ভাৱবাদ
অনুশীলনী
- (a) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে/ নাই।
উত্তৰঃ নাই।
(b) ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ নিৰূপিত হয়/ নহয়।
উত্তৰঃ নহয়।
(c) ভাৱবাদে মনৰ প্ৰধান্য়তা স্বীকাৰ কৰে/ নকৰে।
উত্তৰঃ কৰে।
- চমু উত্তৰ দিয়াঃ
(a) ভাৱবাদ কি?
উত্তৰঃজ্ঞানৰ বিষয়বস্তুৰ স্বৰুপ সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্ৰ, মননিৰপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাক ভাৱবাদ বুলি কোৱা হয়।
(b) ভাৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি?
উত্তৰঃ ভাৱবাদ ৩ প্ৰকাৰৰ। সেইবোৰ ক্ৰমে-
(1) আত্মাগত ভাৱবাদ (Subjective Idealism)
(2) বস্তুগত ভাৱবাদ (Objective Idealism)
(3) অৱভাষিক ভাৱবাদ (Phenomenalistic Idealism)
- পাৰ্থক্য় লিখাঃ
বাস্তৱবাদ আৰু ভাৱবাদ।
উত্তৰঃ বাস্তৱবাদ অনুসৰি, জ্ঞানৰ বিষয়বস্তু স্বতন্ত্ৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল নহয়। আমাৰ জনা বা নজনাৰ বাবে বস্তুৰ অস্তিত্বৰ বাহিৰত স্বতন্ত্ৰভাৱে থাকে। জ্ঞানৰ লগত বস্তুৰ কোনো অন্তনিহিত সম্পৰ্ক নাই। সকলো জ্ঞানৰ বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। মনৰ মাজত এখন বস্তুময় জগত আছে।
ভাৱবাদ অনুসৰি বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে সেইবোৰৰ অস্তিত্ব যথাৰ্থ নহয়। বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্ৰিত হব নোৱাৰে। ভাৱবাদীসকলৰ মতে মন বা আত্মাই হল পৰমসত্তা। সকলো বস্তু মনৰ ভিতৰত থাকে। তেওঁলোকে বস্তুজগতত কৈ মন জগতক অধিক যথাৰ্থ বুলি ভাৱে।
- জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে ভাৱবাদ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ ভাৱবাদ অনুসৰি সকলো বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। জ্ঞানৰ বিষয়বস্তুবোৰ নিজস্ব গুণেৰে সৈতে জ্ঞাতা মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে ভাৱবাদী সকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। এওঁলোকৰ মতে মনৰ ধাৰণাৰ বাহিৰে একো নাই। মনৰ বাহিৰত ব্যাহ্যিক জগতখনৰ স্বতন্ত্ৰতা নাই। ভাৱবাদীসকলৰ মতে, মন বা আত্মাই হল পৰম সত্তা। সকলো বস্তু মনৰ ভিতৰত থাকে।
- ভাৱবাদৰ বৈশিষ্ট্য় কি কি? আলোচনা কৰা।
উত্তৰঃ ভাৱবাদৰ বৈশিষ্ঠ বোৰ হল-
(1) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। ভাৱবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব নাই। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে তেনেবোৰ বস্তুৰ অস্তিত্বক ভাৱবাদীসকলে যথাৰ্থ বুলি বিবেচনা নকৰে।
(2) ভাৱবাদৰ সমৰ্থকসকলৰ মতে বস্তুতকৈ মনৰ প্ৰাধান্য বেছি। কিয়নো জাগতিক বস্তুবোৰৰ অস্তিত্ব মনৰ দ্ধাৰা নিয়ন্ত্ৰিত হয়। এওঁলোকৰ মতে, মনৰ অস্তিত্ব অবিহনে ব্যাহিক জগতখন পোৱা নাযায়। ভানবাদীসকলৰ মতে, এক চৈতন্য মনৰ অবিহনে ব্যাহিক জগতখনৰ অস্তিত্ব সম্ভৱ নহয়।
(3) ভাৱবাদীসকলৰ চিন্তাধাৰা সম্পূৰ্ণৰুপে উদ্দেশ্যধৰ্মী। অৰ্থাৎ ভাৱবাদীসকলৰ চিন্তাধাৰাৰ অন্তৰালত এখন উদ্দেশ্যধৰ্মী জগত আছে। এই উদ্দেশ্যধৰ্মী জগতখন হল যি প্ৰকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধৰ্মী জগতখন নিত্য, শ্বাশ্বত, নিৰন্তৰ আৰু অবিনশ্বৰ।
(4) ভাৱবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৱবাদীসকলে ঈশ্বৰ, আত্মা, মন আদিক সত্তা বুলি গণ্য কৰে। ভাৱবাদ অনুসৰি ঈশ্বৰ জগতৰ পৰা বিচ্ছিন্ন নহয়। পৰম সত্তা হিচাপে ঈশ্বৰ জগত প্ৰক্ৰিয়াৰ মাজতে ব্যপ্ত। ঈশ্বৰে হল এই বিশ্বজগতৰ মূল লক্ষ্য আৰু চালিকা শক্তি।
(৫) ভাৱবাদীসকলে প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৱবাদৰ সমৰ্থকসকলে নৈতিক প্ৰমূল্যবোৰৰ এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়াই। এই ফালৰ পৰা ভাৱবাদীসকলে সাব্যস্ত কৰে যে প্ৰমূল্যবোৰ ব্যক্তি অথবা সামাজিকতাৰ ঊৰ্ধ্বত। এওঁলোকৰ মতে, আত্মজ্ঞানেই হল পৰম প্ৰমূল্য, বাকী সকলোবোৰ প্ৰমূল্য ইয়াৰ অধীন। ভাৱবাদীসকলে বিশ্বাস কৰে যে ব্যক্তিয়ে হল নৈতিক কৰ্তা যি প্ৰমূল্য আৱিস্কাৰ কৰিব পাৰে।
(6) ভাৱবাদীসকলে মানৱ অস্তিত্বৰ গুৰুত্ব স্বীকাৰ কৰে। মানুহেই হল জগতৰ কেন্দ্ৰবিন্দু, মানুহক বাদ দি কোনো কথা ভাবিব নোৱাৰি। যদিও মানুহ এই জগত প্ৰক্ৰিয়াৰে অংশ, তথাপি মানুহ আধ্যাত্মিক জীৱ। কিয়নো মানুহক জড় বস্তুলৈ ৰুপান্তৰ কৰিব নোৱাৰি।