Chapter 1
আমাৰ গাওঁ
ক্ৰিয়া-কলাপ
অৰ্থ সৈতে চিনাকি হওঁ আহা:
মুদৈ = দূৰ ঠাইত বেপাৰ কৰিবলৈ যোৱা লোক
হাট = বজাৰ
মুৰুলী = বাঁহী
তান = সংগীতত সুৰৰ বিস্তাৰ
চহা = হাল-কোৰ বাই খোৱা লোক
তল-সৰা = নিজে সৰি (মানুহে নপৰাকৈ) গছৰ তলত পৰি থকা
চেনেহা-চেনেহী = দুটা ভিতৰত এটাৰ আনটোলৈ মৰম
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) শুৱনি গাওঁখন কি গছেৰে ভৰা?
উত্তৰঃ
খ) পুখুৰীত কি থাকে?
উত্তৰঃ
গ) মুদৈয়ে ক’ত বেপাৰ কৰে?
উত্তৰঃ
ঘ) গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায়?
উত্তৰঃ
ঙ) ৰং-ধেমালিৰ হাট মানে কি বুজোৱা হৈছে?
উত্তৰঃ
চ) গাঁৱত পোৱা বস্তুবোৰৰ নামৰ এখন তালিকা কৰাঁ।
উত্তৰঃ
[২] কবিতাটিত প্ৰকাশ পোৱা গাওঁখনৰ পৰিৱেশৰ বিষয়ে
নিজৰ ভাষাৰে লিখা।
উত্তৰঃ
[৩] খালী ঠাই পূৰ কৰা:
খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল
ক) মুদৈয়ে কৰে।
খ) খেতিয়কে কৰে।
গ) খেলুৱৈয়ে খেলে।
ঘ) মাছুৱৈয়ে ধৰে।
ঙ) অভিনেতাই কৰে।
চ) নাৱৰীয়াই বায়।
ছ) হালোৱাই বায়।
[৪] তলত শব্দবোৰৰ মাজত থকা অমিল শব্দটোত চিন দিয়া:
ক) কোমোৰা, লাও, জিকা, কঁহুৱা, ভোল।
উত্তৰঃ
খ) গৰু, ছাগলী, মাছ, হাতী, সিংহ।
উত্তৰঃ
গ) গীত, নৃত্য, অভিনয়, খেল, ভাওনা।
উত্তৰঃ
ঘ) গামোচা, চুৰীয়া, পায়জামা, কুৰ্তা, গামখাৰু।
উত্তৰঃ
[৫] বাক্য ৰচনা কৰা:
তল-সৰা-
পানী- ভৰা-
ভাওনা-সবাহ-
শুৱলা-সংগীত
[৬] পঢ়া আৰু মিলাই লিখা :
বাৰিষা —- চঞ্চল বাৰিষা —-
ৰ’দ ——- নীৰৱ ৰ’দ ——-
সৰৱ —— খৰালি সৰৱ ——
স্থিৰ ——- বৰষুণ স্থিৰ ——-
[৭] পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা :
ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ
খ) কথাত কটা যায়, কথাত বটাঁ পায়।
উত্তৰঃ
[৮] পঢ়া, চোৱা আৰু লিখা :
তলত সৰা = তল-সৰা
পানীৰে ভৰা =
হাতেৰে বোৱা =
গুৰুক সেৱা =
[৯] অৰ্থৰ পাৰ্থক্য স্পষ্ঠ হোৱাকৈ বাক্য ৰচনা কৰা (অভিধানৰ সহায় ল’বা।):
ক) হাত —– মানুহৰ হাতেৰে বহুত কাম কৰিব পাৰে।
হাট —–
খ) চাল —–
ছাল —–
গ) তান —-
টান —-
ঘ) ঘাত —-
ঘাট —-
[১০] ভাবা আৰু উওৰ উলিওৱা:
ক) ঘন ঘন গাঠিৰে ডিঙিত পিন্ধি মণি,
ওপৰলৈ চাই আছে কোনে চুলি মেলি?
খ) খেতিয়কে খেতি কৰে,
গুটি নাই, ফুল নাই
গ) ঐ ঐ ঐ, ক’লৈ যাৱগৈ,
গছ শুকান গুটি কেচা
ব’ল আনোগৈ।