৩। কোৱা আৰু লিখাঃ
(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?
উত্তৰঃ অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল।
(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল?
উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে – ”বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, ফেঁচা দুটাই কি কথা পাতি আছে।”
(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?
উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে “জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।
(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?
উত্তৰঃ পশু-পক্ষী নোহোৱা তেনে অৰণ্য চল্লিশখন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল।
(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল?
উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল।
(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল?
উত্তৰঃ কাৰণ পশু-পক্ষী নোহোৱা তেনে অৰণ্য পঁচিশখনমানহে আছিল আৰু এই দুই মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু-পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব তেতিয়া তেনেকোৱা অৰণ্য পঞ্চাশখনতকৈও অধিক দিব পাৰিব, সেই কাৰণে দুমাহৰ সময় বিচাৰিছিল।
(ছ) অৰণ্যত চিকাৰ কৰি থকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?
উত্তৰঃ এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাই মাত বুজি পাই বুলি কৈ ৰাজাক কৈছিল।
(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে?
উত্তৰঃ বীৰবলে কোৱা কথাখিনি হাড়ে-হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব।
(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল?
উত্তৰঃ আকবৰে শেষত বীৰবলক কলে- “আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ’ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল।”
৫। দলত আলোচনা কৰি উত্তৰ লিখা।
(ক) আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু-পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল, তেনেহ’লে কিয় বুজাৰ ভাও জুৰিছিল?
উত্তৰঃ প্ৰকৃততে বীৰবলে পশু-পক্ষীৰ মাত বুজি নাপাই। দৰাচলতে বীৰবলে দেখিছিল যে, ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু-পক্ষী নিঃশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী লৈ ৰূপান্তৰ হব, সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল।
(খ) উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে?
উত্তৰঃ উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য় সাধন কৰিব পাৰিলে।
৬। কোনে, কাক, কিয় কৈছিল?
(ক) ” কি কাৰণে সি বাৰু বুকু ডাঠি ক’ব পাৰিছে?”
উত্তৰঃ যেতিয়া চৰাইকেইটাই পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু দুমাহমান অপেক্ষা কৰিলে পঞ্চাছ খনতকৈও অধিক পশু-পক্ষী নোহোৱা ৰাজ্য় দিব পাৰিব বুলি কৈছে। তেতিয়া সম্ৰাট আকবৰে উক্ত কথাষাৰ বীৰবলক কৈছিল।
(খ) ”আমাৰ আজিৰ অৰণ্য় ভ্ৰমণ ফলপ্ৰসূ হ’ল আৰু ভৱিষ্য়তে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ’ল। গতিকে ব’লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ।”
উত্তৰঃ ওপৰৰ কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱৱাৰ ভাওঁ জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমানৰসালকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰে বুজি পালে। তেওঁ গমি পিতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্য়ত পশু পক্ষী নাথাকিব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল।
১১। বাক্য় ৰচনা কৰা।
কথা-চহকীঃ মানিক এজন বৰ কথা-চহকী মানুহ।
কথা চোবাঃ নিৰলাই ঘৰৰ কামবন নকৰি ঘৰে ঘৰে কথা চোবাই ফুৰে।
কথা শুনঃ ডাঙৰৰ কথা শুনিব লাগে।
কথা ৰাখঃ ধিৰাজে মাক-দেউতাকৰ কথা ৰাখিবৰ বাবেহে সাংবাদিকতাৰ কাম হাতত লৈছে।