Class 7 Assamese Book | Chapter 2 | অধ্যায় ২ | কালিকা লগা পাট-কাপোৰ | MCQs Short Question Answer |

Chapter 2

কালিকা লগা পাট-কাপোৰ

১। চহকী মানুহজন কোন দেশৰ আছিল?

a) চীন দেশৰ

b) বাংলাদেশৰ

c) আচিক দেশৰ

উত্তৰঃ c) আচিক দেশৰ

২।  আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন হয়?

a) নাতি

b) লৰা

c) ছোৱালী

উত্তৰঃ c) ছোৱালী

৩। বনকৰা শব্দৰ অৰ্থ কি?

a) কাম কৰা মানুহ

b) বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা

৪। ছোৱালীজনীয়ে ওচৰৰ জান এটাত কি পাতি মাছ ধৰিবলৈ গৈছিল?

a) চেপা(খোকা)

b) জাল

c) খালৈ

উত্তৰঃ a) চেপা(খোকা)

৫। চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল?

a) এজন দেখনিয়া ডেকাৰ লগত

b) এজন বুঢ়াৰ লগত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) এজন দেখনিয়া ডেকাৰ লগত

৬। চহকী মানুহজন  আৰু তেওঁৰ ঘৈণীয়েক ঢুকুৱাৰ পিছত ঘৰৰ গৰাকী কোন হ’ল?

a) জীয়েক আৰু জোৱায়েক

b) পুতেক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) জীয়েক আৰু জোৱায়েক

৭। চহকী মানুহজনে জীয়েকক আন আন সম্পত্তিৰ লগতে আৰু কি দিছিল?

a) এডাল সোণৰ চেইন

b) এখন কালিকা লগা বনকৰা পাট-কাপোৰ

c) এজনী গৰু

উত্তৰঃ b) এখন কালিকা লগা বনকৰা পাট-কাপোৰ

৮। এদিন ছোৱালীজনীয়ে মাছ ধৰিবলৈ যাওঁতে কি হ’ল?

a) ধাৰাসাৰে বৰষুণ আহিল আৰু শিল বৰষুণ হ’ল

b) সিহঁতৰ ঘৰলৈ আলহী আহিল

c) সিহঁতৰ গৰু জনী চোৰে নিলে

উত্তৰঃ a) ধাৰাসাৰে বৰষুণ আহিল আৰু শিল বৰষুণ হ’ল

৯। ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

a) ওচৰৰ মানুহ এঘৰলৈ গৈছিল

b) মাছ ধৰিবলৈ গৈছিল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মাছ ধৰিবলৈ গৈছিল

১০। মাছ ধৰিবলৈ গৈছিল

a) চলি থকা

b) চলি নথকা

c) গৈ থকা

উত্তৰঃ a) চলি থকা

১১। আচিক দেশৰ লোকসকল কি জাতিৰ আছিল?

a) অসমীয়া

b) মাতৃ প্ৰধান

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মাতৃ প্ৰধান

১২। কালিকা লগা বনকৰা পাট-কাপোৰ খনৰ কি গুণ আছিল?

a) এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে তেওঁ চৰাই হৈ পৰিব

b) কাপোৰ খনত কোনোবাই হাত দিলে তেওঁ সোণৰ মানুহ হৈ পৰিব

c) কাপোৰ খনত কোনোবাই হাত দিলে তেওঁ নাইকিয়া হৈ যাব

উত্তৰঃ a) এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে তেওঁ চৰাই হৈ পৰিব

১৩। কাপোৰ চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

a) এজন সোণৰ মানুহলৈ

b) নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ

c) তেওঁ নাইকিয়া হৈ গ’ল

উত্তৰঃ b) নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ

১৪। ম’ৰা চৰাই আমাৰ ভাৰতবৰ্ষৰ কি?

a) ভাৰতীয় চৰাই

b) ৰাষ্ট্ৰীয় চৰাই

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ৰাষ্ট্ৰীয় চৰাই

১৫। আমাৰ অসমত মাছ মৰা  সঁজুলিবোৰ বেছিভাগ কিহেৰে নিৰ্মিত?

a) বাঁহেৰে

b) কাঠেৰে

c) লোহাৰে

উত্তৰঃ a) বাঁহেৰে

১৬। মাছ থ’বলৈ ব্যৱহৃত সঁজুলিবিধৰ নাম কি?

a) পল

b) খালৈ

c) বৰশী

উত্তৰঃ b) খালৈ

১৭। জাকৈৰে কি কৰা হয়?

a) মাছ ধৰা হয়

b) কাপোৰ বোৱা হয়

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মাছ ধৰা হয়

১৮। দেখনিয়া শব্দৰ অৰ্থ কি?

a) দেখা

b) নেদেখা

c) দেখিবলৈ ধুনীয়া

উত্তৰঃ c) দেখিবলৈ ধুনীয়া

১৯। অসমাপিকা ক্ৰিয়া কাক বোলে?

a) যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব নোৱাৰে

b) যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) যি ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব নোৱাৰে

২০। এবিধ মাছ মৰা সঁজুলিৰ নাম কি?

a) যতঁৰ

b) পলৌ

c) ঢেঁকী

উত্তৰঃ b) পলৌ