অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল
পাঠ – ১৬
১) সম্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ
ক) প্ৰায়োগিক দিশৰ পৰা ঢোলবাদ্যক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ প্ৰায়োগিক দিশৰ পৰা ঢোলবাদ্যক তিনিপ্ৰকাৰত ভগাব পাৰি। নৃত্যৰ লগত বজালে নৃত্যানুগ, গীতৰ লগত বজালে গীতানুগ আৰু এককভাৱে বজালে সুষ্ক বুলি কোৱা হয়।
খ) ঢোল নামৰ বাদ্যবিশেষৰ সৃষ্টি কিহৰ অনুকৰণত হৈছে?
উত্তৰঃ ঢোল নামৰ বাদ্যবিশেষৰ সৃষ্টি মেঘৰ মাতৰ অনুকৰণত হৈছিল, সেয়েহে অসমীয়াসকলে ঢোলৰ মাতত বৰষুণ পৰে বুলি বিশ্বাস কৰে।
গ) ঢোলবাদ্যৰ খোলাটো কি কি কাঠেৰে সাধাৰণতে সজা হয়?
উত্তৰঃ ঢোলবাদ্যৰ খোলাটো আম, কঁঠাল নাইবা চাম কাঠেৰে সজা হয়।
ঘ) ঢোলৰ যিটো ফালে মাৰিৰে বজোৱা হয় সেই ফালটোক কি বোলা হয়?
উত্তৰঃ ঢোলৰ যিটো ফালে মাৰিৰে বজোৱা হয় সেই ফালটোক কোবনি বোলা হয়।
ঙ) মেখেলা কি?
উত্তৰঃ ঢোলৰ তালিৰ মলুৱাক চামৰাৰ ৰছীৰে গোঁঠা হয়। ইয়াকে মেখেলা বোলে।
চ) ফৰিঙা কাক বোলে?
উত্তৰঃ ঢোলৰ কোবাৰ কাষত থকা খোপাৰ খালী অংশবোৰত বাঁহৰ টুকুৰা লগাই কুৰলক ঠেকা দিয়া হয়। এইবোৰক ফিৰিঙা বোলে।
২) চমু উত্তৰ লিখাঃ
ক) ঢোলৰ ইতিহাসৰ বিষয়ে লিখা?
উত্তৰঃ ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰা হয়। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়।
খ) ঢোলৰ ব্যৱহাৰ কি কি অনুষ্ঠানত হয়?
উত্তৰঃ ঢোলৰ ব্যৱহাৰ বিহু, কৃষি পথাৰত বৰষুণ নমাবৰ কাৰণে, বিয়া পানী তুলিব যাওতে ঢোলৰ ব্যৱহাৰ কৰা হয়।
গ) কোবনি আৰু তালি বুলিলে কি বুজা?
উত্তৰঃ ঢোলৰ এটা মূৰত মাৰিৰে আৰু আনটো মূৰত হাতৰ আঙুলিৰে বজোৱা হয়। যিটো মূৰত মাৰিৰে কোবোৱা হয় সেই মূৰটোক কুবনিী আৰু যেটো মূৰত হাতৰ আঙুলিৰে বজোৱা হয় তাক তালি বোলা হয়। কোবনিৰ ফালতকৈ তালিৰ ফালে কিছু বহলকৈ খোলাটো ৰখা হয় আৰু ইহতৰ ব্যাস ক্ৰমে এফুট আৰু আঠ ইঞ্চিমান হয়।
ঘ) কনাই কি?
উত্তৰঃ ঢোলৰ দুয়োটা মূৰৰ দুয়োটা মলুৱাৰ লগত চামৰাৰ ৰছীৰে গুঁঠি দুটা আঙুঠিৰ দৰে কৰা হয়।এই দুটাক কানাই বোলে।
ঙ) বিবাহ অনুষ্ঠানৰ পানীতোলা প্ৰথাৰ লগত ঢোল কিয় বজোৱা হয়?
উত্তৰঃ বিবাহ অনুষ্ঠানৰ পানীতোলা প্ৰথাৰ লগত ঢোল বজোৱা হয় কিয়নো অসমীয়া সকলৰ বিশ্বাস যে নৈ বা বিলৰ পাৰত অপদেৱতা থাকে। সেয়েহে ঢোল বজাই সেই অপদেৱতাক খেদিবলৈ চেষ্টা কৰা হয়। আনকি পানী তোলা আৰু পানী তুলি উভতি অহাৰ সময়তো ঢোল বজাই থকা হয়, যাতে কোনো অপদেৱতাই আক্ৰমন কৰিব নোৱাৰে।
৩) চমু টোকা লিখাঁ
ক) সংস্কৃতি- ‘সংস্কৃতি’ (culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি। ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়। গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট। মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে৷ সেয়ে ই পৰিৱৰ্তনশীল৷ নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে।
খ) ঢোলবাদ্য- ঢোল আমাৰ এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ। বিভিন্ন লোক উৎসৱক এই বাদ্য বজোৱা হয়। বছৰটোৰ আৰম্ভনিতে অৰ্থাৎ বহাগ মাহত বহাগৰ বিহুত ঢোল বাদ্য বজায় ফূৰ্তি কৰা হয়।মেঘৰ মাতৰ অনুকৰণেই মূলত ঢোলবাদ্যৰ সৃষ্টি হৈছিল।
গ) বিহুগীত – প্ৰতিজন অসমীয়াই ঢোল-তাল লয় বাপুতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগত ভাৱে চলি অহা গীতসমূহকে বিহুগীত বোলি কোৱা হয়। বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰিছে।
ঘ) ঢোলৰ মালিতা –
৪)কেইবিধমান ঢোলৰ ছেওৰ নাম লিখাঁ।
উত্তৰঃ কেইবিধমান ঢোলৰ ছেওৰ নাম হল- ওজা হাত বা ওজা ছেও,বুলনি ছেও, খৰা ছেও, পানীতোলা ছেও, হুৰালী ছেও, কুকুৰাপহীয়া ছেও, নাচনী ছেও, বুঢ়া ছেও, বালিকটা ছেও ইত্যাদি অনুষ্ঠান অনুযায়ী বেলেগ বেলেগ ছেওবোৰ বজোৱা হয়।
৫) বিহুগীতৰ লগত সংগত কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখাঁ।
উত্তৰঃ বিহুগীতৰ লগত সংগত কৰা কেইবিধমান বাদ্যযন্ত্ৰ নাম হল- ঢোল, তাল, পেঁপা, গগনা, বাঁহী, টকা, সুতুলী।
৬) লোকবাদ্য হিচাপে অসমীয়া সংস্কৃতিত ঢোলৰ ভূমিকা সম্পৰ্কে লিখাঁ।
উত্তৰঃ লোকবাদ্য হিচাপে অসমীয়া সংস্কৃতিত ঢোলৰ ভূমিকা অপৰিসীম। ঢোলৰ অবিহনে বিহু সদায় অসম্পূৰ্ণ। বিয়াত পানী তুলিব যোৱাৰ সময়ত ঢোল বজোৱা হয়। বছৰটোৰ আৰম্ভনিতে ঢোল বজাই আনন্দ কৰা হয়। কৃষি পথাৰত বৰষুণ নমাবৰ কাৰণে কৃষি কৰ্মৰ আৰম্ভণিতে ঢোল বজোৱা হয়।