আনন্দৰাম বৰুৱা
Lesson 8
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
জননী = মাতৃ, মা, জন্মদাত্ৰী
মাধুৰ্য = মধুৰ গুণ, মধুৰতা
চৰ্চা = অভ্যাস, অনুশীলন
বৰঙণি = মহৎ কৰ্যলৈ আগ বঢ়োৱা সাহায্য
নিৰ্জনতাপ্ৰিয় = নিজান পৰিৱেশ ভালপোৱা
জাকৰুয়া = জাক পাতি থকা
সৰ্বোৎকৃষ্ট = শ্ৰেষ্ঠ, সকনোৰে মাজত উত্তম
পাৰদৰ্শিতা = পটুতা, নিপুণতা
আই চি এছ = ইণ্ডিয়ান চিভিল চাৰ্ভিচ (Indian Civil Service)
একাণপতীয়া = আন কোনো ফালে কাণ নকৰাকৈ একান্ত মনেলাগি থকা
পাণ্ডিত্য = পণ্ডিতৰ গুন
সমল = উপাদান
অনুকৰণীয় = ( আনক চাই কৰা কাৰ্য-অনুকৰণ )
অনাহাৰী = খাদ্যৰ অভাৱত থকা লোক
নিৰাশ্ৰয় = য়াৰ আশ্ৰয় নাই
অনুসন্ধিৎসু = অনুসন্ধান কৰিবলৈ ইচ্ছুক
[১] প্ৰথমে কোৱা আৰু তাৰ পিছত লিখাঁ ঃ
ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত।
খ) ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱা কেনে প্ৰকৃতিৰ আছিল ?
উত্তৰঃ ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱা পঢ়া-শুনা কৰি ভালপোৱা প্ৰকৃতিৰ আছিল।
গ) আনন্দৰাম বৰুৱাই পোৱা কেইটামান বৃত্তিৰ নাম লিখাঁ।
উত্তৰঃ আনন্দৰাম বৰুৱাই পোৱা কেইটামান বৃত্তিৰ নাম হৈছে ডাফ স্কলাৰশ্বিপ, ষ্টেইট স্কলাৰশ্বিপ, গিলক্ৰাইষ্ট স্কলাৰশ্বিপ।
ঘ) কি কি কথাৰ পৰা আনন্দৰাম বৰুৱাৰ সংস্কৃত বিষয়ৰ প্ৰতি ৰাপ থকা বুলি বুজিব পাৰি ?
উত্তৰঃ এওঁ সংস্কৃত অভিধান খন মুখস্থ কৰি পেলাইছিল আৰু তেওঁ মুখে মুখে সদায় সংস্কৃত শ্লোক আওৰাইছিল এইবোৰ কথাৰ পৰা আনন্দৰাম বৰুৱা সংস্কৃত বিষয়ৰ প্ৰতি ৰাপ থকা বুলি বুজিব পাৰি।
ঙ) আনন্দৰাম বৰুৱা বিলাতলৈ কি উদ্দেশ্যেৰে গৈছিল আৰু তাত তেওঁৰ সেই উদ্দেশ্য কিদৰে পূৰণ হৈছিল ?
উত্তৰঃ আনন্দৰাম বৰুৱা বিলাতলৈ আই চি এছ পৰীক্ষা পাছ কৰা উদ্দেশ্যৰে গৈছিল।
চ) কি কি কথাৰপৰা আনন্দৰাম বৰুৱাক স্বাধীনচিতীয়া মনৰ মানুহ বুলি বুজিব পাৰি ?
উত্তৰঃ আনন্দৰাম বৰুৱাই তেও লোকৰ বস্তুৰ একো আশা কৰা নাছিল এই কথাৰপৰা তেওঁ স্বাধীন চিতীয়া মনৰ মানুহ বুলি বুজিব পাৰি।
ছ) আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গন্থৰ নাম লিখাঁ ?
উত্তৰঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গ্ৰন্থ নাম হল- ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ আদি।
জ) নোৱাখালীত থাখোঁতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ হকে কি কি কাম কৰিছিল ?
উত্তৰঃ নোৱাখালীত থাকোঁতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতি হকে দুখীয়া লোকৰ মাটি-বাৰীৰ সমস্যা, পানীৰ সমস্যা সমাধান কৰিছিল।
ক) নহয় দেউতা, সেই ধন আপোনাৰ বুঢ়া কালত লাগিব।”
উত্তৰঃ উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই দেউতাকক কৈছিল।
খ) “আপুনি স্বাধীন মানুহ, কেলেই উঠিব, বহি থাকক।”
উত্তৰঃ উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই, তেওঁক লগ কৰিব যোৱা লোকজনক কৈছিল।
গ) “এয়াই মোৰ ভাৰ্যা। এগৰাকী ভাৰ্যা থাকোঁতে আন এগৰাকীক কিদৰে গ্ৰহণ কৰোঁ!”
উত্তৰঃ উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই, তেওঁক বিয়া প্ৰস্তাৱ দিয়া লোক সকলক কৈছিল।
[৩] চমুটকা লিখাঁ ঃ
কালিদাস, ভৱভূতি, বিশ্বনাৰায়ণ শাস্ত্ৰী, পুৰুষোত্তম বিদ্যাবাগীশ, মেক্সমূলাৰ।
(ক) কালিদাসঃ কালিদাস হৈছে এজন মহান পণ্ডিত। তেওঁ শকুন্তলা নামৰ পুথিখন ৰচনা কৰিছিল। তেওঁক বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্ন ৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। প্ৰথম অৱস্থাত কালিদাস জধা মুৰ্খ আছিল। আৰু তেওঁৰ পত্নীয়ে তেওঁক বহুত ককৰ্থনা কৰিছিল। পিছলৈ এইজনা কালিদাসে মহা পণ্ডিত নামে পৰিচিত হৈ পৰে।
(খ) ভৱভূতিঃ ভৱভূতি এজন মহান সংস্কৃত কবি আৰু শ্ৰেষ্ঠ নাট্যকাৰ আছিল। তেওঁৰ নাটকসমূহ কালিদাসৰ নাটকৰ সমতুল্য বুলি গণ্য কৰা হয়। ভৱভূতিয়ে মহাবীৰচৰিতৰ সম্পৰ্কত প্ৰস্তাৱনাত লিখিছে। তেওঁ বিদৰ্ভ দেশৰ ‘পদ্মপুৰ’ নামৰ ঠাইৰ বাসিন্দা শ্ৰী ভট্টগোপালৰ নাতি আছিল। তেওঁৰ দেউতাকৰ নাম আছিল নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল জতুকাৰ্ণী। তেওঁ নিজকে ‘ভট্টশ্ৰীকান্ত পচলানাচ্চানী ভৱভূতিৰনাম’ৰ পৰা উল্লেখ কৰিছে। তেওঁৰ গুৰুৰ নাম আছিল ‘জ্ঞানীধি’। মলতিমাধৱৰ প্ৰাচীন প্ৰতিলিপিত পোৱা ‘ভট্ট শ্ৰী কুমাৰীল শিষ্য নিৰ্মাণ মন মাচাম’ আৰু ‘ভট্ট শ্ৰী কুমাৰীল প্ৰসাদপ্ৰত্থা ভাগৱৈভৱস্য উম্বেকাচাৰ্যয়ৰ কাম’ এই উল্লেখৰ পৰা জনা যায় যে শ্ৰীকান্তৰ গুৰু আছিল কুমাৰীল, যাৰ নামো আছিল ‘জ্ঞানীধি’, আৰু ভৱভূতি আছিল মিমনচাক উম্বেকাচাৰ্য যি দৰ্শনগ্ৰন্থত উল্লেখ পাইছে আৰু তেওঁ কুমাৰীলৰ শ্লোকবৰ্তীকা সন্দৰ্ভতো মন্তব্য কৰিছিল। সংস্কৃত সাহিত্যৰ এজন মহান দাৰ্শনিক আৰু নাট্যকাৰ হিচাপে, তেওঁলোক অনন্য। সংস্কৃত সাহিত্যত পাণ্ডিত্য আৰু পাণ্ডিত্যৰ এই অনন্য যোগ বিৰল।
(গ) বিশ্বনাৰায়ণ শাস্ত্ৰীঃ বিশ্বনাৰায়ণশাস্ত্ৰী এজন ৰাজনীতিবিদ, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি আছিল। সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ তেওঁ একমাত্ৰ ঔপন্যাসিক। তেওঁ সংস্কৃত উপন্যাস অবিনাশীৰ বাবে ১৯৮৭ চনৰ সংস্কৃত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ ১৯৫৩-৫৮ চনৰ পৰা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষয়ো আছিল।
(ঘ) পুৰুষোত্তম বিদ্যাবাগীশঃ পুৰুষোত্তম বিদ্য়াবাগীশ হৈছে সংস্কৃতৰ এজন প্ৰখ্যাত পণ্ডিত।পুৰুষোত্তম ব্য়াগবাগীশে সংস্কৃতৰ ‘ৰত্নমালা’ নামৰ ব্য়াকৰণখন ৰচনা কৰিছিল।
(ঙ) মেক্সমুলাৰঃ মেক্সমুলাৰ বা ফ্ৰিডৰিখ মেক্সমুলাৰৰ জন্ম হয় ১৮২৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে। সংস্কৃতৰ এজন বিখ্যাত ইণ্ডোলজিষ্ট, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, সমাজবিজ্ঞানী, অধ্যাপক, প্ৰখ্যাত জাৰ্মান পণ্ডিত আৰু অনুবাদক আছিল।
[৪] বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঁ ঃ
পুৰণি = নতুন
চহকী = দুখীয়া
পণ্ডিত = মুৰ্খ
উচ্চ = নীচ
সুখ্যাতি = কুখ্যাতি
স্বাধিন = পৰাধীন
খৰচ = জমা
গ্ৰহণ = বৰ্জন
পৰিশ্ৰমী = এলেহুৱা
[৫] তলৰ খালী ঠাইবোৰ পূৰ কৰি যুৰীয়া শব্দ গঠন কৰাঁ আৰু উদাহৰণত দেখুওৱাৰ দৰে বাক্য সাজা
কিতাপ-পত্ৰ = অৰ্চনাই নিজৰ কিতাপ-পত্ৰসমূহ পৰিপাটিকৈ ৰাখে
হাই- উৰুমি = হাই-উৰুমি কৰি পৰিৱেশ নষ্ট কৰিব নালাগে।
টকা- পইচা = মানুহক জীয়াই থাকিবলৈ টকা-পইচাৰ দৰকাৰ হয়।
ঘৰ- দুৱাৰ = সদায় নিজৰ ঘৰ দুৱাৰ পৰিস্কাৰ কৈ ৰাখিব লাগে।
কথা-বতৰা = ডাঙৰ লগত ভালদৰে কথা-বতৰা পাতিব লাগে।
নীতি- নিয়ম = বিদ্যালয়ৰ নীতি-নিয়ম সকলোৰে মানি চলিব লাগে।
লিখা- পঢ়া = লিখা-পঢ়া কৰাতো আমাৰ দায়িত্ব।
মন- চন = এইকেইদিন ৰাহুলৰ মন-চন বোৰ একেবাৰে ভাল নহয়।
মাটি- বাৰী= পিংকুহঁতৰ বহুত মাটি-বাৰী আছে।
[৬] বিপৰীত লিঙ্গ বুজোৱা শব্দ লিখাঁ ঃ
পিতা মাতা
স্বামী পত্নী
ককাইদেউ বৌদেউ
বাঘ বাঘিনী
পঠা পাঠী
ক’লা কালৰী
মুগা মুগী
বোন্দা বোন্দী
শ্ৰীমান শ্ৰীমানী
ভগৱান ভগৱানী
[৭] তলৰ বাক্যবোৰত থকা ভুলবোৰ শুধৰোৱা
ক) তোমাৰ মা ঘৰত আছেনে ?
উত্তৰঃ তোমাৰ মাৰা ঘৰত আছেনে?
খ) আইতা ফুৰিবলৈ গ’ল।’
উত্তৰঃ আইতা ফুৰিবলৈ গৈছে।
গ) যোনে আহিব সোজে আহিব পাৰে।
উত্তৰঃ যোন আহিব বিচাৰে তেওঁ আহিব পাৰে।
ঘ) কালি মই গুৱাহাটীলৈ যাম।
উত্তৰঃ অহাকালি মই গুৱাহাটীলৈ যাম।
ঙ) তোৰ দেউতা ক’ত আছে ?
উত্তৰঃ তোমাৰ দেউতা ক’ত আছে।
চ) আজি তুমি আমাৰ ঘৰলৈ আহিবানে নাই ?
উত্তৰঃ আজি তুমি আমাৰ ঘৰলৈ আহিবানে নাহা ?
ছ) বাইদেৱে বান্ধবী এগৰাকীক লগ কৰিবলৈ গৈছে।
উত্তৰঃ বায়ে তেওঁৰ বান্ধৱী এগৰাকীক লগ কৰিব গৈছে।
[৮] তলৰ বিশেষ্য পদবোৰ বাছি উলিওৱাঁ ঃ
আনন্দৰাম, সমস্যা, গুৱাহাটী, হাট, তেওঁ, মাত্ৰ, সদায়, ভাৰত, সংস্কৃত, চহকী, কিতাপ, ছাত্ৰ, আহিছে, মাধৱ, পণ্ডিত, মধুৰ, কবি।
উত্তৰঃ বিশেষ্য পদসমূহ হৈছে- আনন্দৰাম, গুৱাহাটী, ভাৰত, সংস্কৃত, কিতাপ, মাধৱ।
[৯] বুজাই লিখাঁ ঃ
ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
উত্তৰঃ যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই প্ৰবচনটোৰ পৰা এইটোকে বুজাব বিচাৰিছে যে মূলা পুলিটো বাঢ়িলে ধৰিব পৰা যায় যে সেইটো কেনেকুৱা হ’ব। ঠিক তেনেদৰে ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো সৰু কালতেই ধৰিব পৰা যায়ে যে সিহঁত কেনেকুৱা স্বভাৱৰ হ’ব।
খ) যত্ন কৰিলে ৰত্ন পায়।
উত্তৰঃ পৰিশ্ৰমেই উন্নতিৰ ঘাই জখলা।এই প্ৰবচনটোৰ পৰা জানিব পৰা যায় যে প্ৰৰিশ্ৰম কৰিলে ইয়াৰ ভাল ফলাফল পোৱা যায়। পৰিশ্ৰম নকৰাকৈ কোনেও ভাল ফল লাভ কৰিব নোৱাৰে। সদায়েই কিবা কাম কৰিবলৈ হ’লে পৰিশ্ৰম কৰিবই লাগিব তেতিয়াহে ফল লাভ কৰিব পাৰি।