মগনিয়াৰ
অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবি গৰাকীৰ নাম হল-যতীন্দ্ৰনাথ দুৱৰা।
২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৮৯২ চনত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল।
৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়?
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়।
৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখন ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ নামৰ পুথিখনৰ ভাৱানুবাদ।
৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ নামৰ কাব্যগন্থ খনৰ বাবে সাহিত্য অকাদেমী বঁটা লাভ কৰিছিল।
চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)
১। কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা৷
উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংৰীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয়। ইয়াৰ দুটা বৈশিষ্ট হল-
(১) কথা-কবিতাত ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক।
(২) কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজৰ পৰ্থক্য হল
কববিতাত চন্দৰ প্ৰয়োগ কৰা হয়, আনহাতে কথা কবিতা কোনো ধৰণৰ চন্দৰ বান্ধোনত বন্ধা নহয়। কথা কবিতা কথা কোৱা ভংগীৰে ৰচিত কবিত্বময়ী কবিতা।
কথা-কবিতাত ৰূপকৰ সমাবেশ থাকে, আনহাতে কবিতাত ৰূপকৰ সমাবেশ নঘটে।
৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা৷
উত্তৰঃ ওমৰ খায়াম হল এজন ফাৰ্চী ছুফী কবি। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হল ‘ৰুবায়ত’।
৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়া জনে কৰিব পৰা গভীৰ মানৱীয়তা বোধ আৰু সহানুভূতিশীল দান পোৱাৰ কথা কৈছে। মগনিয়াৰ জনৰ দৰেই কবিয়ো নিঃস্ব আছিল। কিন্তু তেওঁৰ অন্তৰ দয়া, মৰম-স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰ জনে কবিক কিবা এটা বিচাৰিছিল কিন্তু সেই সময়ত মগনিয়া জনক দিবলৈ কবিৰ হাতত একোৱে নাছিল সেয়ে তেতিয়া তেওঁ মগনিয়াৰ জনৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰি একো দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনিয়াজনৰ বাবে উৎকৃষ্ট দান আছিল।
৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?
উত্তৰঃউক্ত কথাফাকি কবিয়ে মগনিয়াৰ জনক কৈছিল। এদিন কবি বাটেৰে গৈ থাকোতে মগনিয়াৰ এজনক লগ পাইছিল হাড়-ছাল ওলোৱা মগনিয়াৰ জনে কবিলৈ হাত দুখন মেলি কিবা এটা বিছাৰিছিল কিন্তু কবিয়ো মগনিয়াৰ জনৰ দ্বৰেই নিঃস্ব আছিল। মগনিয়াৰ জনক দিবলৈ কবিৰ হাতত সেই সময়ত একোৱেই নাছিল। কিন্তু কবিৰ অন্তৰ দয়া, মৰম-স্নেহ, আন্তৰিকতাৰে বৰপূৰ আছিল। সেয়ে কবিয়ে মগনিয়াৰ জনৰ হাত দুখন ধৰি কৈছিল -‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই’ এইবুলি কয় কবিয়ে সহানুভূতি ব্যক্ত কৰি একো দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিছিল।
দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)
১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” এটা উৎকৃষ্ট কথা-কবিতা। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ”The Beggar” নামৰ কথা-কবিতাটোৰ লগত ‘মগনিয়াৰ সাদৃশ্য আছে সেয়েহে ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়। কবিতাটোত কবিয়ে হাড়-ছাল ওলোৱা এজন বৃদ্ধ মগনিয়াৰ জলন্ত অৱস্থাৰ কথা প্ৰকাশ কৰিছে। কবিয়ে বাটেৰে গৈ থাকোতে দৰিদ্ৰতাই কোঙা কৰা এজন বৃদ্ধ বেমাৰী, হাড়-ছাল ওলোৱা মগনিয়াক লগ পালে মগনিয়াৰজনে কবিক দেখি তেওঁলৈ হাতদুখন আগবঢ়াই কিবা এটা বিচাৰিছিল কিন্তু সেই সময়ত মগনিয়াৰ জনক দিবলৈ কবিৰ হাতত একো নথকাত কবিয়ে মগনিয়াৰ জনৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিছিল। কবিৰ আন্তৰিকতা, দয়া, মৰম-স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতি খিনি মহান দান বুলি ভাবিলে আৰু কবিক ধন্যবাদ জনালে। কবিতাটোৰ জড়িয়তে ব্যক্তিৰ হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা প্ৰকাশ পাইছে।
২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ মগনিয়াৰ’ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায়৷’মগনিয়াৰ’ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক৷’মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে৷কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷
৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷
উত্তৰঃ অসমীয়া ভাষাত প্ৰথম কথা-কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই। ছাত্ৰৱস্থাৰ পৰা কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখনৰ নাম হল- ‘ওমৰ তীৰ্থ’, ‘আপোন সুৰ’, ‘বনফুল’, ‘মিলন ৰসুৰ’, আৰু ‘মৰমৰ সুৰ’। ‘বনফুল’ কবিতাপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাদেমি বটা লাভ কৰে। এই বটা লাভ কৰা তেওঁৱে প্ৰথম অসমীয়া। সেয়েহে তেওঁক বনফুলৰ কবি বুলি কোৱা হয়।ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই ‘ওমৰ তীৰ্থ’ পুথিখন ৰচনা কৰে।ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰে। তেওঁৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে ‘কথা-কবিতা’।
৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা৷
উত্তৰঃমগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা৷ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত৷মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে৷যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে৷ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷
৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ কবিয়ে বাটেৰে গৈ থাকোতে এজন মগনিয়াক লগ পাইছিল। দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে কিবা অকমান সহায় বিছাৰি কবিলৈ হাত দুখন আগবঢ়াই দিছিল। কিন্তু সেই সময়ত মগনিয়াৰ জনক দিবলৈ কবিৰ হাতত একোৱে নাছিল আনকি এখন উৰ্মালো নাছিল। তেতিয়া কবিয়ে মগনিয়াৰ জনৰ হাতদুখন ধৰি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰুধ জনালে। কবিৰ আন্তৰিকতা, মানৱীয়তাবোধ, মৰম-স্নেহ, অনুভৱ কৰি মগনিয়াৰ জন আয়েগিক হৈ পৰিল । মগনিয়াৰজনে কবিৰ এই মানৱীয় আন্তৰিকতা খিনিকে মহান দান বুলি গণ্য কৰি অশেষ ধন্যবাদ জ্ঞাপন কৰিলে।