Class 8 General Science Chapter 9 MCQs । প্ৰাণীৰ প্ৰজনন ।

প্ৰাণীৰ প্ৰজনন

Chapter 9

১. উদ্ভিদৰ দৰে, প্ৰাণীৰো প্ৰজনন অংগই জননকোষ উৎপন্ন ?  

(ক) নকৰে

(খ) কৰে

(গ) ওপত দিয়া এটাও নহয়

উত্তৰঃ (খ) কৰে

২. পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ দ্বাৰা হোৱা এনে ধৰণৰ প্ৰজননক কি বোলে ?

(ক) অযৌন প্ৰজনন

(খ) যৌন প্ৰজনন

(গ) এটাও নহয়

উত্তৰঃ (খ) যৌন প্ৰজনন

৩. অণ্ডকোষে লাখ লাখ কি উৎপন্ন কৰে ?

(ক) ডিম্বক

(খ) শুক্ৰাণু

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (খ) শুক্ৰাণু

৪. ডিম্বাণু আৰু শুক্ৰাণুৃৰ মিলনক কি বুলি কোৱা হয় ?

(ক) নিষিক্ত

(খ) বহিঃ নিষেচন

(গ) নিষেচন

উত্তৰঃ (গ) নিষেচন

৫. মতা  আৰু মাইকী ভেকুলীয়ে পানীত একেলগ হয়, তেতিয়া মাইকীজনীয়ে শ শ কণী ?

(ক) পাৰে

(খ) নাপাৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) পাৰে

৬. এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) ওপৰ দিয়া এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ

৭. কিহৰ লগত অন্তঃনিষেচন ঘটে ?

(ক) স্ত্ৰীৰ দেহৰ বাহিৰত

(খ) পুৰুষৰ দেহত

(গ) স্ত্ৰীৰ দেহত

উত্তৰঃ (গ) স্ত্ৰীৰ দেহত

৮. মাছ, তৰামাছ ইত্যাদিৰ দৰে জলচৰ প্ৰাণীৰ ক্ষেত্ৰত এইধৰণৰ নিষেচন দেখা পোৱা ?

(ক) যায়

(খ) নাযায়

(গ) এটাও নহয়

উত্তৰঃ (ক) যায়

৯. কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ কৰে। এই বৃদ্ধি হৈ থকা অংশটোক কি বুলি কয় ?

(ক) অশুকোষ

(খ) ভ্ৰূণ

(গ) শুক্ৰাণু

উত্তৰঃ (খ) ভ্ৰূণ

১০. হাইড্ৰাৰ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয় সেয়েহে এইধৰণৰ অযৌন প্ৰজননক কি বোলে ?

(ক) মুকুলন

(খ) মুকুল

(গ) ডিম্বজ

উত্তৰঃ (ক) মুকুলন

১১. হাইড্ৰাৰ মুকুলৰ পৰাও একক পিতৃ-মাতৃ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়। একক পিতৃ-মাতৃৰ পৰা হোৱা এইধৰণৰ প্ৰজননক কি বোলে ?

(ক) যৌন প্ৰজনন

(খ) মুকুলন

(গ) অযৌন প্ৰজনন

উত্তৰঃ (গ) অযৌন প্ৰজনন

১২. স্ত্ৰীদেহৰ ভিতৰত হোৱা নিষেচনক  কি বোলে ?

(ক) বহিঃ নিষেচন

(খ) অন্তঃনিষেচন

(গ) নিষিক্ত

উত্তৰঃ (খ) অন্তঃনিষেচন

১৩. ডিম্বজ প্ৰাণীয়ে পোৱালি জগায় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

১৪. এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয় ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ

১৫. এটা যোজনকোষত কোষ কেন্দ্ৰৰ সংখ্যা

(ক) নাথাকে

(খ) এটা

(গ) চাৰিটা

উত্তৰঃ (খ) এটা

১৬. নিষেচনৰ ফলত এটি যোজন কোষ গঠন হয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰ এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৭. ভেকুলীৰ বহিঃনিষেচন হয় ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) শুদ্ধ

১৮. এমিবাই নিজে নিজে দুটালৈ বিভক্ত হৈ প্ৰজনন ঘটায়। এইধৰণৰ অযৌন প্ৰজননক  কি বোলে ?

(ক) ডিম্বাণু

(ক) বিভাজন

(গ) দ্বৈত বিভাজন

উত্তৰঃ (গ) দ্বৈত বিভাজন

১৯. লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল ?  

(ক) নিষেচন

(খ) ৰূপান্তৰ

(গ) মুকুলন

উত্তৰঃ (খ) ৰূপান্তৰ

২০. নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ