SVN Class 8 Assamese Chapter 12 Answer জোন আৰু জোনকী পাঠটোৰ উত্তৰ

জোন আৰু জোনকী

Lesson: 12

ক্ৰিয়া কলাপ

১। অতি চমু উত্তৰ দিয়া

(ক) “জোন আৰু জোনাকী’ কবিতাটি কবিৰ কোনখন পুথিৰ অন্তৰ্গত।

উত্তৰঃ জোন আৰু জোনাকী কবিতাটি কবিৰ মনাই বৰাগী পুথিৰ অন্তগৰ্ত।

(খ) কোন সময়ত জোনাকী পৰুৱাই পাখি মেলি খেলি ফুৰিছিল?

উত্তৰঃ সন্ধিয়াৰ সময়ত জোনাকী পৰুৱাই পাখি মেলি ফুৰিছিল।

(গ) জোনাকীৰ ওপৰত কোনে নাচে বুলি কৈছে?

উত্তৰঃ জোনাকীৰ ওপৰত তৰা নাচে বুলি কৈছে।

(ঘ) জোনাকীৰ ক্ষুদ্র প্রাণ কিয় বিচলিত হৈছিল?

উত্তৰঃ জোনাকীৰ ক্ষুদ্ৰ প্ৰাণ বিপদৰ আগন্তুক দেখি বিচলিত হৈছিল।

(ঙ) জোনাকীক ক্ষুদ্র প্রাণী বুলি কোনে উপহাস কৰিছিল?

উত্তৰঃ জোনাকীক ক্ষুদ্ৰ প্ৰাণী বুলি জোনে উপহাস কৰিছিল।

(চ) জোনাকীক কিয় নিঠৰুৱা প্রাণী বুলি কৈছে?

উত্তৰঃ জোনাকীৰ ঘৰদুৱা নাই কাৰণে নিঠৰুৱা প্ৰাণী বুলি কৈছেো।

(ছ) ভ্ৰূকটি’ মানে কি?

উত্তৰঃ ভ্ৰূকটি মানে হৈছে কুটিল দৃষ্টি।

(জ) পথভুলা পথিকক কোনে বাট দেখুৱায়?

উত্তৰঃ পথভুলা পথিকক জোনাকীয়ে বাট দেখুৱাই।

(ঝ) “মিছাতেই ওফন্দিছা যৌৱন ভেমত”- কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ মিছাতেই ওফন্দিছা যৌৱন ভেমত- কথাষাৰ জোনাকীয়ে জোনক কৈছিল।

(ঞ) জোনৰ দৰ্প অহংকাৰ শেষত কোনে চুৰ্ণ কৰিব বুলি কৈছে?

উত্তৰঃ জোনৰ দৰ্প অহংকাৰ শেষত মহাকাল ৰাহুয়ে চূৰ্ণ কৰিব বুলি কৈছে।

(ট) জোনাকী পৰুৱাই জোনক পৰিণাম সোঁৱৰাই দিয়া মৰমৰ বস্তু দুটি কি?

উত্তৰঃ জোনাকী পৰুৱাই জোনক পৰিণাম সোঁৱৰাই দ্য়া মৰমৰ বস্তু দুটি হৈছে-ৰুপ আৰু যৌৱন।

(ঠ) জোন আৰু জোনাকীৰ কোন সৰু, কোন বৰ সমিধান ওলালনে?

উত্তৰঃ জোন আৰু জোনাকীৰ কোন সৰু, কোন বৰ সমিধান নোলাল।

২। জোন আৰু জোনাকীৰ তর্ক যুদ্ধখন তােমাৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ জোনাকী পৰুৱাই সন্ধিয়াৰ পৰত খেলি ফুৰিছিল। তেনেতে বতাহ এছাতি অহাত জোনাকীৰ পৰুৱাই আঘাত পাইছিল। আঘাত পাই যেতিয়া মাটি পৰা উঠিব পৰা নাছিল তেতিয়া জোনে কৈছিল জগতৰ পৰু প্ৰাণী হৈ মোক উপহাস কৰা , এতিয়া তোমাৰ দুষ্টালি মই দুৰৰ পৰা চাই থাকো। তোৰদৰে লক্ষ প্ৰাণী লগ হলেও এই জগতত পোহৰ নহয়, সংসাৰত যে আছা কোনেও নাজানে, ঘৰ-দুৱা নাই বুলি উপলুঙা কৰিছিল। জোনাকীয়েও তাৰ উত্তৰ দিছিল মই ক্ষুদ্ৰ হলেও মোৰ ক্ষুদ্ৰ শক্তিৰে কৰ্তব্য সাধন কৰো, আৰু মই নিজ স্বাধীন। তুমি যে তোমাৰ দুখ নাই বুলি ভাৱিছা তোমাৰো এদিন দুখ আহিব যেতিয়া মহাকাল ৰাহু ৱে তোমাৰ ভৰপূৰ যৌৱন অহংকাৰ চূৰ্ণ কৰিবহি। এনেদৰে দুয়ো মাজত তৰ্ক হৈছিল।

৩। কোন সৰু, কোন ডাঙৰ— এই সম্পর্কে কবিয়ে শেষত কি সমিধান দিলে?

উত্তৰঃ কোন সৰু, কোন ডাঙৰ- এই সম্পৰ্কে কবিয়ে শেষত কৈছে যে ক্ষুদ্ৰ হৈয়ো চিৰকাল যিজন স্বাধীন, সেইজন দুখত প্ৰাণধাৰি পৰাধীন জীৱনতকৈও মহৎ।

৪। তােমাৰ মতে জোন আৰু জোনাকীৰ কোনজনক ডাঙৰ বুলি ভাবা?

উত্তৰঃ মোৰ মতে জোন আৰু জোনাকীৰ ভিতৰত জোন ডাঙৰ।

৫। জোনৰ ৰূপ যৌৱন কোনে, কেতিয়া নাশ কৰে বুলি কৈছে?

উত্তৰঃ জোনৰ ৰুপ যৌৱন মহাকাল ৰাহুয়ে, ভৰপূৰ যৌৱনতে নাশ কৰে বুলি কৈছে।

৬। বতাহত জোনাকীৰ কেনে বিলাই হৈছিল বুজাই লিখা।

উত্তৰঃ বতাহ অহাত জোনাকীয়ে বিপদৰ আগন্তুক দেখি ক্ষুদ্ৰ প্ৰাণ বিচলিত হৈছিল আৰু বতাহত এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ ঘনে ঘনে ঘুৰি ফুৰিছিল, এনেদৰে ঘুৰি ফুৰোতে বহুত আঘাত পাইছিল আৰু মাটিত বাগৰি পৰিছিল।সৰু পাখি দুখনেৰে উঠিবলৈ বহুত যত্ন কৰিছিল যদিও উঠিব পৰা নাছিল।

৭। জোনাকীয়ে কি কর্তব্য সাধন কৰে বুলি কৈছে?

উত্তৰঃ জোনাকীয়ে পথ ভুলা পথিকক ক্ষুদ্ৰ জেউতিৰে গন্তব্য পথত থৈ আৰু জগতৰ হিতৰ কাম সাধি কৰ্তব্য সাধন কৰে বুলি কৈছে।

৮। জোনে কি বুলি জোনাকীক উপহাস কৰিছিল?

উত্তৰঃ জোনে জোনাকীক জীৱজগতৰ এটি ক্ষুদ্ৰ মোক তই উপহাস কৰৰ,আৰু মই দূৰৰ পৰাই তোৰ দুষ্টালি দেখি মনে মনে হাঁহো, তোৰ দৰে লক্ষ প্ৰাণী লগ হলেও পোহৰ নহয় আৰু সংসাৰত আছ বুলি কোনেও তোৰ বাতৰি নলয় আৰু তোৰ ঘৰ-বাৰী নাই নিঠৰুৱা প্ৰাণী তৃণইহে আশ্ৰয় স্থল বুলি কৈ উপহাস কৰিছিল।

৯। “মায়াবিনী আঁউসীৰ কুহক জালত

বান্ধ খাই পৰিবা যিদিনা” – কথাষাৰৰ অন্তর্নিহিত ভাব বুজাই লিখা।

উত্তৰঃ উক্ত কথাষাৰৰ অন্তৰ্নিহিত ভাব টো হৈছে- যেতিয়া জোনটো আঁউসীৰ এন্ধাৰৰ মায়াত বান্ধ খাই নিজৰ ৰূপটো নেদেখা হব তেতিয়াহে ৰূপ আৰু যৌৱনৰ কথা ভাৱিব বুলি কৈছে।

১০। ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি বােলা হয়?

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে চৰাই বিষয়ক লৈ কেইবাটাও কবিতা লিখিছিল।চৰাই প্ৰীতিৰ বাবে তেওঁক বিহগী কবি বুলি জনা যায়।

১১। জোনে জোনাকীক ক্ষুদ্র প্রাণী বুলি যি উপহাস কৰিছে তাৰ উচিত উত্তৰ জোনাকী পৰুৱাই দিছে। এই কথা কোনটো দফাত প্রকট ভাৱে প্ৰকাশ পাইছে বুলি তুমি ভাবা? যুক্তি দর্শোৱা।

উত্তৰঃ জোনে জোনাকীক ক্ষুদ্র প্রাণী বুলি যি উপহাস কৰিছে তাৰ উচিত উত্তৰ জোনাকী পৰুৱাই দিছে। এই কথা কবিতাটি ১৩ নং দফাত প্ৰকট ভাৱে প্ৰকাশ পাইছে। কিয়নো জোনাকী ক্ষুদ্ৰ প্ৰাণী যদিও জীৱনটো স্বাধীন। জোনৰ আকাৰ ডাঙৰ হলেও জীৱনটো পৰাধীন সদায় আনৰ তলত থাকিব লাগিব।

১২। প্রসঙ্গ – সংগতি দর্শাই ব্যাখ্যা কৰা

(ক) যদিওবা ক্ষুদ্র জীৱ ক্ষুদ্র শক্তি মােৰ

    নাই কিন্তু দুৰাশা মনত,

বিবেক আগত ৰাখি চলোঁ ৰং মনে

    কর্তব্যৰ সাধন পথত।

উত্তৰঃ উক্ত কবিতা ফাকি ” ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তৰ্গত জোন আৰু জোনাকীৰ কবিতাটি পৰা তুলি লোৱা হৈছে।

উক্ত কবিতাটি ৰঘুনাথ চৌধাৰীৰ দেৱৰ দ্বাৰা ৰচিত মনাই বৰাগী পুথিৰ অন্তৰ্গত।

জোন আৰু জোনাকী কবিতাটিত জোন আৰু জোনাকী মাজত দুয়োৰে নিজৰ শক্তিক লৈ বাক যুদ্ধ হৈছিল। উক্ত বাক যুদ্ধ খনত জোনে যেতিয়া জোনাকীক তাৰ ক্ষুদ্ৰ পোহৰ আৰু প্ৰাণী বুলি কৈ উপহাস কৰিছিল তেতিয়া জোনাকীয়ে কৈছিল যে এই সংসাৰত মই যদিও ক্ষুদ্ৰ প্ৰাণী আৰু মোৰ ক্ষুদ্ৰ শক্তি তথাপিও মোৰ মনত কোনো দুৰাশা নাই, মই মোৰ বিবেকৰ মতে চলা-ফুৰা কৰি ৰং মনেৰে মোৰ নিজৰ কৰ্তৱ্য সাধন কৰো।(খ) তােৰ দৰে লক্ষ প্রাণী লগ হয় যদি

    তথাপিত পােহৰ নহয়,

সংসাৰত আছ বুলি কোনেও নাজানে

    কোনাে তােৰ বাতৰি নলয়।

উত্তৰঃ উক্ত কবিতা ফাকি ” ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তৰ্গত জোন আৰু জোনাকীৰ কবিতাটি পৰা তুলি লোৱা হৈছে।

উক্ত কবিতাটি ৰঘুনাথ চৌধাৰীৰ দেৱৰ দ্বাৰা ৰচিত মনাই বৰাগী পুথিৰ অন্তৰ্গত।

জোন আৰু জোনাকীৰ দুয়োৰ প্ৰকৃতি অৱদান। নিজৰ শক্তিক লৈ দুয়োৰে গৰ্ব অহংকাৰ। উক্ত কবিতা ফাকিত জোনে জোনাকীক উপহাস কৰি কৈছিল যে তোৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ লক্ষ প্ৰাণী লগ হলেও এই জগতত কেতিয়াও পোহৰ নহয়, তই ইমানেই সৰু প্ৰাণী তই যে এই সংসাৰত আছ কোনেও নাজানে আৰু কোনেও তোৰ খবৰ নলয়।

(গ) ক্ষুদ্ৰ হৈ চিৰকাল স্বাধীন যি জন

    দুখতেই থাকে প্রাণধৰি,

ভাৱি চোৱা সেইজন কিমান মহৎ

    পৰাধীন জীৱনত কৰি।

উত্তৰঃ উক্ত কবিতা ফাকি ” ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তৰ্গত জোন আৰু জোনাকীৰ কবিতাটি পৰা তুলি লোৱা হৈছে।

উক্ত কবিতাটি ৰঘুনাথ চৌধাৰীৰ দেৱৰ দ্বাৰা ৰচিত মনাই বৰাগী পুথিৰ অন্তৰ্গত।

জোন আৰু জোনাকী কবিতাটিত জোন আৰু জোনাকী মাজত দুয়োৰে নিজৰ শক্তিক লৈ বাক যুদ্ধ হৈছিল। উক্ত বাক যুদ্ধ খনত জোনাকীয়ে জোনক কৈছিল যে এই সংসাৰত সকলোৱে নিজৰ জীৱনটো নিজ স্বাধীন মতে চলিব বিচাৰে।ঠিক তেনেদৰে জোনাকীয়েও নিজৰ জীৱনটো স্বাধীন ভাৱে চলিছিল। আৰু জোনৰ যে নিজৰ পোহৰ নাই, বেলেগৰ পোহৰ দ্বাৰা উজ্জ্বলি থাকিও ইমান গৰ্ব-অহংকাৰ কৰে সেইকাৰণে কৈছে মই ক্ষুদ্ৰ প্ৰাণী হলেও মই চিৰকাল স্বাধীন, আৰু মই দুখত প্ৰাণধিৰ থাকিলেও তোমাৰ পৰাধীন জীৱনতকৈও মহৎ।

(ঘ) ৰূপত বলিয়া হই কিয় জগতৰ

    সকলােকে হীন যেন দেখা,

ভাল কৰি মনি চোৱা নিজ শৰীৰত

    আছে দেখাে কলঙ্কৰ ৰেখা?

উত্তৰঃ উক্ত কবিতা ফাকি ” ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তৰ্গত জোন আৰু জোনাকীৰ কবিতাটি পৰা তুলি লোৱা হৈছে।

উক্ত কবিতাটি ৰঘুনাথ চৌধাৰীৰ দেৱৰ দ্বাৰা ৰচিত মনাই বৰাগী পুথিৰ অন্তৰ্গত।

জোনৰ যেতিয়া নিজৰ ৰূপটো আনৰ পোহৰ দ্বাৰা উজ্জ্বল হোৱা দেখে তেতিয়া আনন্দত মতলীয়া হৈ বলিয়া হই জগতৰ সকলোকে হীন দৃষ্টিৰে চাইছিল, কিন্তু নিজৰ শৰীৰটোত যে কলঙ্কৰ ৰেখা আছে সেইটো ভালদৰে চোৱা নাছিল। সেয়েহে জোনাকীয়ে জোনৰ ৰূপক লৈ অহংকাৰ দেখি উক্ত কথাষাৰ কৈছিল।(ঙ) এনেতে পুৱাল ৰাতি আঁতৰিল

    জোন জোনাকীও হ’ল অন্তর্ধান,

কোন সৰু কোন বৰ দুয়ােৰাে মীমাংসা

    ইঙ্গিততে দিলে সমিধান।

উত্তৰঃ উক্ত কবিতা ফাকি ” ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তৰ্গত জোন আৰু জোনাকীৰ কবিতাটি পৰা তুলি লোৱা হৈছে।

উক্ত কবিতাটি ৰঘুনাথ চৌধাৰীৰ দেৱৰ দ্বাৰা ৰচিত মনাই বৰাগী পুথিৰ অন্তৰ্গত।

জোন আৰু জোনাকী দুয়োটা প্ৰকৃতিৰ অৱদান। নিজৰ শক্তিক লৈ দুয়োৰে গৰ্ব-অহংকাৰ। দুয়োটাই কথাত কেৱে কাকো হৰুৱাব পৰা নাছিল। দুয়ো তৰ্ক লাগি থাকোতে ৰাতি পুৱাল তেতিয়াই দুয়ো সূৰ্যৰ পোহৰত অন্তৰ্ধান হল।কিন্তু কোন সৰু, কোন বৰ সমিধান নোলাল। কবিয়ে ইঙ্গিততে সমিধান দিছে এনেদৰে- ক্ষুদ্ৰ হৈয়ো চিৰকাল যিজন স্বাধীন, সেইজন দুখত প্ৰাণধাৰী থাকিলেও পৰাধীন জীৱনতকৈও মহৎ।

১৩। খালী ঠাই পূর্ণ কৰা।

(ক) আকাশী কোলাত থাকি কৰি

    নাচি নাচি উৰি উৰি যায়,

কেতিয়াবা উঠে

    সন্ধিয়াৰ বঢ়াই।

উত্তৰঃ আকাশী কোলাত থাকি চিক মিক কৰি

            নাচি নাচি উৰি উৰি যায,

    কেতিয়াবা জ্বলি উঠে ঢিমিকঢামাক

        সন্ধিয়াৰ জেউতি বঢ়াই।

(খ) লঘু হাত নােৱৰা সাৰিব

    জীৱনত আছে বহু,

 যৌৱনতে অহঙ্কাৰ চূর্ণ

        কৰিবহি ৰাহু।

উত্তৰঃ লঘু লাঞ্ছনাৰো হাত নােৱৰা সাৰিব

    জীৱনত আছে দুখ বহু,

ভৰপূৰ যৌৱনতে অহঙ্কাৰ চূর্ণ

        কৰিবহি মহাকাল ৰাহু।

ভাষা বিচাৰ

১। তলৰ শব্দ সজ্জা সমূহক কি শব্দ বুলি কোৱা হয়—

ঢিমিক-ঢামাক, লঘু-লাঞ্চনা, ভৰপুৰ, ছাৰখাৰ, আলাই-বিলাই ।

উত্তৰঃ এই শব্দ সমূহক যূৰীয়া শব্দ বুলি কোৱা হয়।

তুমি জানা আৰু চাৰিটা এনে প্ৰকাৰৰ শব্দ লিখা।

উত্তৰঃ কাকূতি-মিনতি, আঁকোৰ-গোজালি, অনাই-বনাই, অকাজ-ভাগী।

২। তলৰ শব্দবােৰৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা—

জোনাকী পৰুৱা, ঘনেপতি, জীৱজগত, পৰাধীন, চাৰিপৰ ।

উত্তৰঃ জোনাকী পৰুৱা- জোনাকী নামৰ পৰুৱা যাৰ ( বহুব্ৰীহি সমাস)

ঘনেপতি- ঘন যি পতি ( কৰ্মধাৰয় সমাস)

জীৱজগত- জীৱৰ জগত (তৎপুৰুষ সমাস)

পৰাধীন- আনৰ অধীন (তৎপুৰুষ সমাস)

চাৰিপৰ– চাৰি পৰৰ সমাহাৰ। ( দ্বিগু সমাস)।

৩। এটা শব্দত প্ৰকাশ কৰা—

(ক) যি এবাৰ জ্বলি উঠে এবাৰ নুমাব খােজে

উত্তৰঃ ঢিমিকঢামাক।

(খ) পথৰ পৰা ভ্রষ্ট

উত্তৰঃ পথভ্ৰষ্ট।

(গ) যাৰ কোনাে আশ্রয় নাই—

উত্তৰঃ আশ্ৰয়হীন।

(ঘ) যি আনৰ অধীন–

উত্তৰঃ পৰাধীন

(ঙ) মায়াৰে মােহিত কৰা স্ত্রীশক্তি

উত্তৰঃ মায়াবিনী।

প্ৰকল্প

জোন আৰু জোনাকী’ৰ দৰে তুমি জনা আন কবিতা বা কাহিনী এটি নিজৰ ভাষাৰে লিখা।

উত্তৰঃ