শ্ৰী শংঙ্কৰদেৱ
পাঠ – ১৮
১) কবিতাটোৰ সাৰাংশ লিখা্ঁঃ
উত্তৰঃ কবিয়ে ধ্যানমগ্ন যোগী অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমাৰ কথা এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। আমাৰ এই প্ৰৱিত্ৰ ভূমিত শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি এই মত্যখন প্ৰৱিত্ৰ কৰিলে। ভক্তিৰ সোঁত বুৱাই, ধৰ্ম, ভাষা আদিৰ জ্ঞান আমাক দি জীৱন দান কৰিছে। অসমৰ ৰীতি-নীতি, সদাচাৰ, ধৰ্মভাৱ আদি সৎ গুণ তেওঁৱে এই পৃথিৱীৰ মানুহবিলাকক বিলাই দিলে। বেদ-উপনিষদ আদি লিখি ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভাৱ আতৰাই সকলোকে জ্ঞানী, কৰ্মবীৰ কৰি তুলিলে।
২) কবিয়ে শ্ৰী শংকৰদেৱক কিয় অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে?
উত্তৰঃ কবিয়ে শ্ৰী শংকৰদেৱক কবিতাটিত কবিয়ে ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে। কাৰণ তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য – সংস্কৃতি , ধর্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয়।
৩) প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁঃ
ক) স্বৰ্গৰ বাতৰি দেৱ-মৰতলৈ কোনে আনিলে?
উত্তৰঃ স্বৰ্গৰ বাতৰি দেৱ-মৰতলৈ শ্ৰীমন্ত শংকৰদেৱে আনিলে।
খ) অসমৰ ঘৰে ঘৰে কি বাজি উঠিছে বুলি কবিয়ে কৈছে?
উত্তৰঃ নিৰলে বজোৱা বিনাৰ মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে।
গ) বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰী শংকৰদেৱে কি কৰিলে?
উত্তৰঃ বেদ-উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰীশংকৰদেৱে মালাধাৰি গাঁথিলে।
ঘ) আমি কাৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম?
উত্তৰঃ আমি শ্ৰীমন্ত শংকৰদেৱৰ বলেৰে বলীয়ান হৈ আগুৱাই যাম।
ঙ) মৰুময় সংসাৰ বুলিলে কি বুজা?
উত্তৰঃ মৰুময় সংসাৰ বুলিলে আমাৰ গোটেই পৃথিৱী খনক বুজো।
৪) “তোমাৰ জীৱনী দেৱ ! লিখে এনে সাধ্য কাৰ,
গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ !”- ইয়াত কাৰ জীৱনী অসমজুৰি বিস্তৃত বুলি কবিয়ে কৈছে ?কিয় এনেদৰে বিয়পি পৰিছে?
উত্তৰঃ গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ !” ইয়াত শংকৰদেৱৰ জীৱনী অসমজুৰি বিস্তৃত বুলি কবিয়ে কৈছে। শংকৰদেৱে ইমানেই ভাল কাম কৰি থৈ গৈছে যে তেওঁৰ বিষয়ে লিখাটো সহজ কথা নহয়। গতিকে কোৱা হৈছে যে তেওঁৰ জীৱনী কোনেও লিখিব নোৱাৰে।
৫) শ্ৰী শংকৰদেৱৰ বিষয়ে এখনি ৰচনা লিখাঁ।
উত্তৰঃ ১৯৪৯ চনত নগাওঁ জিলাৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰি নামে ঠাইত শুল্ক দশমীৰ তিথিৰ দিনা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্য সন্ধা। জন্মৰ পাছতে মাক-দেউতাকৰ দেহাৱসান ঘটে আৰু তেতিয়াৰে পৰা বুঢ়ীমাক খেৰখুটীয়ে তুলি তালি ডাঙৰ দীঘল কৰে। শংকৰদেৱ সৰুৰে পৰা বৰ সাহসী আছিল। তেওঁ সৰু কালতে এটা বৃহৎ ষাড়গৰু শিঙত ধৰি বগৰাই দিছিল। তেখেতে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়বলৈ যায়। তেখেতে বহু কম দিনৰ ভিতৰতে ১৪ শাস্ত্ৰ, ১৭ পুৰাণ, আৰু ৪ বেদৰ শিক্ষা গ্ৰহণ কৰিছিল। আৰু তেখেতে টোললৈ গৈয়ে প্ৰথমে স্বৰচিহ্ন নোহোৱাকৈ এটি কবিতা ৰচনা কৰিলে। তেখেতে ১৮ বছৰ বয়সত শংকৰদেৱে হৰিবৰগিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰায়। বিয়াৰ তিনি বছৰ পাছতে তেওঁৰ মনু নামৰ এজনী কন্যা সন্তান জন্ম হৈ।
শংকৰদেৱে বৰদোৱা বৰপেটা আদি স্থানত নামঘৰ, মণিকূট আদি স্থাপন কৰিছিল। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কৰিছিল। তেখেতে মাজুলীত কমলাবাৰী সত্ৰ, বেঙেনাআটি সত্ৰ আদি স্থাপন কৰিছিল।
শংকৰদেৱে প্ৰথমে চিহ্ন যাত্ৰা নামৰ অংকীয়া নাট ৰচনা কৰিছিল। তেওঁ আৰু আন ৬খন অংকীয়া নাট হল পত্নী প্ৰসাদ, কালীয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰামবিজয়। তেখেতে ৪১২ টা বৰগীত আৰু ৫০০ খন গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ ধৰ্ম গ্ৰন্থ হল কীৰ্তন।
এই মহান ব্যক্তি জনা ১২০ বছৰ কাল জীয়াই থকাৰ পিছত ১৫৬৯ চনত তেখেতৰ মৃত্যু হয়।