AJB Class 7 Assamese Chapter 9 Answer ওজাপালি

ওজাপালি

পাঠ ৯

১) একোটিকৈ বাক্যত উওৰ লিখা্ঁ

ক)ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে ?

উত্তৰঃ ওজা শব্দটো সংস্কৃত ‘উপাধ্যায়’ শব্দৰ পৰা ওলাইছে।

খ)ওজাপালি অনুষ্ঠানত কেইজন গায়ক থাকে?

উত্তৰঃ ওজাপালি অনুষ্ঠানত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে।

গ)অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি?

উত্তৰঃ অসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত- সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি।

ঘ)বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা কি কি ?

উত্তৰঃ বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা হল- মহাকাব্য আশ্ৰিত ওজাপালি আৰু মহাকাব্য অনাশ্ৰিত ওজাপালি।

ঙ)মনসা-সংগীত কি?

উত্তৰঃ মহাকাব্যত অনাশ্ৰিত এইবিধ ওজাপালিক মনসা-সংগীত বুলিব পাৰি। সৰ্পদেৱীক বন্দনা কৰিবলৈ গোৱা ধৰ্মীয় গীতবোৰেই মনসা-সংগীত।

চ)সুকনান্নী’ৰ ওজা কাক বোলা হয় ?

উত্তৰঃ সুকবি নাৰায়ণদেৱৰ পাঁচালি গোৱা ‘ওজাসকলক সুকনান্নীৰ’ ওজা বোলা হয়।

ছ) ওজাপালিত ওজাজন কেনে ব্যক্তি হ’ব লাগে?

উত্তৰঃ ওজাপালিৰ ওজাজন সাংগীতিক দিশৰ সকলো ক্ষেত্ৰতে দক্ষতা আৰু সম্যক জ্ঞান থকা ব্যক্তি হ’ব লাগিব।

জ) দৰঙত দাইনাপালিক কি বোলে?

উত্তৰঃ দৰঙত দাইনাপালিজনক কথা শলগা আৰু কথা ধৰা পালিও বোলে.

ঝ) বিয়াহৰ ওজাপালি কি সংগীতৰূপে আৰু ক’ত ক’ত প্ৰতিপালিত হয়?

উত্তৰঃ বিয়াহৰ  ওজাপালি মাৰ্গসংগীতৰূপে পণ্ডিতসকলৰ ধৰ্মসভাত, জাতীয় উৎসৱত বা ৰজাসকলৰ আশ্ৰয়ত প্ৰতিপালিত হয়। 

২) চমু উত্তৰ লিখা্ঁ

ক) ওজাপালিৰ উৎপত্তি সম্পৰ্কত থকা জনবিশ্বাসৰ বিষয়ে লিখা্ঁ ।

উত্তৰঃ ওজাপালিৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনবিশ্বাস প্ৰচলিত হৈ আছে। তেনে এক জনবিশ্বাস মতে, দৰঙত বহুলভাৱে প্ৰচাৰিত ব্যাসসংগীত হেনো পাৰিাতী নামৰ এগৰাকী মহিলাই সপোনত পাইছিল। সপোনতে তাঁতশালত কাপোৰ বৈ থকোঁতে তেওঁ হঠাতে স্বৰ্গৰপৰা মৰ্তলৈ মধুৰ সুৰযুক্ত গীতৰ ধ্বনি নামি অহা শুনিছিল। সপোনত তেওঁ আত্মবিভোৰ হৈ তাঁতশালৰপৰা উঠি আহি মুদ্ৰাসহ নৃত্য কৰিবলৈ লয়। পিছত পাৰিজাতীয়ে সপোনত লাভ কৰা সেই নৃত্য-গীত শিষ্যসকলক শিকায় আৰু তাৰপৰাই ব্যাসসংগীতৰ উৎপত্তি বুলি আজিও সেই অঞ্চলৰ লোকে বিশ্বাস কৰে। আকৌ পাৰিজাতীৰপৰাই হেনো ব্যাসকলায়ে ওজাপালিৰ বিদ্যা শিকিছিল।

খ) মহাকাব্যত আশ্ৰিত ওজাপালি প্ৰধানকৈ কিহৰ কাহি্নীৰ ওপৰত নিভৰ কৰে? এইবিধ ওজাপালিৰ ভাগবোৰ দেখুওৱা্ঁ।

উত্তৰঃ মহাকাব্য আশ্ৰিত ওজাপালিয়ে প্ৰধানকৈ মহাভাৰত আৰু ৰামায়ণৰ লগতে পুৰাণৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে। এইবিধ ওজাপালিয়ে প্ৰধানকৈ বিষ্ণুকথাৰ বাহিৰে অন্য গীত নাগাইছিল। কিন্তু বৰ্তমান শাক্ত উপাদান থকা গীতো গোৱা শুনা যায়। মহাকাব্য আশ্ৰিত ওজাপালিৰ ভাগবোৰ তলত দিয়া ধৰনৰ-

(ক) ব্যাসসংগীত বা বিয়াহৰ ওজাপালি বা ব্যাস গোৱা ওজাপালি। 

  খ) ৰামায়ণ সংগীত বা ৰামায়ণ গোৱা ওজাপালি । 

গ) ভাউৰা বা ভাৱৰীয়া বা ভাইৰা ওজাপালি। 

ঘ) দুৰ্গাবৰী ওজাপালি। 

ঙ) সত্ৰীয় ওজাপালি বা বিয়হীয়া ওজাপালি।

    চ) পাঞ্চালী বা দুলড়ী ওজাপালি। 

গ) মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ কি কি?

উত্তৰঃ মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ হল-

১) সুকনান্নী ওজাপালি বা ৰং গোৱা ওজাপালি।

২) বিষহৰিৰ গান।

৩) মাৰৈপূজাৰ গান বা মাৰেগান।

৪) পদ্মপুৰাণৰ গান।

ঘ) ওজাপালিত দাইনাপালিজন কেনে হ’ব লাগে?

উত্তৰঃ ওজাপালিত দাইনাপালিজন বাক্পটু, উপস্থিত বুদ্ধিসম্পন্ন, ৰসিক আৰু সমসাময়িক তথা দৈনন্দিন জীৱনৰ ঘটনা-প্ৰৱাহৰ লগত সু-পৰিচিত লোক হ’ব লাগে।তদুপৰি তেওঁ নানা উপমা, কৌতুক, অতিৰঞ্জিত কথাৰ সহায়ত হাস্যৰস সৃষ্টি কৰি সমসাময়িক ঘটনাৰ লগত মূল বিষয়বস্তু ৰজিতা খুৱাই মনোৰমকৈ দাঙি ধৰিব পৰা ব্যক্তিত্বসম্পন্ন গুনৰ অধিকাৰী হ’ব লাগে।

ঙ) ব্যাসগোৱা ওজাপালিৰ ওজা আৰু পালিসকলৰ সাজপাৰৰ বিষয়ে লিখা্ঁ।

উত্তৰঃ ব্যাসগোৱা ওজাপালিৰ ওজাজনে জৌকাচাপকন চোলাৰে সংলগ্ন ঘূৰণীয়া জামা পৰিধান কৰে। সেই জামা নৃত্বৰ লগে লগে আকৰ্ষণীয়কৈ ফুলি উঠে। মূৰত অৰ্ধনৌকাকৃতিৰ পাগুৰি, কঁকালত টঙালি, কান্ধৰ-দুয়োকাষে দীঘলকৈ দীঘলৈ ওলমাই লোৱা ফুলাম পছৰা, হাতত গামখাৰু, গলত মণিমালা,হাতৰ আঙুলিত আঙুঠি, ভৰিত নপুৰ, কপালত চন্দনৰ ফোঁট লয়।

চ) সুকনান্নী ওজাপালীত ওজা,দাইনাপালি আৰু পালিসকলৰ সাজসজ্জাৰ বিষয়ে লিখাঁ।

উত্তৰঃ সুকন্নানী ওজাপালিত ওজাজনে ধৰ্মীয় পৱিত্ৰতাৰ প্ৰতীক কপাই বা পাটৰ শুদ্ধ বগা কাপোৰ পিন্ধে। ওজা, দাইনাপালি আৰু পালিয়ে ধুতি আৰু চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে মূৰত পাগ মাৰে। ওজাৰ পাগটো ডিম্বাকৃতি। দাইনাপালি আৰু পালিৰ পাগ মৈৰাচকীয়া, অৰ্থাৎ পাগমৰা চাদৰৰ আগটো মূৰৰ আগফালে মৈৰাই চালি ধৰা অৱস্থাৰ দৰে উলাই থকা। পালিৰ কান্ধত একোখন ফুলাম গামোচা থাকে। ওজাই কপাহী বা পাটৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়। ওজাজনে গালত সোণৰ ঢোল-মাদলী আৰু ৰূপৰ খট খুওৱা মাদলী, কাণত সোণৰ লংফুটি বা কেৰু, হাতত ৰূপৰ গামখাৰু বাদুপতীয়া খাৰু আৰু আঙুলিত আঙুঠি পিন্ধে। দাইনাপালিজনে ওজাৰ দৰে হাতত গামখাৰু আৰু ঘট খুওৱা মাদলী আৰু আঙুলিত ৰূপৰ আঙুঠি ব্যৱহাৰ কৰাৰ বাহিৰে বাকী পালিবোৰৰ মাজত অলংকাৰ-পাতিৰ ব্যৱহাৰ প্ৰায় নাই বুলিবই পাৰি। তদুপৰি, ওজা আৰু পালিসকলে কপালত ৰঙা ফোঁত লয়।

ছ) ওজাপালিত কিয় পুতলা নাচৰ ক্ৰমবিৱতিত ৰুপ বুলি কব পৰা যায়?

উত্তৰঃ নাৰায়ণদেৱৰ পদ্মপুৰাণ পাঁচালী বা ওজাপালি সাহিত্য আৰু কবিজনা পাঁচালী কবিৰুপে অসমত জনাজাত হৈ আহিছে। সংস্কৃত বা পাঞ্চালিকা শব্দৰপৰা ওলোৱা পাঁচালী সাহিত্যক ওজাপালি সাহিত্য বুলি কোৱাৰ মূলতে হ’ল এই গীত-পদ সাধাৰণতে ওজাপালীয়ে পদৰ্শন কৰে। পাঁচালী শব্দৰ অৰ্থ পুতলা। ঐতিহ্যপূৰ্ণ প্ৰাচীন পুতলা নীচৰ লগত ওজাপালিৰ মিল আছে। পুতলা বা পাঁচালী নাচৰ আৰ্হিত বিবিধ নৃত্য, গীত, মুদ্ৰা, বাদ্যৰ সহায়ত সুৰযুক্তকৈ আবৃত্তি কৰা হয় বাবে এই কাব্য গীতক পাঁচালী গীত বোলে। সেয়েহে এইফালৰ ওজাপালিক কৰ্মবিৱৰ্তিত ৰূপ বুলি কব পৰা যায়।

৩) প্ৰসংগ সংগতি দশাই বাখ্যা কৰা্ঁ

অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ সতে তুলনা কৰিব নোৱাৰি।

উত্তৰঃ প্ৰসংগঃ- উক্ত বাক্যশাৰী আমাৰ পাথ্যপুঠি আপোন পাঠৰ অন্তগৰ্ত ওজাপালি নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

সংগতিঃ- অসমৰ ওজাপালিৰ কথা বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কথাযাৰৰ উক্ত কথাষাৰ ব্যক্ত কৰিছে।

ব্যাখ্যাঃ- ওজাপালি হৈছে আমাৰ সমাজৰ এটা অংগ।ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত- সুকন্নানী ওজা, আৰু বিয়াহৰ ওজাপালি। ওজাপালিত কোনো ধৰনৰ আধুনিক বাদ্যৰ সংযোগ কৰা দেখা নাযায় তাত কেৱল খুটি তাল হে ব্যৱহাৰ কৰা হয়।ওজাপালিত কোনো ধৰনৰ ৰং বিৰঙৰ পোচাক পিন্ধা দেখা নাযায়। ওজাপালিত সাধাৰনতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে। কিন্তু অন্য অনুস্থানত এজনে গায়ক থাকে এইবোৰ পাৰ্থক্যৰ ভিত্তিত ওজাপালিক আন অনুষ্ঠানৰ লগত তুলনা কৰিব নোৱাৰি।     

  

৪) চমু টোকা লিখাঁঃ

ক) সুকবি নাৰায়ণদেৱঃ সুকবি নাৰায়ণদেৱ হৈছে এগৰাকী পাঁচালী কবি।ষােড়শ শতাব্দীৰ সময়তে বৈষ্ণৱ আন্দোলনৰ মূল ধাৰাটোৰপৰা প্ৰভাৱমুক্ত এগৰাকী কবি। নাৰায়ণদেৱে ৰচনা কৰা এখন গ্ৰন্থৰ নাম হল- পদ্মপুৰাণ . কোনো কোনো পণ্ডিতৰ মতে নাৰায়ণদেৱৰ দৰঙী বা ধাৰয়ণ ৰাজত্ব কালৰ কবি। 

খ) দেওধনী নৃত্যঃ দেওধনী নৃত্য হৈছে এবিধ পুৰনি কলীয়া নৃত্য। অসমৰ জনজাতীয় লোক সকলৰ মাজত এই নৃত্য প্ৰচলন বেছি।অসমৰ দেৱী পূজাত বহু জনজাতীৰ মাজত দেওধনী নৃত্য প্ৰচলন আছে। দৰংত এই নৃত্য বেছি প্ৰচলন।কেঁচাইখাইতী, সুবচনী , দুৰ্গা, বাথৌ ,ব্ৰাই আদি পূজাত এই নৃত্য

গ) কবি মনকৰঃমনসা বিষয়ক পাঁচালী সাহিত্যৰ পৰম্পৰা নিৰ্মাতা। খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত মনকৰৰ বিকাশ হৈছিল বুলি কোৱা হয় যদিও ই সম্পূৰ্ণ ৰূপে বিশ্বাস যোগ্য নহয়।তেওঁ ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোকআছিল। তেওঁৰ মাকৰ নাম আছিল কালিন্দ্ৰী। মনকৰ এজন ওজা বা গীতাল আছিল।

ঘ) কবি দুৰ্গাবৰঃ কবি দুৰ্গাবৰ বিশ্বসিংহৰ দিনৰ এগৰাকী পাচাঁলি কবি আছিল। এওঁ কায়স্থ কুলত জন্ম হয়। জনা যায় যে তেওঁ নীলাচলত থাকিহে সাহিত্য চৰ্চা কৰে।

ঙ) মাৰেগানঃ ৰাভাসকলৰ মাজত মাৰেগান নামেৰে বহুলভাৱে প্ৰচলিত সুকনান্নী ওজাপালিয়ে সৰ্পদেৱী বিষহৰী মাৰেপূজাত কোনো মনসা কবিৰে ৰচিত পদ নাগায়।

৬] সন্ধি ভাঙা আৰু কৰাঁঃ

গায়ক= গৈ+অক

নায়ক= নৈ+অক

সংস্কৃত= সম+কৃত

নৌকা +আকৃতি= নৌকাকৃতি

ডিম্ব+আকৃতি = ডিম্বাকৃতি

মনোৰম= মনঃ+ৰম

গৱেষণা= গো+এখনা

৭] নতুন শব্দ সাজাঃ

অনুষ্ঠান+ইক= অনুষ্ঠানিক

সংগীত+ইক = সংগীতিক

পুৰাণ+ইক = পুৰানিক

সমাজ+ইক= সমাজিক

লোক+ইক =লোকিক

সংস্কৃত +ইক= সংস্কৃতিক

ৰস+ইক = ৰসিক

[৮] বিপৰীত শব্দ লিখাঃ

প্ৰাচীন= আধুনিক

বিশাল= ক্ষুদ্ৰ

শিষ্য= গুৰু

মৰ্যাদা = অমৰ্যদা

ৰসিক = অৰসিক