পখীৰ মেকুৰী পোৱালি
Lesson 3
অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
কাহ = ডিঙিত হোৱা এবিধ অসুখ
কাঁহ = এবিধ ধাতু
কথা = মাত, বচন
কঠা = মাটিৰ জোখ
কঁথা = বহুত ফটা কাপোৰ জাপ জাপকৈ লগ লগাই সী কৰা আৰু শোওঁতে জাৰ গুচাবলৈ লোৱা ডাঠ কাপোৰ।
[১] প্ৰথমে কোৱা আৰু, তাৰ পিছত লিখাঁ ঃ
ক) বিয়া খাবলৈ যাওঁতে মাক-দেউতাকে পখীক কাৰ লগত থৈ গৈছিল ?
উত্তৰঃ বিয়া খাবলৈ যাওঁতে মাক-দেউতাকে পখীক ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল।
খ) ৰমলা পেহীয়েকে পখীক কি খাবলৈ দিছিল ?
উত্তৰঃ ৰমলা পেহীয়েকে পখীক জলপান খাবলৈ দিছিল।
গ) জলপান খাবলৈ মাতোঁতে পখীয়ে ফেঁকুৰি কিয় কান্দিছিল ?
উত্তৰঃ জলপান খাবলৈ মাতোঁতে পখীয়ে মাক হঁতে এৰি যোৱা কাৰণে ফেকুৰি কান্দিছিল।
ঘ) ৰমলা পেহীয়েকে পখীৰ লগত খেলা খেলবিধৰ নাম কি আছিল ?
উত্তৰঃ ৰমলা পেহীয়েকে পখীৰ লগত খেলা খেলবিধৰ নাম আছিল হেতালি।
ঙ) পখীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল ?
উত্তৰঃ পখীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো মেকুৰী পোৱালি আছিল।
চ) পখীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল ?
উত্তৰঃ পখীৰ মাকহঁত সন্ধিয়া ঘৰলৈ ঘূৰি আহিল।
ছ) মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পখীয়ে কি কৰি আছিল ?
উত্তৰ মাকহঁত ঘৰলৈ অহাৰ সময়ত পখীয়ে শুই আছিল।
জ) পখীৰ মেকুৰী পোৱালিটোৰ কি হ’ল ?
উত্তৰঃ পখীৰ পোৱালিটোৰ, পোৱালিটো মাকৰ লগত গুচি গল।
ঝ) ‘পখীৰ মেকুৰী পোৱালি’ নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখাঁ ।
উত্তৰঃ আজি ৰাতিপুৱাই পখীৰ মাক-দেউতাকে দূৰত ফুৰিব যাবৰ কাৰণে ওলাই আছে। পখীৰ গাটো অলপ বেয়া লাগি থকাৰ কাৰণে পখীৰ মাক-দেউতাকে ওচৰৰ ঘৰৰে ৰমলা পেহীয়ক তেওঁলোক যএ দেৰিকৈ পাবহি সেইকাৰণএ পখীক চোৱা-চিতা কৰিবলৈকে কৈছে। মাক-দেউতাকৰ লগত যাব নোপোৱাৰ কাৰণে পখীৰ বহুত দোষ লাগিল আু তাই গা বেয়া হোৱাৰ কাৰণে খং উঠিল। পখইয়ে দূৰত ফুৰিবলৈকে যাব বহুত ভাল পায় কাৰণ দূৰত থকা পাহাৰবোৰ চাই তাইৰ বহুত পাল লাগে আৰু উৰি থকা বগলীজাকক চাই তাই খুওব আনন্দ পায়। ৰমলা পেহীয়েকে পখীক কিবা খাবলৈ দিলে কিন্তু মাক-দেউতাকৰ লগত যাবলৈ নেপায় পখীয়ে বাহিৰতে অপ সময় বহিলে। কিছু সময়ৰ পিছত তাই মেকুৰীৰ মাত এঠা শুনা পালে। আৰু তাই শব্দটো অহা জুপুহাটোৰ ওচৰলৈ গ’ল আু দেখা পালে যে তাত এঅটা মৰম লগা মেকুৰীৰ পোৱালী আছে। পখীয়ে মেকুৰী পোৱালিটোক কোলাত লৈ পেহীয়েকৰ ওচৰ চাপিল। পখীয়ে পেহীয়েকক মাত দি ক’লে যে পেহী চোৱাচোন এইটো ইমান মৰম লগা এটা মেকুৰী পোৱালী। ৰমলা পেহীয়েকে মেকুৰী পোৱালীটোক চাই ক’লে হয় এইটো বহুত মৰমৰ মেকুৰী পোৱালী কেনেকৈ তোৰ কোলাত যএ বহি আছে দোষেই লাগিছে মাকজনী বা ক’লৈ গ’ল। পেহীয়েকে মেকুৰী পোৱালীটোক বাটি এটাতে অলপমান গাখীৰ দিলে। পখীয়ে পেহীয়েকক ক’লে এি পোৱালীটোৰ মাক আহিলেওএ মই তাক যাবলৈকে নিদিও। পেহীয়েকে ক’লে এইটো কেনেকৈ সম্ভৱ। তাৰ মাক আহি তাক লগত লৈ যাবও তো পাৰে। মাকলৈ মনত পৰিলে মেকুৰী পোৱালীটোৱে কান্দিব নহয়। তইটো আজি মাৰাহঁত নথকাৰ কাৰণে কান্দি আছ। সন্ধিয়ালৈকে পখীৰ মাকহঁত আহি পালেহি তেতিয়া পখী শুই আছিল। মাকে তাইক জগালে আৰু পখীয়ে মাকক সুধিয়ে যে মেকুৰী পোৱালী ক’ত গ’ল। মাকে পখীৰ কথা বুজি নাপাই ৰমলা পেহীয়েকক সুধিলে। ৰমলা পেহীয়েকে পখীয়ে লৈ অনা মেকুৰী পোৱালীটোৰ কতাখিনি কৈ দিয়ে। পখীয়ে কান্দিলে মোৰ মেকুৰী পোৱালীটো তুমি ক’ত থৈ দিয়া পেহী। কান্দি থকা অৱস্থাতেই পখীয়ে বাৰান্দালৈ চালে আৰু দেখা পালে যে তাই লৈ অনা মেকুৰী পোৱালীটো মাকৰ সৈতে একোজ দুখোজ কৰি পদূলিলৈকে আগবাঢ়ি গৈছে। এইবাৰ পখীৰ চকুত চকুপানী নাই আু তাই মাকক ক’লে অ মা মাকজনী অহাৰ কাৰণে মেকুৰী পোৱালিটো মাকৰ লগত গ’ল গৈ। মাকে পখীক ক’লে যে পিতৃ-মাতৃৰ লগত সময় কটোৱাটেই সন্তানৰ সকলোতকৈ প্ৰিয় মূহুৰ্ত।
[২] একে অৰ্থ বুজডোৱা শব্দবোৰ মিলাই লিখাঁ ঃ
পখী = ৰান্ধনীঘৰ
গধূলি = খোটালি
পাহাৰ = চৰাই
পাকঘৰ = সন্ধিয়া
পথাৰ = পৰ্বত
খিৰিকী = প্ৰান্তৰ
কোঠা = বতায়ন
পখী = চৰাই
গধূলি = সন্ধিয়া
পাহাৰ = পৰ্বত
পাকঘৰ = ৰান্ধনীঘৰ
পথাৰ = প্ৰান্তৰ
খিৰিকী = বাতায়ন
কোঠা = খোটালি
[৩] বাক্য ৰচনা কৰা
অকলশৰীয়াঃ সকলো লোকে অকলশৰীয়াকৈ থাকি ভাল নাপায়।
বাটে-ঘাটেঃ অঘৰী লোকে বাটে-ঘাটে ঘুৰি ফুৰে।
ফেঁকুৰি-ফেঁকুৰিঃ পখীক মাকহঁতে লগত লৈ নোযোৱাৰ বাবে ফেঁকুৰি-ফেঁকুৰি কান্দিছিল।
ভুৰুংকৈঃ চৰাইজাক ভুৰুংকৈ উৰি গ’ল।
কুচি-মুচিঃ মেকুৰী পোৱালীটো কুচি-মুচি ৰাজৰ কোলাত বহিল।
[৪] বিপৰীত অৰ্থ লিখা ঃ
আজি – বেজাৰ
দুখ – কান্দোন
হাঁহী – পিছফাল
বেয়া – নিৰাশা
আগফাল – ভাল
আশা – সুখ
উত্তৰঃ
আজি – কালি
দুখ – সুখ
হাঁহী – কান্দোন
আনন্দ – বেজাৰ
বেয়া – ভাল
আগফাল – পিছফাল
আশা – নিৰাশা
[৫] খালী ঠাই পূৰ কৰাঁ ঃ
ধান থোৱা ঘৰ = ভৰাঁল
নঙলা মুখত বাঁহেৰে = জপনামুখ
বৈ দিয়া বেৰ = জপনা
ভাত-পানী ৰন্ধা ঘৰ = ৰান্ধনীঘৰ
নঙলা মুখৰপৰা = পদুলি
ঘৰলৈ দীঘল বাট = পদুলি
[৬] পঢ়া, বুজা আৰু লিখাঁ ঃ
অঁকৰা = আঁকৰী
পেহা = পেহী
খুৰা = খুৰী
কলা = কালৰী
কণা = কাণী
মহাশয় = মহাশয়া
শ্ৰদ্ধেয় = শ্ৰদ্ধেয়া
পূজনীয় = পূজলীয়া
মাক = দেউতাক
ডেকা = বুঢ়া
[৭] পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰাঁ, তাৰ পাছত কি হয় চোৱাঁ।
মেকুৰীৰ গোতেই গাটো মিহি নোমেৰে ঢকা। মুখখন জোঙা আৰু ইহঁতৰ দুপাৰি চোকা দাঁত আছে। কাণ দুখন সৰু আৰু দীঘলীয়া । ঠেঙত জোঙা নখ আছে; দীঘল নেজ এডালো আছে। মুখত দুকোচা দীঘল দাড়ি আছে। ইহঁতৰ ঘ্ৰাণ শক্তি বেছি । উম লগা কোমল ঠাইত শুই ভাল পায়। চকু দুটা গোল আৰু উজ্জ্বল । মানুহে খোৱা প্ৰায়বোৰ খাদ্য খায়। ভজা মাছ আৰু গাখীৰ খৰ খাই বৰ ভাল পায়। সুবিধা পালে চুৰ কৰি খাবলৈও নেৰে। পানী জিভাৰে চেলেকী খায়; কিন্তু পানীলৈ বৰ ভয় কৰে। মেকুৰী ঘৰচীয়া প্ৰাণী, অৰ্থাত সহজে হাৰ মানে। য’তেই মানুহৰ বসতি, ত’তেই ইহঁতে থাকে। পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায়। অৱশ্যে বিভিন্ন প্ৰজাতি মেকুৰীও আছে । ইহঁতে গছ বগাব পাৰে। মেকুৰী চিকাৰী প্ৰিয় । এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ প্ৰিয় জন্তু।
[৮] তুমি ভালপোৱা এবিধ জন্তুৰ বিষয় ৰচনা লিখাঁ।
উত্তৰঃ মই কুকুৰ ভালপাওঁ। কুকুৰ হৈছে এবিধ প্ৰভুভক্ত প্ৰাণী। কুকুৰৰ গোটেই শৰীৰটো নোমেৰে আবৃত হৈ থাকে। কুকুৰ ৰঙা, বগা, পখৰা ইত্য়াদি বিভিন্ন বৰণৰ থাকে। কুকুৰৰ প্ৰিয় খাদ্য় হৈছে মঙহ। কুকুৰে য’তেই গোন্ধ পাই শুঙি শুঙি সেই স্থানত উপস্থিত হয়গৈ। কুকুৰে ভাগৰুৱা অৱস্থাত তাৰ জিভাখন উলিয়াই দিয়ে। কুকুৰৰ নেজডাল সম্পূৰ্ণ বেঁকা। মানুহে খোৱা প্ৰায়বোৰ খাদ্য়কেই কুকুৰে খায়। মাইকী কুকুৰে প্ৰতেয়কবাৰে ৪ ৰ পৰা ৫ টা পোৱালী দিয়ে। কুকুৰে গোটেই জীৱনটো গৰাকীৰ উপকাৰ কৰি থাকে। ৰাতি গৰাকীৰ ঘৰত কুকুৰে পহৰা দি থাকে। ভয়ংকৰ বিপদতো কুকুৰে গৰাকীক জগাব পাৰে। কুকুৰ সহজতে পগলা হয়। যদি পগলা কুকুৰে মানুহ গৰু আদি বিভিন্ন প্ৰাণীক কামোৰে তেনেহ’লে প্ৰতিশেধক বেজী ল’ব লাগে। ২৬ আগষ্ট দিনটোক ৰাষ্ট্ৰীয় কুকুৰ দিৱস হিচাপে পালন কৰা হয়। কুকুৰক মানুহৰ সকলোতকৈ শ্ৰেষ্ঠ বন্ধু বুলি কোৱা হয়।