SVN Class 7 Assamese Chapter 1 Answer বৰগীত

বৰগীত

Chapter- 1

প্রশ্ন ১। বৰগীতটিৰ মূলভাৱ লিখা ।

উত্তৰঃ এই বৰগীতটিৰ মাজেৰে বাৎসল্য ভাবৰ এই গীতটিৰ মাজেৰে ভক্ত আৰু ভগৱানৰ মিলনৰ পথহে দেখুওৱা হৈছে লগতে বৰগীতটিৰ মাজেৰে মহাপুৰুষ মাধৱদেৱে পৰমপুৰুষ শ্ৰীকৃষ্ণৰ শিশুকালৰ বর্ণনা দাঙি ধৰিছে ।

ভকতৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই সাধাৰণ শিশুৰূপত উপজি যশােদাৰ ঘৰত কিদৰে নানা চাতুৰী খেলিছিল , তাকে কবিয়ে এই বৰগীতটিৰ জৰিয়তে দেখুৱাইছে । মাকে কৃষ্ণক স্তন পান কৰিবলৈ নিদি উতলােৱা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ লৰ দিয়াত কৃষ্ণযে অভিমান কৰিছিল ।

তেওঁ খঙতে মথনী ভাঙি মাখনবােৰ নষ্ট কৰিলে । উড়ালৰ ওপৰত উঠি কিছু মাখন নিজেও খালে আৰু কিছু লগৰ বান্দৰবােৰক ভগাই দিলে । মাকে ক্ষীৰখিনি নমাই থৈ আহি দেখে যে কৃষ্ণই মথনী ভাঙি গােটেইখিনি দৈ নষ্ট কৰিছে । কোনফালে পলাল বুলি মাকে কৃষ্ণক বিচাৰিব ধৰিলে । কৃষ্ণৰ এনে কাৰ্যৰ মাজেৰে তেওঁৰ চাতুৰী প্রকাশ পাইছে ।

প্ৰশ্ন ২। মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যাওঁতে কৃষ্ণই কি কৰিছিল ?

উত্তৰঃমাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যাওঁতে কৃষ্ণইউড়লৰ ওপৰত উঠি নিজেও মাখন খাইছিল আৰু লগৰ বান্দবােৰকো মাখন ভগাই দিছিল ।

প্রশ্ন ৩। কৃষ্ণই লৱণুবােৰ কাক ভগাই দিছিল ?

উত্তৰঃ বান্দৰবােৰক কৃষ্ণই লৱণুবােৰ ভগাই দিছিল

প্রশ্ন ৪। কৃষ্ণৰ চাতুৰী খেলা বৰগীতটি কি দৰে প্ৰকাশ পাইছে ?

উত্তৰঃযেতিযাই মাকে কৃষ্ণক স্তন পান কৰিবলৈ নিদি কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যায় তেতিয়া কৃষ্ণয়ে অভিমান কৰি খঙতে তেওঁ দুষ্টালি আৰম্ভ কৰিবলৈ লয়। মথনী ভাঙি মাখনবােৰ নষ্ট কৰি কিছু মাখন নিজেও খাইছিল আৰু কিছু লগৰ বান্দৰবােৰক ভগাই দিছিল। কৃষ্ণৰ চাতুৰী খেলা বৰগীতটিত এনেদৰে প্ৰকাশ পাইছে ।

প্রশ্ন ৫। ‘ক্ষীৰ ৰাখিতে গয়াে মাই’ ইয়াত মাই বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ কৃষ্ণৰ মাক যশােদাৰ কথা কোৱা হৈছে ।

প্রশ্ন ৬। কৃষ্ণই মথনী ভঙা দেখি যশােদাই কি কৰিছিল ?

উত্তৰঃ ‘ গােটেই দৈ নষ্ট কৰি কোনফালে পলাল’— বুলি কৃষ্ণক বিচাৰি ফুৰিছিল ।

প্রশ্ন ৭। বৰগীতটিত উল্লেখ থকা গাখীৰৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ বৰগীতটিত উল্লেখ থকা গাখীৰৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম হ’ল – ক্ষীৰ আৰু লৱণু ।

প্রশ্ন ৮। “ সৱ দধি নাশল কহিতু পলাৱল ” -এই শাৰীটো আধুনিক অসমীয়াত লিখা ।

উত্তৰঃ “ সৱ দধি নাশল কহিতু পলাৱল ” -এই শাৰীটো আধুনিক অসমীয়াত হ’ব গােটেইখিনি দৈ নষ্ট কৰি থৈ কোনফালে পলাল ” ।

প্রশ্ন ৯। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—

উড়ল উৱৰে চড়ি            লৱণু ভুঞ্জন্ত হৰি          

              বান্দৰ সৱ লৈয়া সাথে । 

 পিও লৱণু                      বানৰ মাজে ক্ষেপন     

             বানৰে ধৰয় লুম্ফি হাতে ৷৷ ” 

উত্তৰঃ উক্ত বৰগীতফাঁকি আমাৱ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ বিৰচিত বৰগীত ’ নামৰ পাঠটিৰ পৰা লােৱা হৈছে ।

মাকে স্তন পান কৰিবলৈ নিদি ঘৰৰ ভিতৰলৈ যােৱাত কৃষ্ণই কি দৰে চাতুৰী খেলিছিল , তাকে এই বৰগীত ফাঁকিৰ জৰিয়তে দেখুওৱা হৈছে ।

যেতিযাই মাকে কৃষ্ণক স্তন পান কৰিবলৈ নিদি কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যায় তেতিয়া কৃষ্ণয়ে অভিমান কৰি খঙতে তেওঁ দুষ্টালি আৰম্ভ কৰিবলৈ লয়। মথনী ভাঙি মাখনবােৰ নষ্ট কৰি কিছু মাখন নিজেও খাইছিল আৰু কিছু লগৰ বান্দৰবােৰক ভগাই দিছিল।

প্রশ্ন ১০। সমার্থক শব্দবােৰে মিলােৱা –

উত্তৰঃ

সংশয় – দ্বিধা ।

ক্ষমতা – শক্তি ।

ধ্বংস – নিপাত ।

প্রশান্ত – সুধীৰ ।

বহল – পুতল ।

কাচিৎ – দৈবাৎ।

দুন্দুভি – নাগাৰা ।

প্রশ্ন ১১। তলত দিয়া শব্দবােৰৰ সমার্থক ৰূপ লিখা ?

     দীন , সব , ওষ্ঠ, দধি , জননী । 

উত্তৰঃ

দীন – দুখীয়া , দৰিদ্র ।

সব – সকলাে , গােটেই ।

ওষ্ঠ – ওঁঠ , অধৰ

দধি – দৈ গাখীৰ ।

জননী – আই,মাতৃ ।

প্রশ্ন ১২। বৰগীতটিত থকা দুটাকৈ সমাপিকা ক্রিয়া আৰু অসমাপিকা ক্রিয়া লিখা ।

উত্তৰঃ সমাপিকা ক্রিয়া – ভুঞ্জন্ত , নাশল ।

অসমাপিকা ক্রিয়া – আমিয়ে , ছােড়াই ।

প্রশ্ন ১৩। বিপৰীত লিঙ্গ বুজোৱা শব্দবােৰ মিলােৱা –

পুত্র,ৰাণী, পিতৃ, পুৰুষ, গােৱালনী, বালক, স্ত্রী, পতি, বালিকা, কন্যা,গােৱাল,মাতৃ / জননী

উত্তৰঃ

পুত্র – কন্যা ।

পিতৃ – মাতৃ / জননী ।

পুৰুষ – স্ত্রী ।

বালক – বালিকা ।

পতি – পত্নী ।

ৰজা – ৰাণী ।

গােৱাল – গােৱালনী ।

প্রশ্ন ১৪। শব্দার্থ লিখা ।

কোপিত , হামাকু , অধৰ , অৰুণ – অধৰ ; ছােড়াই , কম্পাৱত , দন্ত , উৱৰে , লুম্ফি , পলাৱল , কহিতু , বানৰ , ক্ষীৰ , মথনী

উত্তৰঃ

কোপিত – খঙত , ক্রোধিত ।

হামাকু – আমাক , মােক ।

অধৰ – ওঁঠ ।

অৰুণ-অধৰ – ৰঙা ওঁঠ ।

ছােড়াই – এৰি থৈ ।

কম্পাৱত – কঁপিব ধৰা , কঁপি উঠা ।

দন্ত – দাঁত ।

উৱৰে – ওপৰত ।

লুম্ফি – লাফমাৰি ।

পলাৱল – পলাল ।

কহিতু – কোনফালে ।

বানৰ – বান্দৰ ।

ক্ষীৰ – তপতাই ডাঠ কৰা গাখীৰ ।

প্রশ্ন ১৫। তলত তালিকাখনৰ কোনবােৰ পদ বিশেষ্য আৰু কোনবােৰ পদ বিশেষণ চিহ্নিত কৰা।

সাধু , নিছলা , ৰং , কম্পিত , ভদ্রতা , ফুল , ফুলাম শৈশৱ

উত্তৰঃ

সাধু – বিশেষণ ।

নিছলা – বিশেষণ ।

ৰং – বিশেষ্য ।

কম্পিত – বিশেষণ ।

ভদ্রতা – বিশেষ্য ।

ফুল – বিশেষ্য ।

ফুলাম – বিশেষণ ।

শৈশৱ – বিশেষ্য ।

প্রশ্ন ১৬। মাধৱদেৱে ৰচনা কৰা কোনখন পুথিক তেওঁৰ জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰঃমাধৱদেৱে ৰচনা কৰা ‘ নামঘােষা ‘ক । পুথিক তেওঁৰ জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়

প্রশ্ন ১৭। মাধৱদেৱে ৰচনা কৰা তিনিখন অংকীয়া নাটৰ নাম লিখা—

উত্তৰঃ ‘ চোৰধৰা ’ , ‘ দধি মথন ’ আৰু ‘ ভােজন বেহাৰ ।

প্রশ্ন ১৮। মহাপুৰুষ দুজনাই ৰচনা কৰা গীতসমূহক কিয় ‘বৰগীত’ আখ্যা দিয়া হৈছে ?

উত্তৰঃ মহাপুৰুষ দুজনাই ৰচনা কৰা গীতসমূহক উচ্চ ভাৱসম্পন্ন বা শ্রেষ্ঠ অর্থ ত ‘বৰগীত ’ আখ্যা দিয়া হৈছে ।

প্রশ্ন ১৯। ‘ ভটিমা ’ কি আৰু কেই প্রকাৰৰ ?

উত্তৰঃ ভটিমা হ’ল বৈষ্ণৱ সংস্কৃতৰ এক প্ৰকাৰৰ স্তুতিমূলক গীত । ভটিমা তিনি প্রকাৰৰ দেৱ ভটিমা , গুৰু ভটিমা আৰু ৰাজ ভটিমা ।

প্রশ্ন ২০। চমু টোকা লিখাঃ

( ক ) ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী হ’ল এটি মহাপুৰুষীয়া ভাষা । মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সকলাে শ্ৰেণীৰ মানুহে বুজিব পৰাকৈ বঙালী , মৈথিলী , অসমীয়া ভাষাৰ সংমিশ্ৰণত এই ভাষাটো সৃষ্টি কৰিছিল । শ্রীকৃষ্ণৰ বাল্যলীলা – ক্ষেত্র ব্রজধামৰ ভাষাক কেন্দ্ৰ কৰি ভাষাটো সৃষ্টি কৰা বাবে ইয়াক ব্ৰজাৱলী ভাষা বুলি কোৱা হয় । মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলােকৰ সমস্ত পুথি এই ব্ৰজাৱলী ভাষাতেই ৰচনা কৰিছিল ।

( খ ) বৰগীত :- অসমীয়া সাহিত্যৰ বুৰঞ্জীত বৰগীতসমূহ এক অমূল্য সম্পদ । মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে শাস্ত্রীয় ৰীতিৰ আধাৰত ৰচনা কৰা গীতসমূহৰে বৰগীত বােলা হয় । মহাপুৰুষ দুজনাৰ গীতসমূহৰ উচ্চ ভাৱসম্পন্ন বা শ্রেষ্ঠ অর্থত পিছৰ ভকতসকলে বৰগীত আখ্যা দিয়া বুলি ভবা হৈছে।