Class 12 Assamese Chapter 11 Short Question Answer | Class 12 Assamese Chapter 11 মিলন Short Answer |

১। নলিনীবাল দেৱীক কি কবিৰূপে জনা যায় ?

উত্তৰ : নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায় ।

২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰ ঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল : ‘এৰি অহা দিনবোৰ’।

৩। ‘জাগৃতি’ কাব্যগ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?

উত্তৰ : নলিনীবালা দেৱীৰ ‘জাগৃতি’ কাব্যগ্ৰন্থখনৰ মাজেদি ৰহস্যবাদী ভাব আৰু ভগবৎ-প্ৰীতিৰ মনোভাব প্ৰকাশ পাইছে।

৪। ‘মিলন’কবিতাটিত কবিয়ে তোমাৰ’ বুলি কাক বুজাইছে?

উত্তৰ : ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি সৃষ্টিকৰ্তা ভগৱানক বুজাইছে।

৫। নলিনীবাল দেৱীয়ে কোনখন কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰ : নলিনীবালা দেৱীয়ে ‘অলকানন্দা’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।

৬। নলিনীবালা দেৱীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে ?

উত্তৰ: ১৯৬৮ চনত।

৭। সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমৰ মহিলা কবি কোন?

উত্তৰ : নলিনীবালা দেবী।

৮। নলিনীবালা দেৱী কোন চনত, কোন স্থানত বহা অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰ : ১৯৫৪ চন, যোৰহাটত বহা অসম সাহিত্য সভা অধিবেশনত ।

৯। নলিনীবালা দেৱীক ভাৰত চৰকাৰে কি উপাধিৰে বিভূষিত কৰিছিল ?

উত্তৰ : পদ্মশ্ৰী ।

১০। ‘মিলন’ কবিতাটি নলিনীবালা দেৱীৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত ?

উত্তৰ : সন্ধিয়াৰ সুৰ ।

১১। নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰকাশিত হোৱা কাব্য সংকলন দুখনৰ নাম কি ?

উত্তৰঃ ‘যুগ দেৱতা’ আৰু ‘জাগৃতি’।

১২। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ প্ৰতিধ্বনি থকা কাব্য সংকলন দুখনৰ নাম কি ?

উত্তৰ : ‘সন্ধিয়াৰ সুৰ’ আৰু ‘পৰশমণি’।

১৩। নলিনীবালা দেৱীৰ পিতৃৰ নাম কি ?

‘উত্তৰ : কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ।

খ) চমু প্রশ্ন

১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনী গ্ৰন্থৰ নাম লিখা। উত্তৰ : নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্রন্থ হ’ল – ‘স্মৃতিতীৰ্থ’ আৰু ‘বিশ্বদীপা’।

২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে ?

উত্তৰ : কবিয়ে সপোনে -দিঠকে পৰমজনৰ অস্তিত্বক হৃদয়ৰ মাজত অনুভৱ কৰে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিৰ আৰাধ্য দেৱতাজনে তেওঁক দেখা দিয়ে। অর্থাৎ পৰমজনৰ অস্তিত্ব কবিয়ে ভিন ভিন ৰূপত অনুভৱ কৰে ৷

৩। কবিয়ে আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা কৈছে?

উত্তৰ ঃ কবিয়ে ‘আছা বুলি মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য দেৱতা পৰম ঈশ্বৰৰ কথা কৈছে। অর্থাৎ কবিয়ে নিজৰ হৃদয়ত পৰম ঈশ্বকৰক সকলো সময়তে অনুভৱ কৰি থাকে ।

৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতি পুৱা কবিক দেখা দিয়েছি?

উত্তৰ : কবিয়ে ভাবে যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ মাজেদিয়ে পৰম ঈশ্বৰৰ অস্তিত্ব প্রকাশ পাই আছে। সেয়ে কবিৰ মতে ৰাতি পুৱা নিয়ৰৰ মালা গাঁথি পৰম ঈশ্বৰেই তেওঁক দেখা দিয়ে।

৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায় ?

উত্তৰ : ভাগৰুৱা হৈ টোপনিৰ কোলত থাকিলে কবিয়ে পৰম ঈশ্বৰকেই দেখা পায়। অর্থাৎ কবিৰ মতে ঈশ্বৰ সর্বব্যাপী।

(গ) দীঘল প্রশ্ন

১। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্ৰকাশ পাইছে? তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা ।

উত্তৰ : নলিনীবালা দেৱী অতীন্দ্ৰিয় ৰহস্যবাদী কবি অতীন্দ্রিয় কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভব কৰাৰ দৰে কবি নলিনীবালা দেবীয়েও আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে।

নলিনীবালা দেৱীৰ ‘মিলন’ নামৰ কবিতাটিৰ মাজেদি এই ভাবটোৱে প্ৰতিধ্বনিত হৈছে কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে ৷

কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে।

২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে, আলোচনা কৰা ।

উত্তৰ : ‘মিলন’ নামৰ কবিতাটিত কবিয়ে পৰমশ্বেৰৰ লগত নিজৰ আত্মাৰ মিলন হোৱাৰ কথা বুজাব বিচাৰিছে। কবিয়ে সপোনে-দিঠকে পৰমজনৰ অত্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে ৷ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে অৰ্থাৎ ঈশ্বৰ আত্মাৰ লগত নিজৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে ।

৩। কবিয়ে পৰম আৰাধ্যজনক কত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।

উত্তৰ ঃ কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্ব নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুষমাই কবি ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে । ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন দেখা পায় বুলি কৈছে।

৪। ‘কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন’ কি বুজাইছে ব্যাখ্যা কৰা ।

উত্তৰ: কবিয়ে ‘মিলন’ নামৰ কবিতাটিত ঈশ্বৰৰ লগত নিজৰ আত্মাৰ অনন্ত মিলন হোৱা বুলি ক’ব বিচাৰিছে।

নিশাৰ জোনকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্রীতিৰ ধাৰণাক সজীৱ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ৰূপত দেখা পায় বুলি কৈছে অর্থাৎ কবিয়ে ঈশ্বৰ আত্মাৰ লগত নিজৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে।

৫। কবিতাটিৰ মজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ আলোচনা কৰা ।

নলিনীবালা দেৱী অতীন্দ্ৰিয় ৰহাস্যবাদী অর্থাৎ আধ্যাত্মিক ভাবধাৰাৰ কবি। অতীন্দ্ৰিয় কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভব কৰাৰ দৰে কবি নলিনীবালা দেবীয়েও আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে।

নলিনীবালা দেৱীৰ ‘মিলন’ নামৰ কবিতাটিৰ মাজেদি এই ভাবটোৱে প্ৰতিধ্বনিত হৈছে। কবিয়ে সপোন-দিঠকে পৰমজনৰ অত্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে। কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে।

এনেদৰে কবিয়ে ‘মিলন’ নামৰ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি ব্যক্ত কৰিছে।

Type By Suman Bora