AHSEC Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি পাঠটোৰ উত্তৰ

Chapter 5

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

প্রশ্নাৱলীঃ

১। সংবেদন বুলিলে কি বুজা ? সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰঃ ইন্দ্ৰি়য় সমূহ উদ্দিপকৰ সংস্পৰ্শলৈ অহাৰ লগে লগে উদ্দিপক সম্বন্ধে মনত যি প্ৰাথমিক চেতনা অনুভব হয় তাকে সংবেদন বোলে। উদ্দীপক, শৰীৰ আৰু মন এই তিনিটাৰ পাৰস্পৰিক ক্ৰিয়াত সংবেদন অনুভূত হয়। উদ্দিপকৰ লগত ইন্দ্ৰিয়ৰ সংযোগ ঘটাৰ লগে লগে ইন্দ্ৰিয় কোষবোৰ উত্তেজিত হয় আৰু অন্তমুখী স্নায়ুৰ সহায়ত সেই উদ্দীপনা মগজুলৈ প্ৰবাহিত হয়। তেতিয়াই উদ্দীপক সম্পৰ্কে মনত যি প্ৰাথমিক চেতনাৰ সঞ্চাৰ হয় তাকে সংবেদন বোলে।

সংবেদনৰ বৈশিষ্ট্যসমূহ হলঃ

১. জ্ঞান বা অভিজ্ঞতাৰ সৰলতম উপাদান হল সংবেদন। সংবেদনৰ সহায়ত আমি বাহিৰা জগতৰ পৰা জ্ঞান লাভ কৰোঁ।

২. উদ্দীপক হল সংবেদনৰ মূল কাৰণ। উদ্দিপকে দেহৰ ওপৰত ক্ৰিয়া কৰাৰ ফলত সংবেদনৰ সৃষ্টি হয়।

৩. সংবেদন বস্তু কেন্দ্ৰিক মানসিক অৱস্থা মাথোন। সংবেদন মানসিক অৱস্থা হলেও কিন্তু ই বস্তু কেন্দ্ৰিক অৰ্থাৎ উদ্দীপকৰ ওপৰত নিৰ্ভৰশীল।

৪. সংবেদন মনৰ এক নিষ্ক্ৰিয় অৱস্থা। সংবেদনৰ বেলিকা মনে বাহিৰা জগতৰ উদ্দীপনা নিষ্ক্ৰিয় ভাবে গ্ৰহণ কৰে। ব্যক্তিয়ে নিজৰ ইচ্ছাৰে এই উদ্দীপনা গ্ৰহণ নকৰে। বাহিৰৰ পৰা জোৰ কৰি এই উদ্দীপনা জাপি দিয়া হয়।

২।সংবেদন কেই প্রকাৰৰ? জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পার্থক্য লিখা ।

উত্তৰঃ ইন্দ্ৰি়য় সমূহ উদ্দিপকৰ সংস্পৰ্শলৈ অহাৰ লগে লগে উদ্দিপক সম্বন্ধে মনত যি প্ৰাথমিক চেতনা অনুভব হয় তাকে সংবেদন বোলে। সংবেদন তিনি প্ৰকাৰৰ।

জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পার্থক্য হল –

১. পাকস্থলীৰ পেশী সমূহৰ ক্ৰিয়া প্ৰক্ৰিয়া আৰু দৈহিক পৰিবৰ্তনৰ ফলত জৈৱিক সংবেদনৰ সৃষ্টি হয় আনহাতে মাংসপেশী আৰু তন্তু সমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই স্নায়ু কোষ সমূহত এক উদ্দীপনাৰ সৃষ্টি কৰে তাকে পেশীয় সংবেদন বুলি কোৱা হয়।

২. জৈৱিক সংবেদন সমূহ আভ্যন্তৰীণ ভাবে সৃষ্টি হয় কিন্তু পেশীয় সংবেদন সমূহ ব্যহিক ভাবে প্ৰকাশ পায়।

৩. জৈৱিক সংবেদনৰ উদাহৰণ হলঃ ক্ষুধা আৰু তৃষ্ণা, আনহাতে পেশীয় সংবেদনৰ উদাহৰণ হল – খোজ কঢ়া, কাম কৰা আদি।

৩। সংবােধন কাক বােলে ? সংবােধন বিভিন্ন স্তৰৰ যােগেদি কেনেকৈ গঠন হয় লিখা।

উত্তৰঃইন্দ্ৰি়য়গ্ৰাহ সংবেদন ৰ অনুভূতিক অৰ্থ যুক্ত আৰু জ্ঞান যুক্ত কৰি তোলা মনৰ সক্ৰিয় অৱস্থা হল সংবোধন। উদ্দীপক সম্পৰ্কে সংবেদন যেতিয়া অৰ্থ পূৰ্ণ হয় তেতিয়া তাক সংবোধন বুলি কোৱা হয়।

সংবােধনৰ বিভিন্ন স্তৰ সমূহ হল –

১. প্ৰভেদ নিৰূপণ বা পৃথকীকৰণ:- যেতিয়া আমাৰ এক বিশেষ সংবেদন অনুভূত হয় , তেতিয়া আমি তাক অন্য সংবেদত্মক অনুভূতিৰ পৰা পৃথক কৰি লৈ বোধগম্য কৰোঁ।

২. সাদৃশ্যকৰণ: অতীতৰ লাভ কৰা পৰিচিত সংবেদত্মক অনুভূতি ৰ তুলনা কৰি বা সাদৃশ্যকৰণৰ যোগেদি সংবোধন গঢ়ি উঠে। মানুহৰ বা চিনাকি বন্ধুৰ কণ্ঠ স্বৰ পৃথকী কৰণৰ যোগেদি উপলব্ধি কৰা হয়।

৩. আনুসংগ আৰু পুনৰুদ্ভাৱন :- অতীত অভিজ্ঞতা বা ঘটনাৰ পুনৰুদ্ভাৱন আৰু ভাৱৰ অনুসংগৰ যোগেদি সংবোধন গঢ়ি ‌ উঠে। নেমু টেঙা দেখি প্ৰথমতে মোৰ সংবেদনাত্মক অনুভূতি হল। তাৰ পিছত তাৰ সোৱাদ ললো। পিছত নেমূ টেঙা দেখিলে আগৰ টেঙা খোৱা অভিজ্ঞতা মনত পৰিব। অৰ্থাৎ খোৱাৰ অতীত অভিজ্ঞতা পুনৰ স্মৰণ কৰা হব।

৪. বাস্তৱকৰণ আৰু স্থান নিৰূপণ :- বৰ্তমান সংবেদত্মক অনুভূতিয়ে অতীতৰ সংবেদনক পুনৰু উদ্ধাৰ কৰাৰ পিছত সংবেদনৰ উৎস উপলব্ধি কৰি তাক বিশেষ স্থানত অৱস্থিত কৰি সেই স্থান নিৰূপিত কৰা হয় ।

৫. বিশ্বাসঃ শেষত উদ্দীপকৰ বাস্তব অস্তিত্বক বিশ্বাস কৰি সংবোধন দৃঢ় কৰি লোৱা হয় । আৰু বজাৰত নেমু টেঙা বোৰ দেখিলে নেমু টেঙাৰ বাস্তৱ অস্তিত্বক বিশ্বাস কৰা হয় ।

৪। সংবেদন আৰু সংবােধনৰ সম্বন্ধ বুজাই লিখা ।

উত্তৰ: মন , উদ্দীপক, আৰু ইন্দ্ৰিয়ৰ সান্নিধ্যত সৃষ্টি হোৱা সংবেদন এক সৰলতম মানসিক অৱস্থা । সংবেদনক বাখ্যা কৰিলে সংবােধনত পৰিণত হয়। গতিকে দেখা যায় যে দুয়োটাৰে মাজত ঘনিষ্ঠ সম্পৰ্ক আছে । দুয়োটাৰ মাজৰ সম্পৰ্ক লক্ষ্য কৰিলে কিছুমান সাদৃশ্য আৰু বৈসাদৃশ্য কিছুমান থকা দেখা যায় ।

সাদৃশ্য : –

১. সংবেদন আৰু সংবােধন দুয়ো ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল । উদ্দীপকে যদি আমাৰ ইন্দ্ৰিয় সমূহ উত্তেজিত নকৰে তেনেহলে সংবেদন আৰু সংবােধন সৃষ্টি নহয় ।

২. সংবেদন আৰু সংবােধন দুয়োটাই বহিঃমূখি। বাহ্যিক জগতৰ উদ্দীপকৰ ওপৰত দুয়োটা নিৰ্ভৰশীল ।

বৈসাদৃশ্য :-

১. সংবেদন হল উদ্দীপনাৰ প্ৰাথমিক সৰল অনুভূতি । কিন্তু সংবোধন এটা জটিল মানসিক প্ৰক্ৰিয়া । সংবেদন আৰু সংবােধন

২. সংবোধন হল জ্ঞান যুক্ত আনহাতে সংবেদন জ্ঞান নহয়, ই জ্ঞানৰ উপাদান যোগাই।

৩. সংবেদন নিষ্ক্ৰিয়, আনহাতে সংবোধন সক্ৰিয় প্ৰক্ৰিয়া । সংবোধনৰ ক্ষেত্ৰত কেৱল উত্তেজনাক গ্ৰহণ কৰা হয় কিন্তু সংবেদনৰ বেলিকা মনোযোগ, ইচ্ছা আদিৰে উত্তেজনাক ব্যাখ্যা কৰা হয়।

৪. সংবেদন হল বস্তুৰ গুণৰ চেতনা , কিন্তু সংবোধন হল গুণ বিশিষ্ট অস্তিত্বৰ চেতনা । ৰঙা ৰংটো হল সংবেদন , আৰু ৰঙা ৰংৰ বস্তুটো হল সংবোধন ।

৫। সংপ্রত্যক্ষ কাক বােলে ? শিক্ষকে সংপ্রত্যক্ষৰ যােগেদি কেনেকৈ শিক্ষণ প্রক্রিয়া সফল কৰি তুলিব পাৰে লিখা ।

উত্তৰঃ সংবোধনৰ উন্নত মানসিক স্তৰকে সংপ্রত্যয়ন বোলে । পূৰ্বৰ জ্ঞান অভিজ্ঞতা সুসংবদ্ধ হোৱাৰ পিছত আমাৰ মনত এটা সাধাৰণ ধাৰণা গঢ়ি উঠে তাকে সংপ্রত্যায়ন বোলে । যেনে মানুহ , গৰু , মেকুৰী সূৰ্য আদিৰ বিষয়ে এক সুসংবদ্ধ ধাৰণা গঢ় লৈ উঠে ।সংপ্রত্যয়ন গঠন হৈছে এক ক্ৰম বদ্ধমান প্ৰক্ৰিয়া ।

ভাষাৰ বিষয়ৰ ওপৰত সংপ্রত্যয়ন গঠন ঘাইকৈ নিৰ্ভৰ কৰে । ভাষা হৈছে চিন্তা আৰু ভাৱৰ আদান প্ৰদানৰ আহিলা । শিক্ষা ক্ষেত্ৰত ভাষা প্ৰয়োগৰ যোগেদি সংপ্রত্যয়ন গঠন কৰা উচিত । শিশুৰ মনত নিৰ্ভুল সংপ্রত্যয়ন বা ধাৰণা গঢ়ী উঠাৰ ওপৰত শিক্ষকে প্ৰাথমিক আৰু মাধ্যমিক স্তৰত নিৰ্ভুল ধাৰণা গঠনৰ ক্ষেত্ৰত মনোযোগ দিব লাগে । শিশুৱে বাস্তৱ অভিজ্ঞতাৰ যোগেদি আন কথাত শিশুৱে বিভিন্ন বস্তু দেখি, শুনি, স্পষ্ট সংপ্রত্যয়ন লাভ কৰে । সেয়েহে প্ৰাক প্ৰাথমিক স্তৰত শিশুৰ ইন্দ্ৰি়য় প্ৰশিক্ষণ অতি প্ৰয়োজনীয় । শিক্ষকে শিক্ষা দান কৰাৰ সময়ত শিশুৱে জনা কথা বা পূৰ্ব অভিজ্ঞতা ৰ ভিত্তিত আৰম্ভ কৰি তাৰ লগত সম্বন্ধ থকা নতুন পাঠ আৰম্ভ কৰিলে শিশুৰ বাবে সেই পাঠ অধিক মনোগ্ৰাহী হয় । পাঠদান সময়ত শিক্ষকে চিত্ৰ, ছবি, আৰ্হি বা মানচিত্ৰ আৰু আকৰ্ষণীয় সঁজুলি ব্যবহাৰ কৰা উচিত তেতিয়াহে শিশু সকলৰ মনত প্ৰতিটো বস্তুৰ সঠিক ধাৰণা গঢ়ি  উঠিব । শিশুৰ দেহ মানসিক পৰিপক্কতা ৰ ওপৰত সংপ্রত্যয়ন গঠন নিৰ্ভৰ কৰে বাবে শিক্ষকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা প্ৰদান ব্যবস্থা কৰিব লাগে  তেতিয়াহে শিক্ষা প্ৰক্ৰিয়াক সফল কৰি তুলিব পৰা যায় ।

৬। ইন্দ্রিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰ মুখ’- কোনে কি প্রসঙ্গত এই কথাষাৰ কৈছিল ? ব্যাখ্যা কৰা ।

উত্তৰঃ ইন্দ্রিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰ মুখ’ কথাষাৰ ৰুছো ই কৈছিল ।

ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা লাভ কৰা দৈহিক সংবেদন স্নায়ু তন্ত্ৰৰ সহায়ত মস্তিষ্ক লৈ প্ৰেৰণ কৰে। লগে লগে মস্তিষ্ক সক্ৰিয় হৈ উঠে আৰু মানসিক ক্ৰিয়া আৰম্ভ হয় আৰু আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰি়য় সমূহকে গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয়। চকু, কাণ নাক, জিভা, ছাল হৈছে আমাৰ প্ৰধান ইন্দ্ৰি়য়। ইন্দ্ৰি়য় সমূহৰ প্ৰতেকৰে বেলেগ বেলেগ উদ্দিপক আছে। সেইবাবে আমাৰ সংবেদনাত্মক অনুভূতি বেলেগ হয় ।

          ইন্দ্ৰি়য় সমূহে আমাক বাহ্যিক জগতৰ প্ৰতি টো বস্তুৰ পৰা জ্ঞান আহৰণ কৰাত সহায় কৰে। চকু আৰু কান হৈছে আমাৰ গুৰুত্বপূৰ্ণ ইন্দ্ৰি়য় । চকু, কাণ, নাক জিভা আৰু ছাল ৰ সংবেদন অবিহনে আমি কোনো জ্ঞান আহৰণ কৰিব নোৱাৰো। চকুৰ সহায়ত আমি বাহ্যিক জগতৰ প্ৰতিটো বস্তু দেখা পাওঁ আৰু কোন বস্তু কেনে ধৰণৰ তাৰ বৰণ কেনে তাৰ আকৃতি কেনে আদি সকলো জ্ঞান আমাক চকু ইন্দ্ৰি়য়ৰ পৰা লাভ কৰোঁ । কাণ হৈছে  আমাৰ শ্ৰৱণ শক্তি লগত এটা ইন্দ্ৰি়য়। কানে আমাক উদ্দিপকৰ শব্দ শুনাই বিভিন্ন বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰাত সফল কৰে। আমি নাকৰ সহায়ত আমি গোন্ধ পাওঁ। ঘ্ৰাণ সংবেদন লাভ কৰি বস্তুৰ চিনাক্ত কৰিবলৈ নাকে আমাক সহায় কৰে। ভিজাৰ সহায়ত আমি স্বাদ লাভ কৰোঁ। জিভাৰ সহায়ত আমি বস্তুৰ প্ৰয়োজনীয়তা , ভাল নে বেয়া আদি বুজি তাৰ পৰা জ্ঞান আহৰণ কৰাত সহায় কৰে। ছাল ৰ জৰিয়তে আমি স্পৰ্শ অনুভূতি লাভ কৰোঁ। ছালে আমাক  উষ্ণতা পৰিৱেশৰ জ্ঞান লাভ কৰাত সহায় কৰে।  প্ৰতিটো ইন্দ্ৰি়য় নিজস্ব কিছুমান সংবেদন লাভ কৰা ক্ষমতা আছে। যিবোৰ সহায়ত আমি বস্তু সমূহৰ পৰা জ্ঞান লাভ কৰি উঠো। ইন্দ্ৰি়য় অবিহনে আমি কেতিয়াও কোনো জ্ঞান আহৰণ কৰিব নোৱাৰো। ইন্দ্ৰি়য় সমূহ হৈছে জ্ঞানৰ মূল ভেটি। প্ৰতিটো বস্তুৰ জ্ঞান আমাক

ইন্দ্ৰি়য় সমূহে প্ৰদান কৰে বাবে ইন্দ্ৰিয়সমূহক জ্ঞানৰ দুৱাৰ বুলি কোৱা হয় ।

৭। সংপ্রত্যয়নৰ দ্বাৰা মানসিক মিতব্যয় ( Mental economy ) কেনেকৈ হয় ? সংপ্রত্যয়নৰ বৈশিষ্ট্যমূহ লিখা।

উত্তৰ:- সংবোধনৰ উন্নত মানসিক স্তৰকে সংপ্রত্যয়ন বোলে। পূৰ্বৰ জ্ঞান অভিজ্ঞতা সুসংবদ্ধ হোৱাৰ পিছত আমাৰ মনত এটা সাধাৰণ ধাৰণা গঢ়ি উঠে তাকে সংপ্রত্যায়ন বোলে । যেনে মানুহ , গৰু , মেকুৰী সূৰ্য আদিৰ বিষয়ে এক সুসংবদ্ধ ধাৰণা গঢ় লৈ উঠে ।

সংপ্রত্যয়নৰ দ্বাৰা মানসিক মিতব্যয় হোৱাৰ কাৰণ সমূহ হল –

১. চিন্তাৰ প্ৰয়োজনীয় উপাদান হিচাপে সংপ্রত্যয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । সংপ্রত্যয়নৰ যোগেদি আমাৰ জ্ঞান, অভিজ্ঞতা , বস্ত আদি সুসংগঠিত কৰাত সহায় কৰে ।

২. সংপ্রত্যয়ন সহায়ত মানসিক পৰিশ্ৰম লাঘব হয় । কিয়নো ইয়াত বিষয় বস্তু বা উদ্দীপকৰ বিৱৰণ প্ৰয়োজন নকৰে ।

৩. সংপ্রত্যয়নৰ সহায়ত যুক্তি আৰু অনুমান গঠন কৰিব পাৰি ।

৪. সংপ্রত্যয়নে চিন্তাৰ পৰিধি প্ৰসাৰিত কৰে । চিন্তাক বৰ্তমানত আবদ্ধ নাৰাখি অতীত আৰু ভৱিষ্যত লৈ প্ৰসাৰিত কৰে ।

৫. প্ৰতক্ষ্য, পৰ্যবেক্ষণ, মনোযোগ, স্মৃতি, বিশ্লেষণ আদি মানসিক ক্ৰিয়া ৰ ওপৰত সংপ্রত্যয়ন নিৰ্ভৰ হোৱা বাবে মনৰ আন আনুসংগিক ক্ৰিয়া সমূহৰ উৎকৰষ সাধন হয় ।

সংপ্রত্যয়ন বৈশিষ্ট সমূহ হল –

১. সংপ্রত্যয়ন সংবেদনৰ বিষয় বস্তু নহয়। সংপ্রত্যয়নৰ লগত সংবেদনৰ পোনপটীয়া সংযোগ নাথাকে। সংপ্রত্যয়ন চিন্তাৰ হে উপাদান।

২. সংপ্রত্যয়ন সংবোধনৰ ওপৰত নিৰ্ভৰশীল। সংবোধন যিমান স্পষ্ট আৰু নিৰ্ভুল হয় , সংপ্রত্যয়ন ও সিমান নিৰ্ভুল আৰু স্পষ্ট হয়।

৩. সংপ্রত্যয়ন গুণগত আৰু আকৃতিগত দুয়ো বিধৰ হব পাৰে । যেনে – সমাজিকতা, দুৰ্বলতা, ডাঙৰ, সৰু, ঘূৰণীয়া আদি ।

৪. সংপ্রত্যয়ন ইন্দ্ৰি়য়গত বস্তুৰ সংস্পৰ্শ লৈ নহকৈ গঢ়ি ‌ উঠা বাবে কেতিয়াবা ইয়াৰ বাস্তব ভিত্তি নাথাকে। যেনে – ভূত প্ৰেত, দৈত্য দানৱ আদি ।

৫. সংপ্রত্যয়ন হৈছে শ্ৰেণী কৰনৰ ভিত্তি । যেনে – প্ৰাণী ধাৰণাৰ সহায়ত মানুহ, গৰু আদি শ্ৰেণী বদ্ধ কৰা হয় ।

৮। চমুটোকা লিখাঃ

( ক ) মস্তিষ্ক

উত্তৰ :- মূৰৰ লাও খোলাৰ ভিতৰত থকা বগা আৰু কোমল পদাৰ্থ খিনিকে মস্তিষ্ক বুলি কোৱা হয়। মস্তিষ্ক আমাৰ শৰীৰৰ এক কতৃত্বশীল অংশ মস্তিষ্কৰ নিৰ্দেশ মতে শাৰীৰিক ক্ৰিয়া কলাপ বোৰ সম্পাদিত হয়। আমাৰ সকলো প্ৰকাৰৰ সংবেদনাত্মক স্থান মস্তিষ্কত অবস্থিত। স্বাভাৱিকতে এজন মানুহৰ মগজুৰ ওজন পৰিমাণ ১৪৫০ গ্ৰাম হয় । মগজুৰ প্ৰধান ভাগ চাৰিটা হল –

১. গুৰু মস্তিষ্ক :- গুৰু মস্তিষ্ক হৈছে সৰ্ব বৃহৎ আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ অংশ। গুৰু মস্তিষ্ক দুটা সমান গোলাৰ্ধত ভাগ কৰা হৈছে। গুৰু মস্তিষ্ক ধূসৰ আৰু বগা পদাৰ্থৰে গঠিত । গুৰু মস্তিষ্ক আৱৰণৰ ভিতৰত অসংখ্য সৰু সৰু ৰেখা বা ফাট আছে । এই ভাঁজ যিমানে বেছি হয় সিমানে মানুহৰ বুদ্ধিৰ পৰিমাণ বেছি হয় । গুৰুমস্তিষ্কৰ প্ৰধান কাৰ্য হল সংবেদন , কল্পনা, চিন্তা ইচ্ছা , বিচাৰ -বুদ্ধিৰ কাম , আবেগ , স্মৃতি মনোযোগ আদি সকলো কাৰ্য সম্পাদন কৰা।

২ অধ:মস্তিষ্ক :- ৰাজহাড়ৰ ভিতৰত থকা মেৰুমজ্জা আয়তনত ডাঙৰ হৈ মূৰত প্ৰবেশ কৰিছে আৰু এই ডাঙৰ অংশ টোকে অধঃমস্তিষ্ক বোলে । মেৰু মজ্জা আৰু মস্তিষ্কক অধ:মস্তিষ্কই সংযোগ কৰিছে। মেৰুমজ্জাৰ পৰা মস্তিষ্কলৈ প্ৰবেশ কৰা সমূহৰ গমন পথ হিচাপে কাৰ্য কৰে । হাঁচি মাৰা, কাঁহ উঠা লালটি নিঃসৰণ হোৱা শ্বাস ক্ৰিয়া আদি অধ:মস্তিষ্ক ই নিয়ন্ত্ৰণ কৰে।

৩. সেতু মস্তিষ্ক : – দেখিবলৈ সেতুৰ নিচিনা বাবে ইয়াত নাম সেতু মস্তিষ্ক ।অধ:মস্তিষ্কৰ ওপৰত ই অবস্থিত । লঘু মস্তিষ্কৰ দুটা অংশক সেতু মস্তিষ্ক ই সংযোগ কৰে বাবে ইয়াক যোজক বুলি কোৱা হয়। প্ৰমস্তিষ্কৰ পৰা অহা স্নায়ু বোৰে সেতু মস্তিষ্কৰ মাজেৰে শৰীৰৰ বিভিন্ন অংশ লৈ বিয়পি গৈছে ।

৪. লঘু মস্তিষ্ক :- অধঃমস্তিষ্কৰ ওপৰ ভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশ টোকে লঘু মস্তিষ্ক বোলে। ইয়াৰ দুটা অংশ আছে আৰু এই অংশ দুটা আকৌ সেতু মস্তিষ্ক দ্বাৰা সংলগ্ন । . দৈহিক সংগতি সাধন , দৈহিক সমতা ৰক্ষা কৰা আৰু মাংস পেশীসমূহক সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জস্য স্থাপন কৰা লঘুমস্তিষ্কৰ প্ৰধান কাৰ্য ।খোজ কঢ়া, কথা কোৱা আদি অভ্যাস সিদ্ধ কাম বোৰ নিয়ন্ত্ৰন কৰাটো লঘুমস্তিষ্কৰ এক গুৰুত্বপূৰ্ণ কাৰ্য ।

৫. মধ্যমস্তিষ্ক:- লঘুমস্তিষ্কৰ উপৰি ভাগৰ সন্মুখত মধ্য মস্তিষ্ক অবস্থান। ই মস্তিষ্কৰ মূলদেশ বা ভেঁটি । ইয়াৰ চেটক আৰু অধিচেতক নামে দুটা অংশ আছে। থেলামাচৰ কাম হল বিভিন্ন ইন্দ্ৰি়য়ৰ পৰা আহি থকা স্নায়ুতৰঙ্গ ক প্ৰমস্তিষ্কৰ বিভিন্ন সংবেদন কেন্দ্ৰ লৈ প্ৰেৰণ কৰা। আবেগ জনিত প্ৰতিক্ৰিয়া সমূহৰ নিয়ন্ত্ৰন কৰাৰ কেন্দ্ৰ স্থল হল হাইপথেলামাছ ।

( খ ) উদ্দীপক

উত্তৰ :- বাহ্য জগতৰ বিভিন্ন বস্তু বা অৱস্থাৰ দ্বাৰা আমাৰ সংবেদনাত্মক অনুভূতি হয় । এই বিলাকৰ কিছুমানে আমাৰ মনোযোগ আকৰ্ষণ কৰে আৰু আন কিছুমানৰ প্ৰতি আমি আকৰ্ষিত নহও । যিবিলাক বস্তু বা অৱস্থা বিশেষে আমাৰ ইন্দ্ৰি়য় সমূহ উত্তেজিত কৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেইবিলাক বস্তু বা অৱস্থা বিশেষক উদ্দীপক বুলি কোৱা হয় । আমাৰ জ্ঞান ইন্দ্ৰি়য় সমূহৰ প্ৰতেকৰে ভিন্ন ভিন্ন উদ্দীপক আছে। উদ্দীপকে আমাৰ শৰীৰৰ বিভিন্ন জ্ঞানইন্দ্ৰি়য়ক উত্তেজিত কৰি সেই উদ্দীপনাক সংবেদনাত্মক স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে ।

( গ ) গ্রহণেন্দ্রিয়

উত্তৰ :– ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্ক লৈ প্ৰেৰণ কৰে। আৰু আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰি়য় সমূহকে গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয়। চকু, কাণ নাক, জিভা, ছাল হৈছে আমাৰ প্ৰধান ইন্দ্ৰি়য়। ইন্দ্ৰি়য় সমূহৰ প্ৰতেকৰে বেলেগ বেলেগ উদ্দিপক আছে। সেইবাবে আমাৰ সংবেদনাত্মক অনুভূতি বেলেগ হয় । আমাৰ মানসিক জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত গ্ৰহনেন্দ্ৰিয়সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গ্ৰহনেন্দ্ৰিয়সমূহৰ অবিহনে আমি কোনো কাম কৰিব নোৱাৰো। আৰু কোনো ধৰণৰ সংবেদনাত্মক অনুভূতি লাভ কৰিব নোৱাৰো।

আমাৰ পাঁচটা গ্রহণেন্দ্রিয় হল –

১. চকু :- চকুৰ উদ্দিপক হৈছে পোহৰ। চকু হৈছে শ্ৰেষ্ঠ আৰু প্ৰয়োজনীয় ইন্দ্ৰি়য়। চকুৰ জৰিয়তে আমি পৰিবেশৰ উদ্দীপক সমূহ দেখা পাওঁ। যিকোনো বস্তু দৃষ্টি গোচৰ কৰি বিভিন্ন কাৰ্য সমাপন কৰাত চকুৱে আমাক সহায় কৰে।

২. কাণ :- জ্ঞান আহৰণ ৰ প্ৰধান গ্ৰহণেন্দ্ৰিয় হল কাণ আৰু চকু। কাণ ৰ উদ্দীপক শব্দ। কানৰ সহায়ত আমি শব্দৰ সংবেদন লাভ কৰোঁ। শব্দ গ্ৰহন কৰি দৈনন্দিন জীৱনত কাৰ্য কৰাত কানে আমাক সহায় কৰে।

৩. নাক :- নাকৰ উদ্দীপক বাস্পীয় পদাৰ্থ । নাকৰ সহায়ত আমি গোন্ধ পাওঁ। ঘ্ৰাণ সংবেদন লাভ কৰি বস্তুৰ চিনাক্ত কৰিবলৈ নাকে আমাক সহায় কৰে।

৪. জিভা :- জিভাৰ উদ্দীপক দ্ৰবনীয় পদাৰ্থ। জিভাৰ সহায়ত আমি স্বাদ পাওঁ। মিঠা, টেঙা, তিতা, লুণীয়া আদি স্বাদ ৰ সংবেদন আমি জিভাৰ সহায়ত পাব পাৰোঁ। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জিভাই আমাক সহায় কৰে।

৫. ছাল – ছালৰ উদ্দীপক হৈছে অভিযান্তিক চাপ নাইবা শীত তাপ সম্বন্ধীয় শক্তি। ছালৰ সহায়ত আমি স্পৰ্শ সংবেদন লাভ কৰোঁ । আমি শৰীৰত আঘাত পালে ছালৰ সহায়ত জ্ঞান লাভ কৰি উঠো।

গ্ৰহণেন্দ্ৰিয় সমূহে আমাক সংবেদন লাভ কৰাত সহায় কৰে লগতে মানসিক দিশ সমূহৰ বিকাশ সাধন কৰে। গ্ৰহণেন্দ্ৰিয় অবিহনে মানুহে কোনো কাৰ্য সম্পদন কৰিব নোৱাৰে ।

( ঘ ) অনালী গ্রন্থী

উত্তৰ:- অনালী গ্রন্থীৰ পৰা নি: সৰণ হোৱা গ্রন্থী ৰস ৰক্ত প্ৰবাহ ৰ লগত মিলি যায় ।অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা ওলোৱা গন্থিৰসক হৰমোন বুলি কোৱা হয় । অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা যি হৰমোন নিঃসৰণ হয় সি আমাৰ শৰীৰৰ তেজত মিলি গৈ সমগ্ৰ শৰীৰতে বিয়পি পৰে । এই গ্ৰন্থি ৰসে শৰীৰত এক দেহ ৰসয়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই ক্ৰিয়াৰ ওপৰত ব্যাক্তিৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে। আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত হৰমোনৰ ভূমিকা গুৰুত্বপূৰ্ণ । অন্ত:ক্ষৰা গ্ৰন্থিসমূহে শৰীৰৰ অভ্যন্তৰীণ যন্ত্ৰ সমূহৰ ক্ৰিয়াৰ মাজত সমন্বয় সাধন কৰি সেই সমূহৰ সু – সংবব্ধ ক্ৰিয়া পৰিচালনা কৰাত হৰমোন সহায় কৰে। অনালি গ্ৰন্থিসমূহে দেহৰ গঠন , সুস্থ্তা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশত প্ৰভাৱ পেলায় । উপ গলগন্থি , গলগ্ৰন্থি , অধিবৃক্ক , অগ্নাশয় , ডিম্বাশয় , আদি অনালী গ্ৰন্থীৰ উদাহৰণ ।

৯। ভুল সংবােধন কেনেকৈ হয় ? ই কেই প্ৰকাৰৰ ? ভ্রান্ত প্রত্যক্ষৰ কাৰণ সমূহ লিখা ।

উত্তৰ:- সংবেদনৰ সঠিক শুদ্ধ বাখ্যা হৈছে সংবোধন । সংবেদন সঠিক ভাবে বা শুদ্ধকৈ বাখ্যা নহলে ভুল সংবোধনৰ সৃষ্টি হয় । বাহ্যিক জগতৰ বিভিন্ন উদ্দীপকৰ সহায়ত ইন্দ্ৰি়য় সমূহৰ জৰিয়তে আমাৰ মনত সংবেদন জাগে আৰু সেই সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাত পৃথককৰণ, সদৃশকৰণ , পুনৰ উদ্ভাৱন আদিয়ে সহায় কৰে । সংবোধন হবলৈ হলে সংবেদন আৰু তাৰ বাখ্যাৰ প্ৰয়োজন। কিন্তু অস্বাভাৱিক কল্পনাৰ প্ৰভাবত কোনো এটা সংবেদনৰ অযথা ব্যাখ্যাৰ ফলত আমাৰ সংবোধন দোষযুক্ত বা ভুল হৈ পৰে । তেনেকৈ ভুল সংবোধনৰ সৃষ্টি হয়

সংবোধন দুই প্ৰকাৰৰ । ভ্ৰান্ত প্ৰতক্ষ্য আৰু অলিক প্ৰতক্ষ্য ।

ভ্ৰান্ত প্ৰতক্ষ্য :- সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাৰ সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাবত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল বাখ্যা দিও তাক ভ্ৰান্ত প্ৰতক্ষ্য বুলি কোৱা হয় । ভ্ৰান্ত প্ৰতক্ষ্যৰ কাৰণ সমূহ হল –

১. বস্তুগত কাৰণ :– উদ্দীপকৰ আকাৰ , গঠন আদিৰ কাৰণেও ভ্ৰান্ত প্ৰতক্ষ্যৰ সৃষ্টি হয় ।

২. দৈহিক কাৰণ :- ব্যক্তিৰ দৈহিক অৱস্থা ৰ ফলতো ভ্ৰান্ত প্ৰতক্ষ্যৰ সৃষ্টি হয় । বৃদ্ধ কালত দৃষ্টি শক্তি কমি যোৱা ৰ ফলত এজন মানুহক আন বেলেগ নামেৰে মতা আদি ।

৩. মানসিক কাৰণ :- ভ্ৰান্ত ধাৰণা , পূৰ্ব ধাৰণা , প্ৰত্যাশা , অন্ধ বিশ্বাস , ভয় , সন্দেহ আদিয়ে ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰে । মাক দেউতাকে নিজৰ সন্তানৰ ভুল নেদেখা , মহে কামুৰি শৰীৰৰ কোনো ঠাই উখহিলে বসন্ত ৰোগ হোৱা বুলি ধাৰণা কৰা ইত্যাদি ।