Class 8 General Science Chapter 12 MCQs । ঘৰ্ষণ।

ঘৰ্ষণ

Chapter 12

১. যদি ঘৰ্ষণ বল বাঁওফাললৈ প্ৰয়োগ কৰা হয় তেন্তে ঘৰ্ষণ বলে কোনফাললৈ ক্ৰিয়া কৰে ?

(ক) বাঁওফাললৈ

(খ) সোঁফাললৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) সোঁফাললৈ

২. স্প্ৰিং তুলা কি ?

(ক) বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান জোখা সঁজুলি

(খ) সঁজুলি

(গ) এটাও নহয়

উত্তৰঃ (ক) বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান জোখা সঁজুলি

৩. পৃষ্ঠ দুখন খাপ খাই লাগি ধৰাৰ ফলত _________ সৃষ্টি হয় ।

(ক) আপদৰ

(খ) স্পৰ্শৰ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৪. ঘৰ্ষণে ________ উৎপন্নও কৰিব পাৰে ।

(ক) চাপ

(খ) তাপ

(গ) এটাও নহয়

উত্তৰঃ (খ) তাপ

৫. গেছীয় আৰু জুলীয়া পদাৰ্থক কি বুলি কোৱা হয় ?

(ক) তৰল পদাৰ্থ

(খ) টনা বল

(গ) এটাও নহয়

উত্তৰঃ (ক) তৰল পদাৰ্থ

৬. তৰল পদাৰ্থই প্ৰয়োগ কৰা ঘৰ্ষণ বলক কি বুলি কোৱা হয় ?

(ক) তৰল পদাৰ্থ

(খ) টনা বল

(গ) এটাও নহয়

উত্তৰঃ (খ) টনা বল

৭. সংস্পৰ্শত থকা পৃষ্ঠ দুখন কাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল ?

(ক) প্ৰকৃতিৰ

(খ) মানুহৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰকৃতিৰ

৮. কাৰ মান পিছল ঘৰ্ষণতকৈ কম ?

(ক) ঘূৰ্ণি ঘৰ্ষণৰ

(খ) স্থিতি ঘৰ্ষণৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ঘূৰ্ণি ঘৰ্ষণৰ

৯. এখন পৃষ্ঠ _________ কৰি ঘৰ্ষণ বঢ়াব পাৰি ।

(ক) প্ৰদান

(খ) খহটা

(গ) এটাও নহয়

উত্তৰঃ (খ) খহটা

১০. কেতিয়াবা ঘৰ্ষণ ___________ ।

(ক) অবাঞ্ছনীয়

(খ) বাঞ্ছনীয়

(গ) এটাও নহয়

উত্তৰঃ (ক) অবাঞ্ছনীয়

১১. ঘৰ্ষণ কমোৱা পদাৰ্থক কি বোলা হয় ?

(ক) মিক্সাৰ

(খ) ‘পিচ্ছিলক’ বা লুব্ৰিকেণ্ট

(গ) এটাও নহয়

উত্তৰঃ (খ) ‘পিচ্ছিলক’ বা লুব্ৰিকেণ্ট

১২. স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান _________ ।

(ক) বেছি

(খ) কম

(গ) এটাও নহয়

উত্তৰঃ (খ) কম

১৩. ঘৰ্ষণ আমাৰ বাবে এবিধ _________ ।

(ক) আপদ

(খ) সুবিধাজনক দ্ৰব্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) আপদ

১৪. চাইকেল, মটৰ-গাড়ী আদিত কেনেকৈ ঘৰ্ষণ বৃদ্ধি কৰিব পাৰি ?

(ক) ব্ৰেক ব্য়ৱহাৰ কৰাৰ ফলত

(খ) লুব্ৰিকেণ্ট ব্য়ৱহাৰ কৰাৰ ফলত

(গ) এটাও নহয়

উত্তৰঃ (ক) ব্ৰেক ব্য়ৱহাৰ কৰাৰ ফলত

১৫. যেতিয়া বস্তু এটা কোনো পৃষ্ঠৰ ওপৰেৰে বাগৰি যায়, তেতিয়া ইয়াৰ গতিৰ বিপৰীতে সৃষ্টি হোৱা বাধাক কি বোলে ?

(ক) পিছল ঘৰ্ষণ

(খ) ঘূৰ্ণি ঘৰ্ষণ

(গ) এটাও নহয়

উত্তৰঃ (খ) ঘূৰ্ণি ঘৰ্ষণ

১৬. এখন পৃষ্ঠ খহতা কৰি ___________ বঢ়াব পাৰি ।

(ক) ঘৰ্ষণ

(খ) স্থিতি

(গ) এটাও নহয়

উত্তৰঃ (ক) ঘৰ্ষণ

১৭. বহুতো মেচিনত বল ___________ ব্য়ৱহাৰ কৰি ঘৰ্ষণ কমোৱা হয় ।

(ক) পিছলকৈ

(খ) বিয়েৰিং

(গ) এটাও নহয়

উত্তৰঃ (খ) বিয়েৰিং

১৮. যিহেতু ঘূৰ্ণি ঘৰ্ষণ, পিছল ঘৰ্ষণতকৈ ________ ।

(ক) মধ্য়মীয়া

(খ) বেছি

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৯. _______ আৰু _________ অনবৰতে তৰল পদাৰ্থৰ মাজেৰে যাব লগা হয় । 

(ক) চৰাই আৰু উৰাজাহাজ

(খ) চৰাই আৰু মাছে

(গ) এটাও নহয়

উত্তৰঃ (খ) চৰাই আৰু মাছে

২০. ঘৰ্ষণ শব্দৰ ইংৰাজী শব্দ কি ?

(ক) Drag

(খ) Friction

(গ) bearing

উত্তৰঃ (খ) Friction