SVN Class 8 Assamese Chapter 16 Answer জন্মভূমি পাঠটোৰ উত্তৰ

Lesson: 16

ক্ৰিয়া কলাপ

১। চমু উত্তৰ দিয়া─

(ক) জন্মভূমি কাক বােলে?

উত্তৰঃ যি দেশত যি মানুহ ওপজে, সেই দেশক মানুহৰ জন্মভূমি বোলে।

(খ) লেখকৰ জন্মভূমি কোনখন?

উত্তৰঃ যি খন দেশত লেখক জন্ম হৈছে সেইখনে লেখকৰ জন্মভূমি।

(গ) লেখকৰ মতে তিৰােতাই কি ভাল পায়?

উত্তৰঃ তিৰোতাই নিজৰ মূৰৰ চুলি আৰু অলংকাৰ ভাল পায়।

(ঘ) লিয়নিদাচ কোন আছিল?

উত্তৰঃ লিয়নিদাচ এজন গ্ৰীক সেনাপতি আছিল।

(ঙ) পাৰস্য সেনাৰ সংখ্যা কিমান আছিল?

উত্তৰঃ পাৰস্য সেনাৰ সংখ্যা দুই নিযুত আছিল।

(চ) পাৰস্যৰ পৰা গ্ৰীচৰ ভিতৰলৈ সােমােৱা পৰ্বতীয়া বাটটোৰ নাম কি আছিল?

উত্তৰঃ থাৰ্মপিলি।

(ছ) চুলতান মামুদৰ লগত হিন্দুবিলাকৰ ৰণ লাগােতে হিন্দু তিৰােতাই কিদৰে সহায় কৰিছিল?

উত্তৰঃ চুলতান মামুদৰ লগত হিন্দু বিলাকৰ ৰণ লাগোতে হিন্দু তিৰোতাই অলংকাৰ বেছি ৰণৰ খৰছ যোগাই সহায় কৰিছিল।

(জ) কার্থেজৰ তিৰােতাই ধনুৰ ডােল খুৱাবলৈ কি দিছিল?

উত্তৰঃ কাৰ্থেজৰ তিৰোতাই ধনুৰ ডোল খুৱাবলৈ নিজৰ মূৰৰ চুলি দিছিল।

২। “ইহঁত অতি অধম লােক”– ইয়াত অধম লােক বুলি কাক, কিয় কোৱা হৈছে?

উত্তৰঃ ইয়াত অধম লোক বুলি দেশদ্ৰোহী আৰু বিশ্বাসঘাতক সকলক কোৱা হৈছে, কাৰণ তেওঁ লোকে দেশৰ শত্ৰুক সাহায্য কৰে।

৩। লেখকে দেশদ্রোহী সকলৰ পৰিণতি সম্পর্কে কি কৈছে?

উত্তৰঃ লেখকে দেশদ্ৰোহী সকলৰ নিজে পাপৰ শাস্তি পাই। সিহত স্বদেশী আৰু বিদেশী দুইৰো ওচৰত ঘৃণিত আৰু অবিশ্বাসী হয় আৰু সিঁহত একেবাৰে সৰ্বনাশ ঘটে বুলি কৈছে।

৪। থার্মপিলিৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত কোন জয়ী হৈছিল?

উত্তৰঃ থাৰ্মপিলিৰ যুদ্ধ গ্ৰীচ আৰু পাৰস্য দেশৰ মাজত হৈছিল। এই যুদ্ধত গ্ৰীকৰ সেনাপতি লিয়নিদাচ জয়ী হৈছিল।

৫। দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও আন কি প্রকাৰে দেশৰ উপকাৰ কৰিব পাৰি— পাঠৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও বেপাৰ কৰা, বাতৰি কাকত চপোৱা, মাতৃভাষা উন্নতি কৰা, দেশৰ ডাঙৰ অভাৱ গুচুৱা আদি কামত সহায় কৰি দেশৰ উপকাৰ কৰিব পাৰি।

৬। পাঠটিত লিয়নিদাচৰ স্বদেশ প্রেম কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ লিয়নিদাচে নিজৰ লগত সৈন্য লৈ শত্ৰু সৈতে যুঁজ কৰি নিজৰ জন্মভূমি যিদৰে ৰক্ষা কৰিছিল তাতে স্বদেশ প্ৰেম ভাৱ প্ৰকাশ পাইছে।

৭। “দেশহিতৈষিতাৰ এনেহে বল”— তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ দেশহিতৈষিতাৰ সকলৰ কাৰণে কোনো এটা জাতি বা কোনো এখন দেশ ৰক্ষা পৰে। যিসকল লোক দেশদ্ৰোহী সেইসকলক এওঁলোকে দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। এনে বল থকাৰ কাৰণে দেশহিতৈষিতাৰ এনেহে বল বুলি কৈছে।

৮। লেখকে এই দেশৰ উন্নতিৰ হকে অসমীয়া জাতিক দিয়া উপদেশখিনি পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ লেখকে এই দেশৰ উন্নতি হকে অসমীয়া জাতিক দিয়া উপদেশ খিনি হৈছে দেশৰ কাৰণে নিজক পাহৰিব দিছে, দেশৰ নিমিত্তে কান্দিবলৈ শিকিব দিছে, দেশৰ নিমিত্তে নিজৰ অৰ্থ, শক্তি, সময়, বিদ্যা, বুদ্ধি সকলোকে উৎসৰ্গ কৰিবলৈ দিছে।

৯। লেখকে অসমদেশৰ দুৰৱস্থাৰ হেতু কি বুলি কৈছে?

উত্তৰঃ লেখকে অসমদেশৰ দুৰৱস্থা হেতু কাৰণ হৈছে আমাৰ মানুহৰ মাজত একতা আৰু দেশানুৰাগ নাই।

১০। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাー

(ক) জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰয়সী।

উত্তৰঃ উক্ত বাক্যশাৰীৰ ” ভাৰতী সাহিত্য চয়ন” পাঠ্যপুথিৰ অন্তৰ্গত জন্মভূমি পাঠটিৰ পৰা তুলি লোৱা হৈছে।

(খ) জন্মভূমিৰ হিত চিন্তা-এটা মহাধৰ্ম।

উত্তৰঃ উক্ত বাক্যশাৰীৰ ” ভাৰতী সাহিত্য চয়ন” পাঠ্যপুথিৰ অন্তৰ্গত জন্মভূমি পাঠটিৰ পৰা তুলি লোৱা হৈছে।

আমি যিখন দেশত জন্ম হৈছো সেইখনে আমাৰ জন্মভূমি। আমি সদায় নিজৰ জন্মভূমিক ভাল পাওঁ। সেইকাৰণে আমি সকলোৱে আমাৰ দেশৰ উন্নতি কথালৈ মন দিব লাগে। নিজৰ দেশ উন্নতি হলেহে আমি উন্নতি হম। সদায় দেশৰ বা জন্মভূমি হিতৰ কাৰণে চিন্তা কৰিব লাগে। জন্মভূমি হিত চিন্তা কৰা এটা মহা ধৰ্ম।

(গ) জন্মভূমিৰ ঘোৰ দুৰৱস্থা অসমীয়াৰ ঘোৰ টোপনি।

উত্তৰঃ উক্ত বাক্যশাৰীৰ ” ভাৰতী সাহিত্য চয়ন” পাঠ্যপুথিৰ অন্তৰ্গত জন্মভূমি পাঠটিৰ পৰা তুলি লোৱা হৈছে।

আমাৰ জন্মভূমি হৈছে অসম। অসমৰ খেতি, বেপাৰ, বিষয় সকলোৰে সৰহভাগ বিদেশী ভোগ হৈছে আৰু সুখী হৈছে।কিন্তু অসংখ্য অসমীয়াৰ ভাত-কাপোৰ আকাল হৈছে।আমাৰ কিছুমান মানুহৰ মাজত একতা আৰু দেশানুৰাগ নাই। সকলোৱে মিলি দেশৰ উপকাৰ কৰিব লাগে। আমাৰ মনত লৰা-তিৰোতাই সকলো।সকলোৱে কেৱল নিজৰ উন্নতি তোহে জানে। কিন্তু দেশৰ উন্নতি নহলে যে নিজৰো উন্নতি নহয় সেইটো ভালকৈ বুজ নলয়। অসমীয়া মানুহে প্ৰায় সকলে বিষয়তে পৰৰ মুখলৈ চায়। কোনো অসমীয়া উন্নতি হোৱা দেখিলে আমাৰ চকুৰ পোৰে, কিন্তু বিপদ হলে আমাৰ আনন্দ লাগে। সেই কাৰণে কৈছে জন্মভূমি দুৰৱস্থা অসমীয়াৰ ঘোৰ টোপনি।

১১। “ককাই তুমি বস্তু গত লগাব নেলাগে, ৰণলৈ যোৱা, বস্তু মই গত লগাম”一 কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ ভনীয়েকে ককায়েকক জন্মভূমি ৰক্ষা প্ৰসংগত কৈছিল।

ভাষা-বিচাৰ

১। তলৰ সমস্তপদবোৰৰ ব্যাসবাক্য লিখি সমাসৰ নাম লিখা।

জন্মভূমি -জন্ম যি ভুমি।

দেশদ্ৰোহী– দেশত যি দ্ৰোহী।

দেশহিতৈষী– দেশত যি হিতৈষী।

অকাল-

মাতৃভাষা– মাতৃ যি ভাষা।

চিন্তানল-

মহাত্মা– মহা যি আত্মা।

মহাধৰ্ম– মহা যি ধৰ্ম।

২। সন্ধি-ভাঙাঃ

কৰ্তব্য, দেশধিপতি, যাৱজ্জীৱন, দুৰৱস্থা, দুৰ্দশা, উন্নতি।

কৰ্তব্য

দেশধিপতি– দেশ+অধিপতি

যাৱজ্জীৱন– যাবত+জীৱন।

দুৰৱস্থা– দুঃ+অৱস্থা

দুৰ্দশা– দুঃ+দশা

উন্নতি

৩। ভাৱ সম্প্ৰাসৰণ কৰাঃ

(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ মানুহ হৈছে সমাজপ্ৰিয়। সমাজত বাস কৰা সকলৰ মাজৰে যদি কোনো এটা কাজ অকলে কৰিব নোৱাৰে তেতিয়া ৰাইজৰ সহায় ললে সেই কামটো কৰিবলৈ সক্ষম হয়।

(খ) একতাৰ অসাধ্য একো নাই।

উত্তৰঃ কোনো এটা কাম যদি আমি অকলে নোৱাৰো তেতিয়া আমি সকলোৱে একেলগে কৰিলে কামটো সফল হব পাৰিম।

(গ) এশ গৰু খালে বাঘৰো মৰণ।

উত্তৰঃ বাঘ হল মাংসভোজী প্ৰাণী। সেয়েহে সিহতে বেলেগ জীৱ-জন্তু বধ কৰি খায়। এনেকৈ সিহতে এটি-দুটি কৈ গৰু মাৰোতে মাৰোতে সিহতৰো এদিন মৰণ আহে। সেয়েহে ইয়াৰ পৰা বুজাইছে যে কোনো মানুহে আনক ঠগি থাকোতে এদিন নিজৰো মৰণ আহে।

(ঘ) চেষ্টাৰ অসাধ্য একো নাই।

উত্তৰঃ মানুহে কোনো এটা কাম কৰিলে সেই কামটো যদি এবাৰ কৰোতে সফল হব নোৱাৰে। তেতিয়া বাৰে বাৰে চেষ্টা কৰিব লাগে। বহু চেষ্টাৰ ফলত কামটোত এদিন সফল হব।

৪। বাক্য সাজাঃ

কাকতি-ফৰিঙ, মহাত্ৰাস, কণা-মুনা, ঘোৰতৰশ, অস্ত্ৰ-শস্ত্ৰ, যাৱৎ-চন্দ্ৰ-দিবাকৰ, দেশহিতৈষী, মান-অপমান,সুখ-দুখ, দেশানুৰাগ, আকাল বিকাল।

উত্তৰঃ কাকতি-ফৰিংঃ কাকতি-ফৰিঙে জাক পাতি আহি খেতি নষ্ট কৰে।

মহাত্ৰাসঃ

কণা-মুনাঃ মানুহ বয়সস্থ হৈ আহিলে কণা-মুণা অৱস্থা হয়।

ঘোৰতৰঃ দেশদ্ৰোহী লোক ঘোৰতৰ হয়।

অস্ত্ৰ-শস্ত্ৰঃ অস্ত্ৰ- শস্ত্ৰ থাকিলেহে যুদ্ধত জয়ী হব পাৰি।

যাৱৎ-চন্দ্ৰ-দিবাকৰঃ

দেশহিতৈষীঃ দেশহিতৈষি মানুহৰ এটা ডাঙৰ ভাব।

মান-অপমানঃ যি সকল লোক দেশদ্ৰোহী সেই সকলে সদায় আনৰ পৰা মান-অপমান পায়।

সুখ-দুখঃ সুখ-দুখ হৈছে মানুহৰ এটা অনুভৱ।

দেশানুৰাগঃ আমাৰ সকলোৰে মাজত দেশানুৰাগ থকা উচিত।

আকাল বিকালঃ এটা সময়ত অসমৰ মানুহৰ ভাত কাপোৰ আকাল বিকাল হৈছিল।

প্ৰকল্প অসমৰ এগৰাকী স্বদেশহিতৈষী লোকৰ বিষয়ে এখন ৰচনা লিখা।