বকুল নাৱৰীয়া
Lesson 6
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
সুহৃদ = আপোনজন
উছন = ধ্বংস
অভ্যস্ত = অভ্যাস থকা
সাৰথি = সহায়; সংগী
লগী = নাও চলোৱা দীঘল বাঁহ
ভৰুণ = ভৰুপূৰ, পৰিপূৰ্ণ
সুৰুঙা = ফাঁক
উদ্যল = উৎসাহ
পকনীয়া = নৈৰ সোঁতৰ পাক, চাকনৈয়া
কালান্তক = জীৱনৰ কাল শেষ কৰোঁতা, যম
স্বস্তি = সন্তোষ
[১] প্ৰথমে কোৱা, আৰু তাৰ পিছত লিখাঁ ঃ
ক) বকুল নাৱৰীয়া ক’ত বাস কৰিছিল ?
উত্তৰঃ বকুল নাৱৰীয়া কদমনি গাঁৱত বাস কৰিছিল।
খ) বকুলে গাঁওবাসীক কিদৰে সহায় কৰে ?
উত্তৰঃ নদীৰ দুয়োপাৰৰ মানুহক ইপাৰ-সিপাৰ কৰি বকুলে গাঁওবাসীক সহায় কৰে।
গ) বকুলৰ নাওখন কিহেৰে সজা ?
উত্তৰঃ বকুলৰ নাওখন উৰিয়াম কাঠেৰে সজা আছিল।
ঘ) ‘লগী’ মানে কি ?
উত্তৰঃ নাও চলাবলৈ ব্যৱহাৰ কৰা দীঘল বাহকে লগী বুলি কোৱা হয়।
ঙ) কাৰ মাতত বকুল চক্ খাই উঠিছিল ?
উত্তৰঃ যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল।
চ) বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পিছত কি হৈছিল ?
উত্তৰঃ বাৰিষাৰ ভৰা নৈত বকুলৰ নাওখন বান্ধি থোৱা ৰছী ডাল ছিঙি নদীৰ সোঁতত যোৱা দেখি জাপ মাৰিছিল। তাৰ পিছত সি নাও খন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
[২] কোনে, কাক, কিয় কৈছিল ঃ
ক) ‘নহয়, মানে দাদাই, এই দিহিংখনৰ কথাকে ভাবি আছোঁ।’
উত্তৰঃ উক্ত কথাষাৰ বকুলে, যদু মাষ্টৰক কৈছিল।
খ) ‘হয়হে বকুল, তই ঠিকেই ভাবিছ।’
উত্তৰঃ উক্ত কথাষাৰ যদু মাষ্টৰে, বকুলক কৈছিল।
[৩]বাক্য সাজাঁ ঃ
ইপাৰ-সিপাৰ- নদী এখন ইপাৰ-সিপাৰ হ’বৰ কাৰণে নাৱৰ প্ৰয়োজন।
কেও- কিছু- বকুলৰ কেও-কিছু নাছিল।
ইপদ-সিপদ- বকুলক গাঁৱৰ মানুহে ইপদ-সিপদ বস্তু দি সহায় কৰিছিল।
বয়-বস্তু- কাৰোবাৰ বিপদৰ সময়ত আমি বয়-বস্তু দি সহায় কৰিব লাগে।
অতিথ্য়- ঘৰলৈ অতিথি আহিলে অতিথ্য সেৱাৰ সামগ্ৰীসমূহ অধিক প্ৰয়োজন হয়।
তেজ- মংহৰ আপোন- গাঁৱৰ মানুহবোৰ বকুলৰ তেজ মঙহৰ আপোন নহ’লেও বহুত ভাল পাইছিল।
অভ্যস্ত- নিতৌ ভাল অভ্য়স্ত কৰিব লাগে।
আপোন পাহৰা- ৰীয়া হৈছে সকলো সময়তে এজনী আপোন-পাহৰা ছোৱালী।
কালান্তক– বাৰিষা কালত দিহিঙে কালান্তক ৰূপ লয়।
[৪] বুজা আৰু লিখাঁ ঃ
গাওঁ + ৰ = গাওঁৰ
মানুহ + এ = মানুহে
নদী + ৰ = নদীৰ
দিহিং + এ = দিহিঙে
নাও + এৰে = নাৱেৰে
দিহিং + অক = দিহিংক
সিপাৰ + অলৈ = সিপাৰলৈ
সোঁত + অত = সোঁতত
পাৰ + অৰ + পৰা = পাৰৰ পৰা