Class 8 Social Science Chapter 10 Answer

 ১) চমু উত্তৰ লিখা-

ক) সংবিধান বুলিলে কি বুজা ?

উত্তৰঃ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় । ৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুন সমূহকে সংবিধান বোলে।

খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে ।

গ) নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিস্থিত হয় ?

উত্তৰঃ নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় ।

ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ’ল- ভাৰতবৰ্ষ,আমেৰিকা  যুক্তৰাষ্ট্ৰ, চুইজাৰলেণ্ড ।

২) চমু টোকা লিখা- 

 নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতা বিভাজন

উত্তৰঃ

নমনীয় সংবিধান- কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। এনে সংবিধানক “নমনীয় সংবিধান” বুলি কোৱা হয়। নমনীয় সংবিধান লিখিত বা অলিখিত দুইটা ৰূপে উপস্থিত থাকিব পাৰে। উদাহৰণস্বৰূপ, ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান, যি সহজে সংশোধন কৰিব পাৰি।

অলিখিত সংবিধান- অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধান।

ক্ষমতা বিভাজন- সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা স্পষ্টভাৱে নিৰ্ধাৰিত কৰিছে, আৰু প্ৰতিটি বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানত লিপিবদ্ধ থাকে। যদি কোনো বিভাগ ক্ষমতাৰ অপব্যৱহাৰ কৰে, তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা- 

(ক) ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত ।

উত্তৰঃ অলিখিত ।

(খ)ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ ।

উত্তৰঃ নমনীয় ।

(গ) কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে ।

উত্তৰঃ কাৰ্যপালিকাই ।

৪) সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ? ব্য়াখ্য়া কৰা ।

উত্তৰঃ  সংবিধানৰ উপলব্ধতাৰ ভিত্তিত ইয়াক দুটা ভাগত ভগাব পাৰি- 

ক) লিখিত সংবিধান- যিবোৰ সংবিধান লিখিত ৰূপত থাকে, সেইবোৰ সংবিধানক “লিখিত সংবিধান” বুলি কোৱা হয়। এনে সংবিধানসমূহ স্পষ্ট আৰু নিৰ্দিষ্ট হয়, আৰু ইয়াত ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্বন্ধে জানিব পৰা যায়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান লিখিত ৰূপত আছে।

খ) অলিখিত সংবিধান- অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে । বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় । উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান ।

সংবিধান পৰিৱৰ্তন বা সংশোধনৰ ব্য়ৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি –

ক) নমনীয় সংবিধান- কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। এনে সংবিধানক “নমনীয় সংবিধান” বুলি কোৱা হয়। নমনীয় সংবিধান লিখিত বা অলিখিত দুয়োটা ৰূপে হব পাৰে। উদাহৰণস্বৰূপ, ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান, যি সহজে সংশোধন কৰিব পাৰি।

খ) অনমনীয় সংবিধান- যিবোৰ সংবিধান সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া তেনে সংবিধানক অনমনীয় সংবিধান বোলে । উদাহৰণস্বৰূপে-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান ।

৫) উত্তৰ লিখা-

(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য ।

উত্তৰঃ

লিখিত সংবিধানঅলিখিত সংবিধান
লিখিত বা দস্তাবেজ ৰূপত থাকে।লিখিত ৰূপত নাথাকে।
ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে জানিব পাৰি।ৰচনাকাল আৰু ৰতনাকাৰৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়।

 (খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ।

উত্তৰঃ  ১) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি জটিল।

       ২) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।

৬) ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে’ -যুক্তিসহ আলোচনা কৰা ।

উত্তৰঃ

ক) ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে । সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা থাকে ।

খ) সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় । দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে ।

গ)সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা নিৰ্ধাৰিত কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি কোনো বিভাগ ক্ষমতাৰ অপব্যৱহাৰ কৰে, তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।

ঘ) সংবিধানে নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলমত গণতান্ত্ৰিক দেশৰ জণসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায় । নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বৰ্ণনা থাকে ।

ঙ) ৰাষ্ট্ৰৰ কামকাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ—কাৰ্যপালিকা, আইনপালিকা আৰু ন্যায়পালিকা—থাকে। গণতান্ত্ৰিক দেশৰ সংবিধানে চৰকাৰৰ এই তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগবতৰা কৰি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণৰ ব্যৱস্থাও কৰে, যাতে চৰকাৰৰ তিনিটা অংগৰ কামকাজৰ মাজত কোনো অৰিয়াৰ সৃষ্টি নহয়।

৭) তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহুওৱা-  ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড ।

উত্তৰঃ 

নমনীয়অনমনীয়নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ
ইংলেণ্ডআমেৰিকা যুক্তৰাষ্ট্ৰভাৰতবৰ্ষ,

Leave a Reply

Your email address will not be published. Required fields are marked *