১) চমু উত্তৰ দিয়া-
ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ।
খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল ?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ (বিল অৱ ৰাইটছ্) ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল ।
গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?
উত্তৰঃ সংবিধানৰ ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে ।
ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?
উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।
ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?
উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ।
২) খালী ঠাই পূৰ কৰা-
ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি ।
খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।
গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ ।
ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে ।
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-
ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ।
উত্তৰঃ নোৱাৰে।
খ) মৌলিক অধিকাৰৰপৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে / নোৱাৰে ।
উত্তৰঃ পাৰে।
গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা বনুৱালৈকে সকলো সমান হয়/ নহয় ।
উত্তৰঃ হয়।
ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ।
উত্তৰঃ পাৰে।
ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ।
উত্তৰঃ পাৰে।
৪) সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা।
উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে-
→এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয়,
→এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায়,
→মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নথকা
বাবে সকলো শ্ৰেণীৰ লোকে জাতি –ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে ।