মধ্য প্ৰত্নপ্ৰস্তৰ যুগ কি ?

উত্তৰঃ মধ্য প্রত্নপ্রস্তৰ যুগটো হ’ল প্ৰত্নপ্ৰস্তৰ যুগৰ দ্বিতীয়টো উপবিভাগ। এই যুগৰ ব্যাপ্তিকালক লৈ প্ৰচুৰ মতভেদ আছে। সাধাৰণভাৱে ইয়াৰ ব্যাপ্তিকাল আজিৰ পৰা ২০,০০,০০০ৰ পৰা ৪৫,০০০ বছৰলৈ বুলি ধৰা হয়। এই যুগটোক বহলভাৱে নিয়েণ্ডাৰথাল মানৱৰ যুগ বুলি অভিহিত কৰিব পাৰি যদিও প্রাক্ নিয়েণ্ডাৰথালসকলো এই যুগৰ অংশীদাৰ। নিয়েণ্ডাৰথালসকলৰ অৱলুপ্তিৰ লগে লগে মধ্য প্রত্নপ্ৰস্তৰ যুগৰো অন্ত পৰিল বুলি ধৰা হয়।

মধ্য প্রত্নপ্ৰস্তৰ যুগটো হ’ল বিভিন্ন ধৰণৰ চটীয়া শিলৰ সঁজুলিৰ সময় আৰু এই শিলৰ চটাবোৰ বিশেষ প্রযুক্তিৰে তৈয়াৰ কৰা হয়। মধ্য প্ৰত্নপ্রস্তৰ যুগৰ বিভিন্ন সাংস্কৃতিক অৱশেষ ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া আৰু আফ্ৰিকাত পোৱা গৈছে।