পদ
অনুশীলনী
- শুদ্ধ উত্তৰ দিয়াঃ
(a) পদৰ বাচ্য়াৰ্থই বস্তুৰ গুণ/ সংখ্যা বুজায়।
উত্তৰঃ সংখ্যা ।
(b) অলক্ষণাৰ্থক পদৰ কেৱল বাচ্য়াৰ্থ আছে/ লক্ষণনাৰ্থ নাই/ বাচ্য়াৰ্থ নাই/ বাচ্য়াৰ্থ বা লক্ষনাথ আছে।
উত্তৰঃ ব্যাচাৰ্থ বা লক্ষণাৰ্থ আছে।
(c) পদৰ লক্ষনাৰ্থই গুণক/ বস্তুক বুজায়।
উত্তৰঃ গুণক।
(d) যি পদৰ কেৱল লক্ষণাৰ্থ তাক, তাক লক্ষণাৰ্থক / আলক্ষণাৰ্থক পদ বোলে।
উত্তৰঃ অলক্ষণাৰ্থ পদ বোলে।
(e) পদৰ বাচ্য়াৰ্থ আলু লক্ষণাৰ্থৰ পৰিৱৰ্তন একেমুকী/ বহুমুখী।
উত্তৰঃ বিপৰীতমুখী।
- সংজ্ঞা দিয়াঃ
(a) পদ।
উত্তৰঃ যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰুপে ব্যৱহৃত হয় তাকে পদ বোলে।
(b) সামান্য় পদ।
উত্তৰঃ যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত নিদিষ্ট বা গুণৰ যিকোনো এটাত নিৰ্দেশ কৰে তাকে সামান্য পদ বোলে।
(c) বিশিষ্ট পদ।
উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিদিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাকে বিশিষ্ট পদ বোলে।
(d) অৰ্থযুক্ত বিশিষ্ট পদ।
উত্তৰঃ যিবোৰ বিশিষ্ট পদে কোনো এটা নিদিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ ওপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণৰ নিৰ্দেশ দিয়ে তাকে অৰ্থযুক্ত বিশিষ্ট পদ বোলে।
(e) পদৰ বাচ্য়াৰ্থ।
উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি, সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যাৰ্থ বোলে।
(f) পদৰ লক্ষণাৰ্থ।
উত্তৰঃ পদৰ গুণগত অৰ্থ অৰ্থাৎ এই বস্তু বা বস্তু সমষ্টিৰ সকলোতে নিহিত থকা গুণ বা গুণৱলীয়েই পদটোৰ লক্ষণাৰ্থ।
(g) লক্ষণাৰ্থক পদ।
উত্তৰঃ কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীকেই পদটোৰ লক্ষ্যণাৰ্থ বোলে।
(h) অলক্ষণাৰ্থক পদ।
উত্তৰঃ যি পদে অকল বস্তুৰহে নিৰ্দেশ দিয়ে নাইবা অকল গুণ বা লক্ষণহে বুজায় তাকে অলক্ষণাৰ্থক পদ বোলে।
- উদাহৰণ দিয়াঃ
(a) সামান্য় পদ।
উত্তৰঃ মানুহ বা কিতাপ।
(b) বিশিষ্ট পদ।
উত্তৰঃ ফুলপাহ বা গুৱাহাটী।
(c) অৰ্থযুক্ত বিশিষ্ট পদ।
উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী।
- পাৰ্থক্য় নিৰ্ণয় কৰাঃ
(i) শব্দ আৰু পদ।
উত্তৰঃ অৰ্থ থকা কোনো এটা বৰ্ণ বা বৰ্ণ সমষ্টিক শব্দ বোলে। যেনে- উচ্চতা, ৰাম ইত্যাদি আনহাতে, যেতিয়া কোনো শব্দ বা শব্দসমষ্টি বচনৰ উদ্দেশ্য বা বিধেয়কৰুপে ব্যৱহাৰ হয় তেতিয়া তাক পদ বোলে। যেনে মানুহ বা মৰণশীল ইত্যাদি। পদ আৰু শব্দ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণ সমষ্টিৰ দ্বাৰা গঠিত। কিন্তু যিকোনো শব্দ বা বিধেয়ক হিচাপে ব্যৱহাৰ হব নোৱাৰে। কিন্তু সকলো পদেই শব্দৰ সমষ্টি।
(ii) লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থক পদ।
উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুবোৰক নিৰ্দেশ কৰে তাক লক্ষণাৰ্থক পদ বোলে। যেনে- মানুহ। লক্ষণাৰ্থ হল প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। আনহাতে যি পদে বস্তুকহে নিৰ্দেশ কৰে নাইবা অকল গুণ বুজায়, দুয়োটা সমানে নুবুজায়, তাক অলক্ষণাৰ্থক পদ বোলে। যেনে- ৰাজেন আৰু সাধুতা দুটা অলক্ষণাৰ্থক পদ।
(iii) বিশিষ্ট আৰু সামান্য় পদ।
উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিদিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে। যেনে- এই মানুহজন। আনহাতে, যি পদে একেটা অৰ্থত কোনো শ্ৰেণীৰ অন্তৰ্গত যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বোলে। যেনে- মানুহ।
(iv) বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থ।
উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পৰা যায় সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যাৰ্থ বোলে। আকৌ, কোনো পদে বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক বা গুণাৱলীক নিৰ্দেশ কৰে, সেই গুণাৱলীকেই পদটোৰ লক্ষণাৰ্থ বোলে।
- সকলো পদেই শব্দ কিন্তু যিকোনো শব্দ পদ নহয়’- আলোচনা কৰা।
উত্তৰঃ অৰ্থ থকা কোনো এটা বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলে।
আনহাতে যেতিয়া কোনো শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়কৰূপে ব্যৱহাৰ হয় তাক পদ বোলে। যেনে- মানুহ, মৰণশীল ইত্যাদি। কাৰণ এইবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ক বিধেয়ত ব্যৱহাৰ হব পাৰে।
শব্দ আৰু পদ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিৰ দ্বাৰা গঠিত। কিন্তু যিকোনো শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰু ব্যৱহাৰ হব নোৱাৰে। যেনে- এজন শব্দটো সেইবাবে সকলো শব্দ পদ হব নোৱাৰে।
- পদৰ বাচ্য়াৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী ‘ পৰিৱৰ্তনৰ সম্বন্ধ আলোচনা কৰা।
উত্তৰঃ গণিত শাস্ত্ৰ মতে পৰিৱৰ্তন দুই প্ৰকাৰৰ হব পাৰে। যেনে-
(ক) একেমুখী পৰিৱৰ্তন (direct variation) (খ) বিপৰীতমুখী পৰিৱৰ্তন (inverse variation)
কিবা কাৰণত যদি দুটা বস্তু একেফালে পৰিৱৰ্তিত হয়, তেনেহলে বস্তু দুটাৰ মাজৰ সম্বন্ধত তৰ্কশাস্ত্ৰবিদসকলে চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিছে।
(a) পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণাৰ্থে কমে। (b) পদৰ বাচ্যাৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়ে।
(c) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যাৰ্থ কমে।
(d) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যাৰ্থ বাঢ়ে।