মহীয়সী হেলেন কেলাৰ
৪। খালী ঠাই পূৰ কৰা।
উত্তৰঃ
(ক) ১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰালাল নেহেৰুৱে ভাষণ দি থাকোতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি ষ্পৰ্শ কৰি সকলোকে অবাক কৰিলে।
(খ) ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত মেনিন্জাইটিছ্ ৰোগত আক্ৰান্ত হৈছিল।
(গ) নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে অন্যলোক সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত।
(ঘ) গ্ৰাহাম বেলে ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন – বিততকৈ মৰম, চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন।
৬। দলত আলোচনা কৰি উত্তৰ লিখা।
”চলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।”
(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?
উত্তৰঃ হেলেন কেলাৰক শিক্ষা দান কৰা শিক্ষয়ত্ৰী গৰাকীৰ কথা কোৱা হৈছে।
(খ) চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল?
উত্তৰঃ চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল।
(গ) চুলিভানে হেলেন কেলাৰক কি শিকাইছিল ?
উত্তৰঃ চুলিভানে হেলেন কেলাৰক ওঠৰ কপনি অনুভৱ কৰি মানুহৰ মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল ।
৭। তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়ো আহা।
হিমাচলঃ হিম + অচল
বিদ্যালয়ঃ বিদ্যা + আলয়
হিমালয়ঃ হিম + আলয়
মণিন্দ্ৰঃ মণি + ইন্দ্ৰ
অতীন্দ্ৰিয়ঃ অতি + ইন্দ্ৰিয়
পৰীক্ষাঃ পৰি + ঈক্ষা
অত্যাচাৰঃ অতি + আচাৰ
যথেষ্টঃ যথা + ইষ্ট
যথোপযুক্তঃ যথা + উপযুক্ত
নাৱিকঃ নৌ + ইক