স্থানীয় চৰকাৰ
ৰচনাধৰ্মী প্ৰশ্ন:
১।ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আমাৰ প্ৰয়োজন কিয়?যুক্তি সহকাৰে বুজাই লিখা।
উত্তৰ: উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ কৰাকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বোলা হয়।গণতন্ত্ৰৰ মূলমন্ত্ৰ হ’ল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ অৰ্থাৎ নিজৰ হাতত কেন্দ্ৰীভূত নকৰি তৃণমূল পৰ্যায়লৈ ক্ষমতাবোৰ হস্তান্তৰ কৰিব লাগে।বৰ্তমান ভাৰত চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।ইয়াৰ বাবে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰি নগৰৰ বাবে পৌৰসভা,পৌৰ নিগম আৰু গাওঁ অঞ্চলৰ বাবে পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰিছে।যাতে একেবাৰে তূণমূল পৰ্যায়লৈ চৰকাৰে আগবঢ়োৱা সুবিধাবোৰ জনসাধাৰণে পায়।
বিকেন্দ্ৰীকৰণৰ প্ৰয়োজনীয়তা হ’লঃ
১। বিকেন্দ্ৰীকৰণে গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাত সহায় কৰে।ইয়াত অধিক সংখ্যক মানুহে প্ৰশাসনত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পায় আৰু তৃণমূল পৰ্যায়লৈ মানুহবোৰ ৰাজনৈতিক ভাৱে সচেতন হয়।
২। বিকেন্দ্ৰীকৰণে কেন্দ্ৰীয় কৰ্তৃপক্ষক ভালেমান বিষয়ত নীতি নিৰ্ধাৰণ আৰু পুংখানুপুংখ ব্যৱস্থা গ্ৰহণৰ কামৰ বোজাৰ পৰা সকাহ দিয়ে।
৩। বিকেন্দ্ৰীকৰণ গণমুখী প্ৰশাসন ব্যৱস্থাৰ বাহক।প্ৰশাসনৰ সুফলবোৰ জনতাৰ পদূলিলৈ নিয়াত এই ব্যৱস্থাৰ যথেষ্ট অৰিহণা আছে
৪। বিকেন্দ্ৰীকৰণ ব্যৱস্থাত প্ৰশাসনীয় সিদ্ধান্তবিলাক দ্ৰুতগতিৰে আৰু ভালদৰে কাৰ্যকৰী কৰিব পাৰে।
৫। বিকেন্দ্ৰীকৰণ ব্যৱস্থাত স্থানীয় লোকসকলক ভালদৰে সেৱা কৰিব পাৰি।কাৰণ সাধাৰণ কামৰ বাবে মুখ্য কাৰ্যালয়লৈ যাবলগীয়া নহয় আৰু চৰকাৰী কামৰ ৰঙা ফিটাৰ মেৰপাক ইয়াত নাথাকে।
২।ভাৰতবৰ্ষত স্থানীয় চৰকাৰবোৰক সাংবিধানিক মৰ্যদা দিয়া হৈছেনে?মন্তব্য আগবঢ়োৱা।
উত্তৰ: ভাৰতবৰ্ষত স্থানীয় চৰকাৰবোৰক সাংবিধানিক মৰ্যদা দিয়া হৈছে।ভাৰতবৰ্ষৰ সংবিধানখন ১৯৯২ চনত ৭৩ তম আৰু ৭৪ তম সংশোধনৰ জৰিয়তে স্থানীয় চৰকাৰসমূহক সাংবিধানিক মৰ্যদা প্ৰদান কৰা হয়।সংবিধানৰ ৭৩ তম সংশোধনত গাওঁ অঞ্চলৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু ৭৪ তম সংশোধনত নগৰ অঞ্চলৰ বাবে পৌৰ নিগম আৰু চহৰ অঞ্চলৰ বাবে পৌৰসভা ব্যৱস্থা কৰা হৈছে।এই সংশোধনৰ ফলশ্ৰুতিত পূৰ্বৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ কিছু পৰিৱৰ্তন কৰা হয়।সেইবোৰ হ’ল –
সংবিধানৰ ৭৩ তম সংশোধন অনুসৰি:
১। সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহত সমৰূপৰ তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে,একেবাৰে তৃণমূল পৰ্যায়ত গাওঁ পঞ্চায়ত,মধ্য পৰ্যায়ত মণ্ডল বা তালুকা পঞ্চায়ত আৰু একেবাৰে শীৰ্ষত জিলা পৰিষদ।
২। পঞ্চায়তী ৰাজ অনুষ্ঠানৰ তিনিওটা পৰ্যায়ৰ সদস্যসকলক সেই অঞ্চলৰ ভোটাৰসকলে পোনপটীয়াকৈ নিৰ্বাচিত কৰে।
৩। পঞ্চায়তৰ কাৰ্যকাল ৪ বছৰৰ পৰিবৰ্তে ৫বছৰ কৰা হৈছে।
৪। ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰি পঞ্চায়তৰ নিৰ্বাচন পৰিচালনাৰ ব্যৱস্থা কৰিছে।
৫। এই আইনখনে পঞ্চায়তসমূহক প্ৰশাসনিক আৰু বিত্তীয় ক্ষেত্ৰত অধিক ক্ষমতা প্ৰদান কৰিছে।
সংবিধানৰ ৭৪ তম সংশোধন অনুসৰি:
সংবিধানৰ ৭৪ তম সংশোধন চহৰৰ স্থানীয় স্বায়ত্ব শাসনৰ লগত জড়িত।এই সংশোধনটো চহৰ অঞ্চলৰ লগত জড়িত।ইয়াৰ বাহিৰে কাৰ্যকাল,আসনৰ সংৰক্ষণ,ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন,বিত্ত আয়োগ গঠন আদি সকলোবোৰ ৭৩ তম সংশোধনৰ সৈতে একে।গতিকে বৰ্তমান স্থানীয় স্বায়ত্ব শাসন সম্পূৰ্ণ সাংবিধানিক মৰ্যদা লাভ কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা হৈছে।
৩। গাওঁ আৰু চহৰৰ স্থানীয় চৰকাৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰ: গাওঁ আৰু চহৰৰ স্থানীয় চৰকাৰৰ বৈশিষ্ট্যবোৰ হ’লঃ
১। বৈধ সত্ত্বা: স্থানীয় শাসনৰ কৰ্তৃপক্ষবোৰৰ এটা বৈধ সত্ত্বা আছে।আইনৰ দৃষ্টিত এইবোৰৰ প্ৰতিটোৰ সুকীয়া অস্তিত্ব,প্ৰাণ,ইচ্ছা আৰু ক্ষমতা আছে।স্থানীয় কৰ্তৃপক্ষই ৰচনা কৰি লোৱা নীতি-নিয়মবোৰ ইয়াৰ নিজৰ এলেকাৰ ভিতৰত প্ৰযোজ্য হয়।ইয়াৰ কোনো আইন প্ৰণয়নকাৰী বিধানমণ্ডল নাই।
২।স্থানীয় সমস্যাৰ লগত জড়িত: স্থানীয় কৰ্তৃপক্ষবোৰ সততে স্থানীয় সমস্যাবোৰৰ লগত জড়িত হৈ থাকে।নিজৰ ক্ষেত্ৰীয় এলেকাৰ বাসিন্দাসকলৰ অভাৱ-অভিযোগবোৰ দূৰ কৰি সিবিলাকৰ সৰ্বাঙ্গীন কল্যাণ সাধন কযাই ইয়াৰ লক্ষ্য।
৩।কামবোৰ সাময়িক: স্থানীয় কৰ্তৃপক্ষৰ কামবোৰ সাময়িক।তেনে কৰ্তৃপক্ষৰ অধীনত কাম কৰা কৰ্মী আৰু পদাধিকাৰীসকলে সদায় কাম কৰি থাকিব নালাগে।তেনে কৰ্তৃপক্ষই নিৰবিচ্ছিন্নভাৱে উন্নয়নৰ কাম কৰি যাবলৈ ধনো সংগ্ৰহ কৰিব নোৱাৰে।
৪। স্থানীয় লোকৰ দ্বাৰা নিয়ন্ত্ৰিত: স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা স্থানীয় লোকসকলৰ ইচ্ছাৰ দ্বাৰা বহু পৰিমানে নিয়ন্ত্ৰিত হয়।স্থানীয় লোকসকলে অসহযোগিতা বা বিৰোধিতা কৰিলে স্থানীয় কৰ্তৃপক্ষৰ পক্ষে কোনো কামৰ আঁচনিৰ সফল ৰূপায়ণ কৰাটো সম্ভৱপৰ নহয়।
৫।কামৰ তৎপৰতা আৰু ক্ষিপ্ৰতা: তৎপৰতা আৰু ক্ষিপ্ৰতা স্থানীয় স্বায়ত্ব শাসনৰ আন বৈশিষ্ট্য।ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে কোনো এটা কাম কৰাৰ বাবে ভালেমান আনুষ্ঠানিক পদ্ধতি আৰু নীতি-নিয়ম পালন কৰিবলগীয়া হয়।স্থানীয় কৰ্তৃপক্ষই আৱশ্যকতাৰ ভিত্তিত অগ্ৰাধিকাৰ দি ক্ষিপ্ৰভাৱে কাম কৰি যাব পাৰে।
৪।স্থানীয় চৰকাৰসমূহক সাংবিধানিক মৰ্যদা দিয়াৰ ফলাফলসমূহ লিখা।
উত্তৰ: ভাৰতবৰ্ষৰ সংবিধানখন ১৯৯২ চনত ৭৩ তম আৰু ৭৪ তম সংশোধনৰ জৰিয়তে স্থানীয় চৰকাৰসমূহক সাংবিধানিক মৰ্যদা প্ৰদান কৰা হয়।সংবিধানৰ ৭৩ তম সংশোধনত গাওঁ অঞ্চলৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু ৭৪ তম সংশোধনত নগৰ অঞ্চলৰ বাবে পৌৰ নিগম আৰু চহৰ অঞ্চলৰ বাবে পৌৰসভা ব্যৱস্থা কৰা হৈছে।এই সংশোধনৰ ফলশ্ৰুতিত পূৰ্বৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ কিছু পৰিৱৰ্তন কৰা হয়।সেইবোৰ হ’লঃ
সংবিধানৰ ৭৩ তম সংশোধনৰ ফলাফলসমূহ:
১। সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহত সমৰূপৰ তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে,একেবাৰে তৃণমূল পৰ্যায়ত গাওঁ পঞ্চায়ত,মধ্য পৰ্যায়ত মণ্ডল বা তালুকা পঞ্চায়ত আৰু একেবাৰে শীৰ্ষত জিলা পৰিষদ।
২। পঞ্চায়তী ৰাজ অনুষ্ঠানৰ তিনিওটা পৰ্যায়ৰ সদস্যসকলক সেই অঞ্চলৰ ভোটাৰসকলে পোনপটীয়াকৈ নিৰ্বাচিত কৰে।
৩। পঞ্চায়তৰ কাৰ্যকাল ৪ বছৰৰ পৰিবৰ্তে ৫বছৰ কৰা হৈছে।
৪।ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰি পঞ্চায়তৰ নিৰ্বাচন পৰিচালনাৰ ব্যৱস্থা কৰিছে।
৫। এই আইনখনে পঞ্চায়তসমূহক প্ৰশাসনিক আৰু বিত্তীয় ক্ষেত্ৰত অধিক ক্ষমতা প্ৰদান কৰিছে।
সংবিধানৰ ৭৪ তম সংশোধনৰ ফলাফলসমূহ:
সংবিধানৰ ৭৪ তম সংশোধন চহৰৰ স্থানীয় স্বায়ত্ব শাসনৰ লগত জড়িত।এই সংশোধনটো চহৰ অঞ্চলৰ লগত জড়িত।ইয়াৰ বাহিৰে কাৰ্যকাল,আসনৰ সংৰক্ষণ,ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন,বিত্ত আয়োগ গঠন আদি সকলোবোৰ ৭৩ তম সংশোধনৰ সৈতে একে।
৫। সংবিধানৰ ৭৩ তম সংশোধনৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰ: সংবিধানৰ ৭৩ তম সংশোধনৰ বৈশিষ্ট্যবোৰ হ’লঃ
১। সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহত সমৰূপৰ তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে,একেবাৰে তৃণমূল পৰ্যায়ত গাওঁ পঞ্চায়ত,মধ্য পৰ্যায়ত মণ্ডল বা তালুকা পঞ্চায়ত আৰু একেবাৰে শীৰ্ষত জিলা পৰিষদ।
২। পঞ্চায়তী ৰাজ অনুষ্ঠানৰ তিনিওটা পৰ্যায়ৰ সদস্যসকলক সেই অঞ্চলৰ ভোটাৰসকলে পোনপটীয়াকৈ নিৰ্বাচিত কৰে।
৩। পঞ্চায়তৰ কাৰ্যকাল ৪ বছৰৰ পৰিবৰ্তে ৫বছৰ কৰা হৈছে।
৪। ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰি পঞ্চায়তৰ নিৰ্বাচন পৰিচালনাৰ ব্যৱস্থা কৰিছে।
৫। এই আইনখনে পঞ্চায়তসমূহক প্ৰশাসনিক আৰু বিত্তীয় ক্ষেত্ৰত অধিক ক্ষমতা প্ৰদান কৰিছে।
৬। স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’লঃ
১। স্থানীয় স্বায়ত্ত শাসনৰ স্থানীয় সমস্যাৰ লগত জড়িত হৈ থাকে।
২। স্থানীয় স্বায়ত্ত শাসন পেছাদাৰী নহয়।সমাজকৰ্মী আৰু স্বেচ্ছাসেৱী ব্যক্তিসকলৰ দ্বাৰা সাধাৰণতে স্থানীয় কৰ্তৃপক্ষবোৰ গঠিত আৰু পৰিচালিত হয়।
*চমু উত্তৰৰ প্ৰশ্ন:
১।ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলিলে কি বুজায়?
উত্তৰ: উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ কৰাকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বোলা হয়।গণতন্ত্ৰৰ মূলমন্ত্ৰ হ’ল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ অৰ্থাৎ নিজৰ হাতত কেন্দ্ৰীভূত নকৰি তৃণমূল পৰ্যায়লৈ ক্ষমতাবোৰ হস্তান্তৰ কৰিব লাগে।বৰ্তমান ভাৰত চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।ইয়াৰ বাবে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰি নগৰৰ বাবে পৌৰসভা,পৌৰ নিগম আৰু গাওঁ অঞ্চলৰ বাবে পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰিছে।যাতে একেবাৰে তূণমূল পৰ্যায়লৈ চৰকাৰে আগবঢ়োৱা সুবিধাবোৰ জনসাধাৰণে পায়।
২। বিকেন্দ্ৰীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা।
উত্তৰ: বিকেন্দ্ৰীকৰণৰ দুটা প্ৰয়োজনীয়তা হ’লঃ
১। বিকেন্দ্ৰীকৰণে গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাত সহায় কৰে।ইয়াত অধিক সংখ্যক মানুহে প্ৰশাসনত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পায় আৰু তৃণমূল পৰ্যায়লৈ মানুহবোৰ ৰাজনৈতিক ভাৱে সচেতন হয়।
২। বিকেন্দ্ৰীকৰণে কেন্দ্ৰীয় কৰ্তৃপক্ষক ভালেমান বিষয়ত নীতি নিৰ্ধাৰণ আৰু পুংখানুপুংখ ব্যৱস্থা গ্ৰহণৰ কামৰ বোজাৰ পৰা সকাহ দিয়ে।
৩। স্থানীয় স্বায়ত্তশাসনৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: স্থানীয় স্বায়ত্তশাসনৰ দুটা বৈশিষ্ট্য হ’লঃ
১। স্থানীয় স্বায়ত্ত শাসনৰ স্থানীয় সমস্যাৰ লগত জড়িত হৈ থাকে
২। স্থানীয় স্বায়ত্ত শাসন পেছাদাৰী নহয়।সমাজকৰ্মী আৰু স্বেচ্ছাসেৱী ব্যক্তিসকলৰ দ্বাৰা সাধাৰণতে স্থানীয় কৰ্তৃপক্ষবোৰ গঠিত আৰু পৰিচালিত হয়।
৪। সংবিধানৰ ৭৩ তম সংশোধনৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰ: সংবিধানৰ ৭৩ তম সংশোধনৰ তিনিটা বৈশিষ্ট্য হ’লঃ
১। সংবিধানৰ ৭৩ তম সংশোধনত গাওঁলীয়া স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে।
২। সংবিধানৰ ৭৩ তম সংশোধনৰ মূল উদ্দেশ্য হ’ল স্থানীয় শাসন ব্যৱস্থাক শক্তিশালী কৰা।
৩। সংবিধানৰ ৭৩ তম সংশোধনৰ জৰিয়তে তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন।
*অতি চমু প্ৰশ্নৰ উত্তৰ:
১।পঞ্চায়তীৰাজ ব্যৱস্থাক কোন সংশোধনৰ জৰিয়তে সাংবিধানিক মৰ্যদা দিয়া হৈছে।
উত্তৰ: পঞ্চায়তীৰাজ ব্যৱস্থাক ৭৩ তম আৰু ৭৪ তম সংশোধনৰ জৰিয়তে সাংবিধানিক মৰ্যদা দিয়া হৈছে।
২।সংবিধানৰ ৭৪ তম সংশোধনে কোন অঞ্চল স্থানীয় স্বায়ত্ত শাসনক সামৰি লৈছে।
উত্তৰ: সংবিধানৰ ৭৪ তম সংশোধনে চহৰ অঞ্চল স্থানীয় স্বায়ত্ত শাসনক সামৰি লৈছে।
৩।সংবিধানৰ ৭৩ তম আৰু ৭৪ তম সংশোধন কোন চনত কৰা হৈছিল।
উত্তৰ: সংবিধানৰ ৭৩ তম আৰু ৭৪ তম সংশোধন ১৯৯২ চনত কৰা হৈছিল।
৪।সংবিধানৰ ৭৩ তম সংশোধন অনুসৰি পঞ্চায়তীৰাজ ব্যৱস্থাক কেইখলপীয়া কৰা হৈছে।
উত্তৰ: সংবিধানৰ ৭৩ তম সংশোধন অনুসৰি পঞ্চায়তীৰাজ ব্যৱস্থাক তিনি খলপীয়া কৰা হৈছে।
৫।বৰ্তমান স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাত মহিলাৰ বাবে কিমান শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে?
উত্তৰ: বৰ্তমান স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাত মহিলাৰ বাবে এক – তৃতীয়াংশ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
৬। বৰ্তমান পঞ্চায়তসমূহৰ কাৰ্যকাল কিমান?
উত্তৰ: বৰ্তমান পঞ্চায়তসমূহৰ কাৰ্যকাল ৫ বছৰ।