AJB Class 7 Assamese Chapter 10 Answer অনুৰাগ আৰু চাৰমেন ক্ৰৰ মানুহবোৰ

অনুৰাগ আৰু চাৰমেন ক্ৰৰ মানুহবোৰ

পাঠ – ১০

১)উত্তৰ লিখাঃ

ক) অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে?

উত্তৰঃ অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে অনুৰাগক বৰকৈ আকৰ্ষণ কৰে।

খ) অনুৰাগৰ দেউতাকে ক’ত চাকৰি কৰে?

উত্তৰঃ অনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে।

গ) অনুৰাগে গাড়ীৰ খিৰিকিৰে কি দেখি আত্মহাৰা হৈছিল?

উত্তৰঃ অনুৰাগে গাড়ীৰ খিৰিকিৰে সোণালী ধাননিপথাৰ, তাৰ পাছত অকোঁৱা-পকোৱা পাহাৰীয়া বাট, তাৰপাছত পুনৰ অৰণ্যৰ বিশালতা, দূৰৰ পাহাৰৰ কাষত পুতলাৰ দৰে লগা কাৰ্বি লোকৰ কণমানি ঘৰ-দুৱাৰ, মেঘে কপাহৰ জোলাৰ দৰে সাৰি নিয়া ঝুমখেতিৰ পথাৰবোৰ এইবোৰ দেখি অনুৰাগ আনন্দত আত্মহাৰা হৈ পৰিছিল।

ঘ) স্কুটাৰ চলাই অহা অনুৰাগহঁতৰ কাষ চপা ব্যক্টিজন কোন আছিল?

উত্তৰঃ স্কুটাৰ চলাই অহা মানুহ জন অনুৰাগৰ দেউতাকৰ কাৰ্যালয়ৰ কাষেৰে আন এটা বিভাগত কাম কৰে । তেখেতৰ নাম আছিল ধনসিং ক্ৰ’। তেওঁ কাৰ্বি জনগোষ্ঠীৰ লোক আছিল।

ঙ) অনুৰাগহঁতে ৰাতি চাৰমেন ক্ৰ’ৰ ঘৰত কিয় থাকিবলগীয়া হ’ল?

উত্তৰঃঅনুৰাগহঁত যোৱা গাড়ীখন ডিফু পোৱাৰ আগতে বেয়া হোৱাৰ বাবে সিহতে ৰাতি চৰমেন ক্ৰ’ ঘৰত থাকিব লগীয়া হল।

চ) চাৰমেন ক্ৰ কোন?

উত্তৰঃ চৰমেন ক্ৰ’ আছিল ধনসিঙৰ দেউতাক । তেখেত গাঁওখনৰ ভিতৰতে বিজ্ঞ, সন্মানীয় আৰু অৱস্থাপন্ন লোক আছিল। তেখেত গাঁৱৰ ‘ছাথাৰ’ অথাৰ্ৎ গাঁওবুঢ়া আছিল।তেখেত এগৰাকী সুদক্ষ লোকশিল্পীও আছিল।

ছ) পাঠটিত কাৰ্বি সাজপাৰৰ কেনে বৰ্ণনা পাইছা?

উত্তৰঃ চাৰমেন ক্ৰ’ৰ গাত পৰম্পৰাগত সাজ ৰিক, চই আৰু প’হ’ অথাৰ্ৎ চুৰীয়া, চোলা আৰু পাগুৰী। উলুপী ক্ৰ’পী আৰু কাৰেং ক্ৰ’পীৰ গাত পিনী, ৱামকক্, পে চেলেং, অথাৰ্ৎ মেখেলা-চাদৰ আৰু কঁকালী। ইয়াৰ উপৰি কাণ, হাত, আঙুলিত ‘ন’থেংপি, ‘ৰয়’ আৰু আৰনাম আদি সোণ-ৰূপৰ অলংকাৰ, ডিঙিত মণিৰ হাৰ ‘লেক্ পাইকম’। এই সাজপাৰত কাৰ্বিসকলৰ স্বকীয় বৈশিষ্ট্যসুন্দৰ ভাৱে প্ৰকাশ পাইছে।

জ) গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে কি আনিছিল আৰু কিয় আনিছিল?

উত্তৰঃ গাঁৱৰ মানুহবোৰে হাতে হাতে শাক-পাচলি, মুৰ্গী, মাছ, ঘৰতে চাউলৰ পৰা প্ৰস্তুত কৰা পানীয় ‘হৰলাঙ’ৰ চুঙা আদি অতিথিৰ বাবে উপহাৰ হিচাপে আনিছিল। অতিপৰায়ন কাৰ্বি সমাজে এঘৰৰ অতিথিক গাওঁখনৰে অতিথি বুলি জ্ঞান কৰে। আধুনিক প্ৰশাসনীয় ব্য়ৱস্থা থাকিলেও কাৰ্বি সমাজখনে আজিও অতীতৰে পৰা চলি অহা ৰাজতন্ত্ৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সামাজিক প্ৰথা মতে অতিথিলৈ এইবোৰ বস্তু আনিছিল।

ঝ) কাৰ্বি সমাজত ৰাজতন্ত্ৰ কিদৰে বৰ্তি আছে?

উত্তৰঃ ৰজা অথাৰ্ৎ ‘লিন্দকপ’ আৰু তেওঁৰ বিষয়াবৰ্গক অতীতৰ দৰেই সন্মান কৰে। সমাজৰ ভিতৰুৱা সমস্যাৰ সমাধান কৰা, বিচাৰ আদিৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম অথাৰ্ৎ সামাজিক প্ৰথামতে কৰ্বি সমাজখনে চলে। এনেদৰে অতীতৰে পৰা চলি অহা ৰাজতন্ত্ৰ কাৰ্বি সমাজত বৰ্তি আছে।

ঞ) চাৰমেন ক্ৰই অনুৰাগক কি গীত গাই শুনাইছিল?

উত্তৰঃ চাৰমেন ক্ৰইয়ে অনুৰাগক ‘ছাবিন আলুন’ অৰ্থাৎ কাৰ্বিসকলৰ নিজা ৰামায়ণৰ কাহিনীৰ গীত গাই শুনাইছিল।

ট) অনুৰাগে চাৰমেন ক্ৰৰ ঘৰত দেখা বাদ্যযন্তৰ বিষয়ে বৰ্ণনা দিয়া?

উত্তৰঃ কিছুমান মুখেৰে ফুঁৱাই বজোৱা, কিছুমান চামৰাৰে চোৱা নানা সৰু-বৰ আকৃতিৰ ঢোল, তাল, বীণাসদৃশ আৰু বাঁহৰ বাদ্য। বাঁহৰ বাদ্যৰ ভিতৰত চেমকুম্বাং, চেংলাংপং, পাংচি আদি। আৰু ঢোল জাতীয় বস্তু চেমকুম্বাং।

ঠ) বাৰই মানে কি ?

উত্তৰঃ

ড) জাম্বিলী আথন মানে কি?

উত্তৰঃ জাম্বিলী আথন মানে হল- এজাল কাঠ বা বাঁহ চাঁছি নানা ফুল তুলি তাত কাঠৰ চৰাই কাটি বহুৱাই দি সুন্দৰভাৱে সজোৱা।

ঢ) কি কথাই অণুৰাগৰ দেউতাকক আচৰিত কৰিলে?

উত্তৰঃ ধনসিঙৰ দেউতাকে যেতিয়া অনুৰাগৰ দেউতাকক কলে যে নিশা ধনসিং আৰু গাঁৱৰে আন দুজন ল’ৰা ড্ৰাইভাৰৰ লগত গাড়ীতে থাকিলগৈ। তাৰপাছত ধনসিঙে পূবে ঢলফাট দিয়াৰ আগতেই স্কুটাৰ লৈ ডিফুৰ ওচৰৰ মটৰ মেকানিক এজন আনি গাড়ীখন ভাল কৰি থয়। এনেবোৰ কথাশুনি অণুৰাগৰ দেউতাক আচৰিত হৈ পৰিছিল।

ণ) কাৰ্বি ৰামায়ণখনৰ নাম কি?

উত্তৰঃ কাৰ্বি ৰামায়ণখনৰ নাম হল ‘ছাবিন আলুন’ ।

২) চমু টোকা লিখা

ক) চমাংকানঃ কাৰ্বি জনগোষ্ঠীৰ এটা পৰম্পৰাগত উৎসৱ হৈছে চমাংকান। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চমাংকান হ’ল মৃতকৰ উৎসৱ।মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পালন কৰা হয়।

খ) ৰংবং তেৰাংঃ ৰংবং তেৰং অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ। কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি আছিল ৰংব তেৰং। তেওঁ ঘাইকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ৰংবং তেৰংৰ জীৱনৰ আদৰ্শ ব্যক্তি আছিল মহাত্মা গান্ধী । কেৱল সাহিত্যই সাধনাৰেই নহয় শিক্ষকতাৰে কাৰ্বি আংলং আৰু অসমৰ সমাজ জীৱনত বিশেষ ভাবে প্ৰভাব পেলোৱা ৰংবং তেৰাং সকলো বয়সৰ ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎসৱ। ১৯৮৯ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।

গ) ইয়াৰুঈঙ্গমঃ অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস হল ইয়াৰুঈঙ্গ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে।

৪) তলৰ উৎসৱকেইটি ক’ত, কেতিয়া উদযাপিত হয় লিখা্ঁঃ

ক) বাৰেৰহনীয়া ভওনাঃ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত বাৰেবৰনীয়া ভাওনা উদযাপন কৰা হয়। ৫ বছৰৰ মূৰে মূৰে এই উৎসৱ পালন কৰা হয়।

খ) ফাট বিহুঃ ঢকুৱাখানাৰ চাৰিকড়ীয়া নৈৰ ম’হ ধূলি চাপৰিত অনুষ্ঠিত কৰা হয়। বহাগ মাহৰ শেষৰটো শক্ৰ, শনি, আৰু দেওঁবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয়।

গ) মহোহোঃ নামনি অসমত আঘোনী পূৰ্ণিমাত এই উৎসৱ পালন কৰা হয়।

ঘ) মাছ মৰা উৎসৱঃ বিহু উৰুকাৰ দিনা যি অঞ্চলত গাওঁ খনৰ মানুহ একলগ হৈ মাছ মাৰি বিহু পালন কৰে তাকে মাছ মৰা উৎসৱ বোলে।

ঙ) বোকা ভাওনাঃ নগাৱৰ পুৰণিগুদামত। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশ দিনটোত বোকা ভাওনা পালন কৰা হয়।

চ) জোনবিল মেলাঃ মৰিগাওঁ জিলা জাগিৰোদত মাঘৰ বিহুৰ দ্বিতীয় সপ্তাহত জোনবিল মেলা পালন কৰা হয়।

ছ) ভঠেলীঃ ভঠেলী হ’ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি কৰা এক ধৰণৰ পূজা। প্ৰধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায়।

৫) সন্ধি ভাঙা

সংস্কৃতি= সম+কৃতি

কাৰ্যালয়= কাৰ্য+আলয়

সন্মুখ = সম+মুখ

উৎসৱ = উৎ+সৱ

মৰমিয়াল=মৰম+ইয়াল

সম্ভাষণ=সম+ভাষন

নমস্কাৰ=নমঃ+কাৰ

মনোৰম=মনোঃ+ৰম