SEBA Class 12 Assamese Chapter 1 মোৰ মাতৃমুখ দৰ্শন Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মোৰ মাতৃমুখ দৰ্শন

অধ্য়ায়-১

১। সাহিত্য়ৰথী সক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ সাহিত্য়ৰথী সক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত।

২। কাক আধুনিক অসমীয়া সাহিত্য়ৰ কাণ্ডাৰী বুলি কোৱা হয় ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্য়ৰ কাণ্ডাৰী বুলি কোৱা হয়।

৩। শিৱসাৰ চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে তলকাতালৈ যায়?

উত্তৰঃ শিৱসাৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে তলকাতালৈ যায়।

৪। লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহ সম্পন্ন হয়?

উত্তৰঃ বংগৰ বিখ্য়াত ঠাকুৰ পৰিয়ালৰ কন্য়া প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম লিখা?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম হ’ল- নোমল আৰু চিকৰপতি-নিকৰপতি।

৬। সক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী’ৰ জৰিয়তে অসমীয়া সাহিত্য়লৈ কি প্ৰবাহিত হয়?

উত্তৰঃ সক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী’ৰ জৰিয়তে অসমীয়া সাহিত্য়লৈ ৰমন্য়াসৰ ধল প্ৰবাহিত হয়।

৭। কিমান চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য় সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য় সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল।

৮। বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম কেইটা থণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে?

উত্তৰঃ বেজবৰুৱাই সাতটা খণ্ডত ৰচনা কৰা ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম তিনিটা থণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে।

৯। ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ কি ঘটিল?

উত্তৰঃ ডেৰকুৰি কি দুকুৰি বছৰৰ মূৰত এইবাৰ মাতৃমুখ দৰ্শন ঘটিল।

১০। পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী কোনটো খণ্ডৰ পৰা লোৱা হৈছে?

উত্তৰঃ পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা লোৱা হৈছে।

১১। ইমান বছৰ তেওঁ জীৱনটো বাহিৰে বাহিৰে কটায়েই কি কৰিলে?

উত্তৰঃ ইমান বছৰ তেওঁ জীৱনটো বাহিৰে বাহিৰে কটায়েই বুঢ়া কৰিলে।

১২। পানীমে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি।। এই কথা সাৰি কোনে কৈছিল?

উত্তৰঃ পানীমে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি।। এই কথা সাৰি মহাত্মা কবীৰে কৈছিল।

১৩। সন্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ’বলৈ কিয়  নাপায়?

উত্তৰঃ সন্নিপাতে পোৱা দুটা প্ৰাণীয়ে নৈখনৰ ইপাৰে এটা আৰু সিপাৰে আনটো থাকি একেলগ হ’বলৈ নাপায়, কাৰণ ওৰেৰাতি চিঞৰি কান্দি মৰে।

১৪। ভিজিট শব্দ অৰ্থ কি?

উত্তৰঃ ভিজিট শব্দ অৰ্থ হ’ল- ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰক দিবলগীয়া মাননি।

১৫। ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী সহধৰ্মিণী আৰু সৰুটি কন্য়া।

১৬। লেকেটিয়া নৰিয়া শব্দ অৰ্থ কি?

উত্তৰঃ দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ,শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ।

১৭। কিমান চনত মাতৃভূমি অসমলৈ উভতি আহে?

উত্তৰঃ ১৯৩০ চনত মাতৃভূমি অসমলৈ উভতি আহে।

১৮। দ্বিৰা-গমন শব্দ অৰ্থ কি?

উত্তৰঃ দ্বিৰা-গমন শব্দ অৰ্থ হ’ল- বিয়াৰ পিছত কন্য়াৰ দ্বিতীয়বাৰ স্বামীৰ ঘৰলৈ যোৱা সংস্কাৰ।

১৯। কেতাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ কেতাৰিখে পুৱা ন মান বজাত ডিবুৰুগড় পালেগৈ?

উত্তৰঃ ২৩ তাৰিখে গুৱাহাটী এৰি ডিবুৰুমুৱা হৈ ২৮ তাৰিখে পুৱা ন মান বজাত ডিবুৰুগড় পালেগৈ।

২০। জকা শব্দ অৰ্থ কি?

উত্তৰঃ জকা শব্দ অৰ্থ হ’ল- পিতল আদিৰ বৰ ডাঙৰ টৌ।

Type By- Mayur Rani Kashyap 

Post ID: DABP005509