গঠন কৰে?

উত্তৰঃ সুস্থ শৰীৰে সুস্থ মন গঠন কৰে।

৩১। ক্ৰীড়া শব্দৰ অৰ্থ কি?

উত্তৰঃ ক্ৰীড়া শব্দৰ অৰ্থ হৈছে- খেলা। 

৩২। অভিনৱ শব্দৰ অৰ্থ কি?

উত্তৰঃ অভিনৱ শব্দৰ অৰ্থ হৈছে- নতুন।

৩৩। পৃষ্ঠপোষক শব্দৰ অৰ্থ কি?

উত্তৰঃ পৃষ্ঠপোষক শব্দৰ অৰ্থ হৈছে- হিতাকাঙক্ষী, সহায়ৰ হাত আগ বঢ়াওতা।

৩৪। বাঘঢকা শব্দৰ অৰ্থ কি?

উত্তৰঃ বাঘঢকা শব্দৰ অৰ্থ হৈছে- দুয়োহাত লগাই মৰা ডাঙৰ চাপৰ, পিঠিত গাৰ বলেৰে মৰা ঢকা।

৩৫। আৰ্চাৰী শব্দৰ অৰ্থ কি?

উত্তৰঃ আৰ্চাৰী শব্দৰ অৰ্থ হৈছে- কাঁড় খেল।

৩০। একোটা জাতিৰ অমূল্য সম্পদটো কি?

উত্তৰঃ সুস্থ শৰীৰেই হৈছে একোটা জাতিৰ অমূল্য সম্পদ।

Author: Pompi Hazarika

Post ID: DABP005865