Class 8 Assamese Chapter 14 MCQs । সংস্কৃতি আৰু আমাৰ জীৱন ।

সংস্কৃতি আৰু আমাৰ জীৱন

Chapter 14

১। সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন ?

(ক) পৃথিৱীৰ

(খ) ভাৰতৰ

(গ) সমাজৰ

উত্তৰঃ- (গ) সমাজৰ

২। সমাজ কিহৰ দ্বাৰা গঠিত হয় ?

(ক) জন্তুৰ দ্বাৰা

(খ) মানুহৰ দ্বাৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) মানুহৰ দ্বাৰা

৩। একোখন সমাজত বসবাস কৰা মানুহে কৰা অচৰণেই সেইখন সমাজৰ কি ?

(ক) মানুহ

(খ) সংস্কৃতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) সংস্কৃতি

৪। সংস্কৃতিৰ অন্যতম উপাদান কি ?

(ক) মানুহ

(খ) সংস্কৃতি

(গ) আচাৰ-অচৰণ

উত্তৰঃ- (গ) আচাৰ-অচৰণ

৫। কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয় ?

(ক) ফুল

(খ) সংস্কৃতিৰ শইচ্

(গ) ফল

উত্তৰঃ- (খ) সংস্কৃতিৰ শইচ্

৬। সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে ?

(ক) বেয়া কাম

(খ) সুচিন্তাৰ আৰু ভাল কাম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) সুচিন্তাৰ আৰু ভাল কাম

৭। সংস্কৃতিৰ ৰূপ দুটা কি কি ?

(ক) বাহ্যিক ৰূপ

(খ) আভ্যন্তৰীণ ৰূপ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

৮। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি ?

(ক) ফুল

(খ) ফল

(গ) বিনন্দীয়া প্ৰকৃতি

উত্তৰঃ- (গ) বিনন্দীয়া প্ৰকৃতি

৯। কৃষ্টিৰ আধাৰ কি ?

(ক) কৃষি

(খ) নাচ

(গ) গান

উত্তৰঃ- (ক) কৃষি

১০। দখনা কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?

(ক) নেপালী

(খ) বড়োৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) বড়োৰ

১১। চৌবন্দী কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?

(ক) নেপালী

(খ) বড়োৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) নেপালী

১২। কৃষি আৰু কৃষ্টিয়েই হ’য় সকলো ধৰণৰ কিহৰ উৎস ?

(ক) পৃথিৱীৰ

(খ) ভাৰতৰ

(গ) সৃষ্টিৰ

উত্তৰঃ- (গ) সৃষ্টিৰ

১৩। সংস্কৃতি হ’ল আমাৰ জীৱন-যাত্ৰাৰ কিহৰ সংগী ?

(ক) সক্ষমৰ

(খ) অক্ষমৰ

(গ) ঐশ্বযময়

উত্তৰঃ- (গ) ঐশ্বযময়

১৪। কৃষিকৰ্মক কি কৰি গঢ়ি উঠা সমাজ-ব্যৱস্থাই হৈছে কৃষিভিত্তক সমাজ  ?

(ক) কেন্দ্ৰ

(খ) অকেন্দ্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) কেন্দ্ৰ

১৫। বিনন্দীয়া শব্দৰ অৰ্থ কি ?

(ক) আনন্দময়

(খ) অতিশয় শুৱনি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

১৬। সংস্কৃতি শব্দৰ অৰ্থ কি ?

(ক) সভ্যতা

(খ) অসভ্যতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) সভ্যতা

১৭। সমাধি শব্দৰ অৰ্থ কি ?

(ক) মগ্ন

(খ) ধ্যান

(গ) অমগ্ন

উত্তৰঃ- (খ) ধ্যান

১৮। ক্ষুধায়ে শব্দৰ অৰ্থ  কি ?

(ক) পানী পিয়াহ লগা

(খ) ভোকত থকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) ভোকত থকা

১৯। পটভূমি শব্দৰ অৰ্থ কি ?

(ক) মূল চিত্ৰৰ লগত অঁকা পৰিৱেশ

(খ) চিত্ৰৰ পিছফালে পৰিকল্পিত থকা অংশ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

২০। নিৰ্গত শব্দৰ অৰ্থ কি ?

(ক) বাহিৰ হোৱা

(খ) ভিতৰ হোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) বাহিৰ হোৱা