AHSEC Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটোৰ উত্তৰ

হস্তিবিদ্যাৰ্ণৱ পুথি

(ক) অতি চমু প্ৰশ্নঃ

১। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্ৰকাশ পাইছিল।

৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হল ‘সূৰ্যকুমাৰ ভূঞা’ ।

৪। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ সূৰ্যকুমাৰ ভূঞা গৱেষণা গ্ৰন্থখনৰ নাম হল “Anglo-Assamese Relations 1771-1826″.

৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ‍১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

(খ) চমু প্ৰশ্নঃ

১। ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে।

২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হল-শঙখচূড় বধ আৰু ধৰ্মপুৰাণ।

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে অংকন কৰিছিল।

৪। হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ, চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছিল।

৫। হস্তিগ্ৰন্থ বুলিলে কি বুজা?

উত্তৰঃ হস্তিগ্ৰন্থ বুলিলে সাধাৰণতে হাতী বিষয়ক গ্ৰন্থক বুজা যায়। বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম,হাতীদাঁতৰ মূল্য, হাতীৰে কাঠ আদি টনা, যুদ্ধ হাতীৰ কথা, ঐৰাৱত হাতিৰ কথা, বেয়া হাতীৰ লক্ষণ ইত্যাদি হাতীৰ বিভিন্ন ব্যাধিৰ প্ৰতিকাৰ সন্দৰ্ভত বিশেষ বৰ্ণনা পোৱা যায় ।

(গ) দীঘল প্ৰশ্নঃ

১। ব্যবহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যবহাৰিক সাহিত্য পুথিৰ নাম লিখা ।

উত্তৰঃ মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ-বাসস্থান অখবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয় হিচাপে লয় ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ব্যৱহাৰিক সাহিত্য বুলি চিহ্নিত কৰিব পৰা যায়। এই পুথিবোৰৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম। বৰ্তমান এই সাঁচিপতীয়া পুথিবোৰ ছপা ৰূপত প্ৰকাশ কৰা হৈছে। শংকৰোত্তৰ যুগৰ ঐশ্বৰ্যশালী সাহিত্য ৰাজিৰ ভিতৰত ব্যৱহাৰিক সাহিত্যৰ বিশেষ ভূমিকা আছে।

দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম হল-‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ আৰু ‘ঘোঁৰা নিদান’।

২। ড° সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ প্ৰখ্যাত ইতিহাসবিদ সর্বাগ্ৰণী ড° সূৰ্যকুমাৰ ভূঞাৰ জন্ম হৈছিল ১৮৯২ চনত নগাওঁ চহৰত। ১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ভিক্টে’ৰিয়া মেম’ৰিয়েল স্বৰ্ণ পদক লাভ কৰে। ভূঞাই ১৯১১ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯১৩ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহকাৰে বি. এ. পাছ কৰে। সূৰ্যকুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ।

অধ্য়য়নশীল ভূঞা দেৱে ছাত্ৰজীৱনৰ পৰাই বিভিন্ন আলোচনী, কবিতা, চমু জীৱনী, গল্প আদি প্ৰকাশ কৰিছিল।অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক হব। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হল – ‘নিৰ্মালি’। চুটিগল্পৰ পুথি -‘পঞ্চমী’। উল্লেখযোগ্য প্ৰবন্ধ সংকলন – ‘ত্ৰিপদী’ আৰু ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ’ । তেওঁৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ হ’লঃ জীৱনীমূলক গ্ৰন্থ – ‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী’, আৰু ‘চানেকী’। ঐতিহাসিক তথ্যপূৰ্ণ পুথি – ‘কোৱৰ বিদ্ৰোহ’, ‘বুৰজ্ঞীৰ বাণী’, ‘ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’, আৰু ‘লাচিত বৰফুকন’। তেওঁৰ দ্বাৰা ৰচিত ইংৰাজী গ্ৰন্থ সমূহ হল – An Assamese Nur-Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Buragohain & His Times, Men I Have Met, London Memories, আৰু তেখেতৰ গৱেষণা গ্ৰন্থ খনৰ নাম হল Anglo- Assamese Relations 1771-1826। মুঠতে দেখা যায় যে বুৰঞ্জী আৰু জীৱনী গ্ৰন্থ এই দুয়োটা ক্ষেত্ৰতে ভূঞাদেৱৰ দান অনস্বীকাৰ্য । এই মহান ব্যক্তি জনৰ মৃত্যু হয় ১৯৬৪ চনত।

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া ।

উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম আছিল। অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথে হস্তিবিদ্যাৰ্ণব সাৰ সংগ্ৰহ পুথি খন ৰচনা কৰি উলিয়াইছিল। এই পুথিত হাতীক কেন্দ্ৰ কৰি বিষয় বস্তুৰ জুমুঠি বন্ধা হৈছে। যাৱতীয় সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত কিছুমান হাতী বিষয়ক পুথি, দাঁতি-কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ-এই সকলোবোৰ হস্তিজ্ঞান একত্ৰীকৰণ কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে ।

আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ অনুৰোধত সুকুমাৰ বৰকাথে হস্তিবিদ্যাৰ্ণৱ ৰচনা কৰিছিল। ৰাজ অনুগ্ৰহত ৰচনা কৰা বাবে ইয়াৰ বিষয়বস্তু মূলতঃ ৰাজ্যৰ স্থিতিৰ দৃষ্টিভংগীৰে লিখা হৈছিল। ৰাজ্যৰ বাবে কোনবোৰ হাতী উপযুক্ত, কেনেকৈ হাতীক সম্ভ্ৰান্ত লোকৰ বাবে আৰু যুদ্ধ বিগ্ৰহৰ বাবে প্ৰশিক্ষিত কৰিব পাৰি ইত্যাদি ইয়াৰ মূল বিষয়। ভাল হাতী, বেয়া হাতীৰ লক্ষণ বৰ্ণনা কৰাৰ লগতে অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতিৰ লক্ষণ ইয়াত বৰ্ণনা কৰা হৈছে। হাতীশাল নিৰ্মাণৰ নিয়মো বৰ্ণনা কৰিছে। হাতীশালত কি কাঠ নিৰ্ব্বদ্ধ কৰা হব, হাতীবন্ধা খুটাৰ মান কিমান উচ্চতাৰ হ’ব, বতাহ-ৰʼদ সোমাব পৰাৰ কেনে ব্যৱস্থাৰ কৰিব লাগিব সকলো কথা কোৱা হৈছে। তদুপৰি হাতীক শুভকাৰ্যৰ প্ৰতীক বুলিও গণ্য কৰা হয় । আগৰ দিনত হাতিক যাত্ৰাকালত আৰু উভতি অহাৰ কালত দেখা বা ব্যৱহাৰ কৰাটো শুভ বুলি গন্য কৰা হয় । হাতীক যুদ্ধ কালত ব্যহাৰ কৰা, উপঢৌকন হিচাপে প্ৰেৰণ কৰা, ৰজাৰ গড়ৰ বাহিৰ ৰাখি ৰজাৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰা এই সকলো কথা লিখা আছে । তদুপৰি সোণ ৰূপৰ দৰে হাতীদাঁতৰ মূল্যও আছিল যথেষ্ট ।

এনেদৰে বিশ্লেষন কৰিলে দেখা যায় হাতীক কেন্দ্ৰ কৰি পুৰণিকালত ৰজা মহাৰজা সকলে বিবিধ মাধ্যম প্ৰয়োগ কৰিছিল।যিবোৰ হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তু হিচাপে ৰক্ষিত হৈছিল।

৪। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰঃ

৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ