Class 8 Social Science Chapter 7 MCQs । অসমৰ নদ-নদী।

অসমৰ নদ-নদী

Chapter 7

১. ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহানালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিল’মিটাৰ ?

(ক) ৩,৮৭০ কিল’মিটাৰ

(খ) ২,৬০৯ কিল’মিটাৰ

(গ) ২,৯০৬ কিল’মিটাৰ

উত্তৰঃ (গ) ২,৯০৬ কিল’মিটাৰ

২. বৰ্তমান মাটিকালি প্ৰায় কিমান বৰ্গ  কিল’মিটাৰ ?

(ক) ৫১৪ বৰ্গ কিল’মিটাৰ

(খ) ৫২৩ বৰ্গ কিল’মিটাৰ

(গ) ৭৬৫ বৰ্গ কিল’মিটাৰ

উত্তৰঃ (ক) ৫১৪ বৰ্গ কিল’মিটাৰ

৩. কিমান চনৰ ভূমিকম্পৰ পাছত হোৱা গৰাখহনীয়া আৰু অৱক্ষেপণে ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু  প্লাৱনভূমিত পৰিৱৰ্তন সাধন কৰে?

(ক) ১৯৮৬ চনত

(খ) ১৯৫০ চনত

(গ) ১৫৬৯ চনত

উত্তৰঃ (খ) ১৯৫০ চনত

৪. বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান কিল’মিটাৰ ?  

(ক) ৫৬৯ কিল’মিটাৰ

(খ) ৮৮৪ কিল’মিটাৰ

(গ) ৪৫০ কিল’মিটাৰ

উত্তৰঃ (গ) ৪৫০ কিল’মিটাৰ

৫. বৰাক নৈৰ প্ৰায় কিমান কিল’মিটাৰ দীঘল ?

(ক) ৮৯০ কিল’মিটাৰ দীঘল

(খ) ৯০০ কিল’মিটাৰ দীঘল

(গ) ৬৭৮ কিল’মিটাৰ দীঘল

উত্তৰঃ (খ) ৯০০ কিল’মিটাৰ দীঘল

৬. বৰাক নৈৰ অসম অংশত প্ৰায় কিমান খন উপনৈ আছে ?

(ক) ৩৩ খন

(খ) ৩৪ খন

(গ) ২৭ খন

উত্তৰঃ (গ) ২৭ খন

৭. ব্ৰহ্মপুত্ৰ নৈৰ অসমত অংশত প্ৰায় কিমান খন উপনৈ আছে ?

(ক) ৯০ খন

(খ) ৩০ খন

(গ) ৩৪ খন

উত্তৰঃ (ক) ৯০ খন

৮. উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় কিমান কিল’মিটাৰ দূৰত্ব বৈ আহিছে ?

(ক) ২,৭৬৫ কিল’মিটাৰ

(খ) ১,৭০০ কিল’মিটাৰ

(গ) ১,৯০০ কিল’মিটাৰ

উত্তৰঃ (খ) ১,৭০০ কিল’মিটাৰ

৯. নৈৰ খনন আৰু অৱক্ষেপন কাৰ্যৰ ফলস্বৰূপে শাখা নৈসূহৰ গতিপথ সঘনে পৰিৱৰ্তন হৈ ?

(ক) থাকে

(খ) নাথাকে

(গ) এটাও নহয়

উত্তৰঃ (ক) থাকে

১০. নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি ?

(ক) নকৰে

(খ) কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কৰে

১১ অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ ?

(ক) কম

(খ) বেছি

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) কম

১২. অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় কিমান কিল’মিটাৰ ?

(ক) ৭৫৬ কিল’মিটাৰ

(খ) ৮৭৬ কিল’মিটাৰ

(গ) ৬৪০ কিল’মিটাৰ

উত্তৰঃ (গ) ৬৪০ কিল’মিটাৰ

১৩. শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিল’মিটাৰত গড়ে মাত্ৰ কিমান চেণ্টিমিটাৰ ?

(ক) ১৩-১৭ চেণ্টিমিটাৰ

(খ) ১৩-১৪ চেণ্টিমিটাৰ

(গ) ২৫-১৫ চেণ্টিমিটাৰ

উত্তৰঃ (খ) ১৩-১৪ চেণ্টিমিটাৰ

১৪. সমভূমি অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ নদীতল আৰু দাঁতিকাষৰীয়া  ঠাইবোৰত এই গেদ জমা ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (ক) হয়

১৫. উচ্চগতি  অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?

(ক) ইংৰাজী S আকৃতি দৰে

(খ) ইংৰাজী U আকৃতি দৰে

(গ) ইংৰাজী V আকৃতি দৰে

উত্তৰঃ (গ) ইংৰাজী V আকৃতি দৰে

১৬. বৰাক নৈ অসমৰ কেইখন জিলাৰ মাজেৰে বৈ গৈছে ?  

(ক) ২ খন

(খ) ৩ খন

(গ) ৪ খন

উত্তৰঃ (খ) ৩ খন

১৭. জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰায় কিমান শতাংশ জল এই নৈৰে প্ৰবাহিত হয় ?

(ক) ৮০-৯০ শতাংশ

(খ) ৬৫-৮৫ শতাংশ

(গ) ৭০-৮০ শতাংশ

উত্তৰঃ (গ) ৭০-৮০ শতাংশ

১৮. কিমান চনৰ ভূমিকম্পৰ পিছৰে পৰা নদীখনৰ তলি বাম হৈ অহা বাবে বৰ্তমান বছৰটোৰ সকলো সময়তে নিমাতীলৈহে ডাঙৰ জাহাজ চলাচল কৰিব পাৰে ?

(ক) ১৯৬৮ চনত

(খ) ১৯৫০ চনত

(গ) ২০০৪ চনত

উত্তৰঃ (খ) ১৯৫০ চনত

১৯. কৃষিৰ ক্ষেত্ৰত অসমৰ নদ-নদীসমূহৰ বিশেষ ভূমিকা ?

(ক) নাই

(খ) আছে

(গ) এটাও নহয়

উত্তৰঃ (খ) আছে

২০. বৰাক নৈখন প্ৰায় কিমান মিটাৰ পৰা কিমান মিটাৰ পৰ্যন্ত বহল ?

(ক) ৩০ ৰ পৰা ৭৯০ মিটাৰ

(খ) ৪৫ ৰ পৰা ৯০০ মিটাৰ

(গ) ৩০ ৰ পৰা ৩০০ মিটাৰ

উত্তৰঃ (গ) ৩০ ৰ পৰা ৩০০ মিটাৰ