Chapter 10
কাঁহৰ মেল
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
মেল = আলোচনা বা বিচাৰ কৰিবলৈ বহা সমাজ
সম্ভাৱ্য = যিহৰ ঘটিবৰ আশা আছে, সম্ভৱনা থকা
উদ্যোক্তা = আয়োজনকাৰী
বয়োজ্যেষ্ঠ = বয়সত ডাঙৰ
ব্যাক্তি = মানুহ; লোক
থলী = স্হল; বাম ঠাই
সম্ভষণ = আদৰণি; আগ্ৰহেৰে কৰা মাত-বোল
সুকলমে = বাধা-বিঘিনি নোহোৱাকৈ
আসন = বহিবৰ বাবে যুগুত কৰা বস্তু
সমৰ্থন = সপক্ষে মত দান; হয়ভৰ
উদ্দেশ্য = লক্ষ্য; অভিপ্ৰায়
অতীজ = আগেয়ে হৈ যোৱা; পুৰণি কাল
সমাদৰ = বিশেষ আদৰ; সন্মান
সামগ্ৰী = দ্ৰব্য-সম্ভাৰ; কোনো কামৰ বাবে লগা বস্তু
লোপ = নোহোৱা হোৱা
সচেতন = সজাগ; চেতনাযুক্ত
সমাধান = নিষ্পত্তি; মীমাংসা
আয়োজন = যো-জা; যোগাৰ; সংগ্ৰহ
মঞ্চ = কাঠ, বাঁহ আদিৰে সজা চাং; বেদী
পণ = প্ৰতিজ্ঞা
প্ৰশংসা = গুণ-কীৰ্তন; শলাগ
ইতিহাস = অতীত ঘটানাৰ বিৱৰণ; পুৰণি কথা; বুৰঞ্জী
শিল্প = বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম; কাৰিকৰী কৰ্ম
হ্ৰাস = কমি যোৱা অৱস্থা
পাত্ৰ = বস্তু থোৱা সঁজুলি
যাদুঘৰ = সংগ্ৰহালয়
হুলস্থূল = গোলমাল; হৈ চৈ
আদৰ = প্ৰশংসা; শ্ৰদ্ধাৰে দেখুওৱা মৰম
প্ৰদৰ্শনী = দেশৰ বা বিদেশৰ উৎকৃষ্ট বস্তুৰ পোহাৰ-মেলি দেখুওৱা মেল
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা :
ক) কঁহাৰ গাঁৱত লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল?
উত্তৰঃ
খ) খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত কি আলোচনা চলি আছিল?
উত্তৰঃ
গ) কোনে মেলৰ কাম আৰম্ভ কৰিলে ?
উত্তৰঃ
ঘ) মেলৰ সভাপতি কাক পতা হৈছিল ?
উত্তৰঃ
ঙ) কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল ?
উত্তৰঃ
চ) মেলখনৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ
ছ) কাৰদ্ধাৰা গীত পৰিৱেশন কৰা হৈছিল ?
উত্তৰঃ
জ) কোনে কাঁহশিল্প ইতিহাস বৰ্ণনা কৰিছিল ?
উত্তৰঃ
[২] পাঠটো পঢ়া আৰু মনত পেলাই কাক বোলে লিখা :
ক) কোঁহমৰা কাঁহৰ সঁজুলি
উত্তৰঃ
খ) ঢলা কাঁহৰ সঁজুলি
উত্তৰঃ
গ) ঢলুৱা কঁহাৰ
উত্তৰঃ
[৩] ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ নাম পোৱা
যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে ?
উত্তৰঃ
[৪] অসমত প্ৰচলিত তালকেইযোৰ মান নাম লিখা ।
উত্তৰঃ
[৫] হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?
উত্তৰঃ
[৬] বুজা আৰু লিখা :
ক) হাত আৰু মুখ = হাত-মুখ
খ) হাত আৰু ভৰি =
গ) ল’ৰা আৰু ছোৱালী =
ঘ) হাতেৰে মৰা চাপৰি =
ঙ) জন্ম স্থান =
[৭] পঢ়ি, বুজা আৰু লিখা :
ডাঙৰীয়া ㅡ ডাঙৰীয়ানী
শ্ৰীযুত ㅡ
মাননীয় ㅡ
শ্ৰীমান ㅡ
বুদ্ধিমান ㅡ
[৮] বুজা আৰু লিখা :
মেল য’ত কৰা হয় = মেলৰ থলী
সভা য’ত কৰা হয় =
ৰণ য’ত কৰা হয় =
পূজা য’ত কৰা হয় =
উৎসৱ য’ত কৰা হয় =
[৯] বাক্য ৰচনা কৰা :
হাত-চাপৰি; সমাদৰ; বিখ্যাত; আশা ।
[১০] একে অৰ্থবোধক শব্দ লিখা :
উদাহৰণ : মেল ― সভা
গাঁও ―
শোভা ―
মানৱ ―
আকাশ ―
[১১] শিক্ষকক সুধি বুজি লোৱা । :
ক) এপাচি শাকত এটা জালুক ।
খ) উপকাৰীক অজগৰে খায় ।
[১২] শুনা আৰু লিখা :
”বৰ্তমান অসমত কাঁহশিল্প একেবাৰে লোৱা নাই । কিন্তু আগতকৈ ইয়াৰ প্ৰচন কমি আহিছে । আগতে অসমৰ কঁহাৰকলে তামৰ গলত ৰাং নামৰ ধাতু মিহলাই কাঁহ প্ৰস্তুত কৰি লৈছিল । এতিয়া ভঙা কাঁহ কি কি আনি তাকে গলাই নতুন কাঁহৰ সামগ্ৰী গঢ়ে । ফলত পুৰণি অসমত কাঁহৰ গুণ বহুত হ্ৰাস পাইছে । এনে হৈ থাকিলে ভৱিষ্যতে অসমত কাঁহশিল্প একেবাৰে লোপ পাব । গতিকে ইয়াৰ বাবে আমিয়েই উচিত পদক্ষেপ লোৱা উচিত । ইমানকে কৈ মই মোৰ বক্তব্যৰ সামৰিণ মাৰণি মাৰিলোঁ । ” কথাখিনি কৈ বেৰাকাঁহী ডাঙৰীয়ানী বহিল । সকলোৰে হাত-চাপৰিত মেলৰ থলী ৰজন-জনাই গ’ল ।