AJB Class 5 History Chapter 10 Answer  মোমাই তামুলী বৰবৰুৱা

Chapter 10

 মোমাই তামুলী বৰবৰুৱা

1. চমু উত্তৰ লিখা।

(a) আহােম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল?

উত্তৰঃ আহোম ৰাজ্য়ৰ প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী।

(b) কোনজন আহােম ৰজাই বৰবৰুৱা পদবীটো সৃষ্টি কৰিছিল? 

উত্তৰঃ- স্বৰ্গদেউ প্ৰতাপসিংহই ‘বৰবৰুৱা’ পদবীটো সৃষ্টি কৰিছিল।

(c) মােমাই তামুলীক  আহােমৰ কোনটো ফৈদৰ লােক আছিল? 

উত্তৰঃ- মোমাই তামুলীক আহোমৰ লুখুৰীসনীয়া ফৈদৰ লোক আছিল।

(d) ল’ৰালি কালত মােমাই তামুলীক কি নামেৰে জনা গৈছিল?

উত্তৰঃ- ল’ৰালি কালত মোমাই তামুলীক শুকুতি।

(e) মােমাই তামুলীক প্রতাপসিংহই প্রথমে কি পদবীত দিছিল?  

উত্তৰঃ- মোমাই তামুলীক প্ৰতাপসিংহই প্ৰথমে তিপমীয়া ৰাজখোৱা পদবীত দিছিল। 

2. মােমাই তামুলী বৰবৰুৱাই মুনিহ আৰু তিৰােতাৰ বাবে কেনেদৰে দৈনিক কামৰ ভাগ কৰিছিল?

উত্তৰঃ- মোমাই তামুলী বৰবৰুৱাই মুনিহ আৰু তিৰোতাৰ বাবে এনেদৰে দৈনিক কামবোৰ ভাগ কৰিছিল- প্ৰতিগৰাকী গৃহিণীয়ে এদিনত কমেও চাৰিটাকৈ সূতালাহি কাটিব লাগিব আৰু সন্ধিয়া ভাত খোৱাৰ পৰলৈকে প্ৰতিজন মুনিহে এখনকৈ ডলা, কুলা বা চালনী সাজিব লাগিব।

 3. পঁচা প্রথা প্ৰৱৰ্তন কৰাৰ মূল কাৰণ কি আছিল? 

উত্তৰঃ- আহোম ৰাজ্য়ৰ চুবুৰীয়া সীমামুৰীয়া ৰাজ্য়ৰ কিছুমান প্ৰজাই আহোম ৰাজ্য়লৈ আহি মাজে-সময়ে উৎপাত আদি কৰি বয়বস্তু লুটি নিছিল। প্ৰতাপসিংহৰ নিৰ্দেশ মৰ্মে মোমাই তামুলীয়ে এনে ঠাইবোৰত পঁচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল।

4. মােমাই তামুলী বৰবৰুৱাই কেনেদৰে পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল লিখাঁ।

উত্তৰঃ- পূৰ্বতে চাৰিজন পাইকেৰে একোটা গোট গঠন হৈছিল। কিন্তু োমমাই তামুলী বৰবৰুৱাই নতুন নিয়ম বান্ধিলে যে তিনিজন পাইকেৰে একোটা গোট গঠন হ’ব। তিনিজন পাইকক ক্ৰমে মূল, দেৱাল আৰু তেৱাল- এইদৰে চিন ৰখা হ’ব। একোটা গোটৰ এজন সদস্য়ই ৰজাৰ বাবে চাৰিমাহকৈ গা-খাটি দিব লাগিছিল। অৰ্থাৎ তিনিওজন পাইকে গাইপতি চাৰিমাহকৈ ৰজাৰ বাবে কাম কৰিব লাগিছিল। গোটটোৰ এজন পাইক ৰজাৰ ঘৰলৈ কাম কৰিবলৈ গ’লে বাকী দুজনে তেওঁৰ ঘৰখন চোৱা-চিতা কৰিছইল। পাইকবোৰক গাইপতি দুপুৰাকৈ খেতি মাটি দিয়া হৈছিল। তেনে মাটিক গা-মাটি বোলা হৈছিল। পাইকবোৰ চোৱা-চিতা কৰিবলৈ বিভিন্ন বিষয়াক দায়িত্ব দিয়া হৈছিল। কুৰি গোট পাইকৰ ওপৰত বৰা, শ-ৰ ওপৰত শইকীয়া, হাজাৰত হাজৰিকা, দুই হাজাৰত বৰুৱা, তিনি হাজাৰ পাইকৰ ওপৰত ৰাজখোৱা আৰু ছয় হাজাৰ পাইকৰ ওপৰত ফুকন নামৰ বিষয়া আছিল।এনেদৰে মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল।

 5. মােমাই তামুলী বৰবৰুৱাৰ প্রশাসনিক কাম-কাজৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ-  মোমাই তামুলী বৰবৰুৱাৰ প্ৰচুৰ সাংগাঠনিক শক্তি আছিল। অৰ্থাৎ তেওঁ অসমৰ আধুনিক গাঁও নিৰ্মাঁণৰ বাটকটীয়া। গাঁৱৰ লোকসকলক আত্মনিৰ্ভৰশীলবাৱে জীয়াই থাকিবলৈ জীৱিকা নিৰ্বাহৰ বিভিন্ন উপায় অৰ্থাৎ বৃত্তি বাছি ল’বলৈ সুবিধা কৰি দিছিল। প্ৰত্য়েক গাঁৱতে সাধাৰণ মানুহৰ বাবে চাৰিঘৰ তেলী, চাৰিঘৰ কমাৰ, চাৰিঘৰ কুমাৰ, সোমাৰী ইত্য়াদিক বহুৱাইছিল।

মোমাই তামুলীয়ে মহিলা আৰু পূৰুষৰ কাৰমে কামৰ নিয়ম বান্ধি দিছিল। তেওঁ নিয়ম কৰি দিলে যে প্ৰত্য়েকগৰাকী গহিনীয়ে এদিনত কমেও চাৰিটাকৈ সূতালাহি কাটিব লাগিব আৰু সন্ধিয়া ভাত হোৱাৰ পৰলৈকে প্ৰতিজন মুনিহে এখনকৈ ডলা, কুলা বা চালনী সাজিব লাগিব।

মোমাই তামুলী বৰবৰুৱাৰ সাংগঠনিক গুণ আছিল অতুলনীয়। প্ৰতাপসিংহৰ নিৰ্দেশ মৰ্মে মোমাই তামুলীয়ে সমগ্ৰ ৰাজ্য়তে খেল প্ৰচাৰ প্ৰচলন কৰিছিল। অসমৰ গাঁওবিলাক পুনৰ গঠন কৰি সকলো প্ৰজাকো একো একোটা ভাগত খেলত ভাগ কৰি দিছিল। অৰ্থাৎ একোটা গোষ্ঠীৰ মানুহ এটা খেলৰ অন্তৰ্ভুক্ত হৈছিল। যেনে- সোণাৰী খেল, কমাৰ খেল, কুমাৰ খেল আদি। তদুপৰি আহোম প্ৰশাসনৰ ৰাজহাড়স্বৰূপ পাইক প্ৰথাৰো তেওঁ সংস্কাৰ কৰিছিল। পূৰ্বতে চাৰিজ পাইকেৰে একোটা গোট গঠন কৰিছিল। কিন্তু মোমাই তামুলী বৰবৰুৱাই নতুন নিয়ম বান্ধিলে যে তিনিজন পাইকেৰে একোটা গোট গঠন হ’ব। তিনিজন পাইকক ক্ৰমে মূল, দেৱাল আৰু তেৱাল- এইদৰে চিন ৰখা হ’ব। একোটা গোটৰ এজন সদস্য়ই ৰজাৰ বাবে চাৰিমাহকৈ গা-খাটি দিব লাগিছিল। অৰ্থাৎ তিনিওজন পাইকে গাইপতি চাৰিমাহকৈ ৰজাৰ বাবে কাম কৰিব লাগিছিল। গোটটোৰ এজন পাইক ৰজাৰ ঘৰলৈ কাম কৰিবলৈ গ’লে বাকী দুজনে তেওঁৰ ঘৰখন চোৱা-চিতা কৰিছইল। পাইকবোৰক গাইপতি দুপুৰাকৈ খেতি মাটি দিয়া হৈছিল। তেনে মাটিক গা-মাটি বোলা হৈছিল। পাইকবোৰ চোৱা-চিতা কৰিবলৈ বিভিন্ন বিষয়াক দায়িত্ব দিয়া হৈছিল। কুৰি গোট পাইকৰ ওপৰত বৰা, শ-ৰ ওপৰত শইকীয়া, হাজাৰত হাজৰিকা, দুই হাজাৰত বৰুৱা, তিনি হাজাৰ পাইকৰ ওপৰত ৰাজখোৱা আৰু ছয় হাজাৰ পাইকৰ ওপৰত ফুকন নামৰ বিষয়া আছিল।

আহোম ৰাজ্য়ৰ চুবুৰীয়া আৰু সীমামূৰীয়া ৰাজ্য়ৰ কিছুমান প্ৰজাই আহোম ৰাজ্য়লৈ আহি তিনিজন পাইকক ক্ৰমে মূল, দেৱাল আৰু তেৱাল- এইদৰে চিন ৰখা হ’ব। একোটা গোটৰ এজন সদস্য়ই ৰজাৰ বাবে চাৰিমাহকৈ গা-খাটি দিব লাগিছিল। অৰ্থাৎ তিনিওজন পাইকে গাইপতি চাৰিমাহকৈ ৰজাৰ বাবে কাম কৰিব লাগিছিল। গোটটোৰ এজন পাইক ৰজাৰ ঘৰলৈ কাম কৰিবলৈ গ’লে বাকী দুজনে তেওঁৰ ঘৰখন চোৱা-চিতা কৰিছইল। পাইকবোৰক গাইপতি দুপুৰাকৈ খেতি মাটি দিয়া হৈছিল। তেনে মাটিক গা-মাটি বোলা হৈছিল। পাইকবোৰ চোৱা-চিতা কৰিবলৈ বিভিন্ন বিষয়াক দায়িত্ব দিয়া হৈছিল। কুৰি গোট পাইকৰ ওপৰত বৰা, শ-ৰ ওপৰত শইকীয়া, হাজাৰত হাজৰিকা, দুই হাজাৰত বৰুৱা, তিনি হাজাৰ পাইকৰ ওপৰত ৰাজখোৱা আৰু ছয় হাজাৰ পাইকৰ ওপৰত ফুকন নামৰ বিষয়া আছিল।

আহোম ৰাজ্য়ৰ চুবুৰীয়া আৰু সীমামূৰীয়া ৰাজ্য়ৰ কিছুমান প্ৰজাই আহি আহোম ৰাজ্য়লৈ আহি উনপাত আদি কৰি বিষয়বস্তু লুটি নিছিল। প্ৰতাপসিংহৰ নিৰ্দেশ মৰ্মে মোমাই তামুলীয়ে এনে ঠাইবোৰত পঁচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। এই প্ৰথা মতে তেনে লোকসকলে নিয়ম অনুসৰি আহোম ৰজাক ভচৰি কৰ-কাটল দিব লাগিছিল। পঁচা প্ৰথাৰ মাধ্যমেৰে পৰ্বতীয়া জনজাতিসকলৰ লগত তেওঁ ভৈয়ামবাসীৰ সম্বন্ধ ভাল কৰিছইল। এনেদৰেই অসমীয়া ভাষাতো সকলোৰে উমৈহতীয়া সংযোগী ভাষা হৈ পৰিছিল।

যাতায়তৰ সুবিধাৰ কাৰণে মোমাই তামুলীয়ে দৰিকাৰ শিলৰ সাঁকো, গড়গাঁৱৰ পৰা শিঙৰি ঘৰৈ যওৱা বৰআলি, গজপুৰৰ পৰা গড়গাঁৱলৈ বৰআলি, চতাই আলি, জবকাৰ আলি আদি সাজিছিল। হাটবোৰ পাতি তেখেতে বাণিজ্য়ৰৰ উন্নতি সাধনতো গুৰুত্ব দিছিল। 

6. মােমাই তামুলী কেনেদৰে বৰবৰুৱা হৈছিল বর্ণনা কৰা।

উত্তৰঃ- মোমাই তামুলী বৰবৰুৱাৰ পিতৃপদত্ত নামটো আছিল ন্য়েচংগ। কিন্তু তেখেতক শুকুতি নামেৰেহে জনা গৈছিল। শুকুতি বৰ দৰিদ্ৰ আছিল। এ়ই দুখৰ পৰা হাত সাৰিবলৈ তেওঁ কেৱল ভাত-কাপোৰীয়া বন্দবস্তত নাজিৰাৰ এঘৰ ব্ৰাহ্মণৰ ঘৰত বন্ধা অৰ্থাৎ বন্ধুৱা হিচাবে আছিল। বন্ধাৰ অৰ্থ হ’ল বিশেষ কাৰণত বা বাধ্যক্ৰমে থকা ভৃত্য় বা চাকৰ। বন্ধা হ’লেও শুকুতি আছিল বৰ ৰঙিয়াল সিল্পী মনৰ অদিকাৰী আৰু কৰ্মপুট। কেতওঁৰ কৰ্ম-নিপুণ হাতৰ পৰশত ব্ৰাহ্মণৰ ঘৰৰ আগফাল-পিছফাল চালে চকুৰোৱা হৈ পৰিছিল।সৌভাগ্য়ক্ৰমে সেইফালদিয়েই বিশেষ কাৰণত ফুৰিবলৈ যোৱা স্বৰ্গদেউ প্ৰতাপসিংহই অতি চিকুণ তামোলৰ বাৰীখন দেখি মুগ্ধ হ’ল। তেনে কৰ্মপুট মানুহজনক প্ৰতাপসিংহই নি নিজৰ লগত ৰাখিলে আৰু নাম দিলে মুমাই। তাই ভাষাত ‘মু’ মানে তামোল আৰু ‘মাই’ মানে কটা বা পৰিষ্কাৰ কৰা। ধুনীয়াকৈ তামোলবাৰী পতা হেতুকেই তেখেতে মুমাই নাম পালে। পিছলৈ মানুহৰ মুখ বাগৰি মোমাই গ’লগৈ। আটো জনশ্ৰুতি মতে শুকুতিয়ে চাৰি টকা ৰূপৰ ধাৰ মাৰিব নোৱাৰি নিজৰ ভাগিনীয়েকৰ ঘৰত বন্ধা হৈ আছিল আৰু বাগিনীয়েকে মোমাই বুলি মতাৰ কাৰণে শেষলৈ সকলোৱে তেওঁক মোমাই বুলি মাতিব ধৰিলে।

   প্ৰতাপসিংহ স্বৰ্গদেউ আছিল গুণীৰ মোল বুজি পাওঁতা লোক। স্বৰ্গদেৱে মোমাই ন্য়েচাংগৰ কৰ্মদক্ষতা দেখি প্ৰথমে তিপমীয়া ৰাজওখৱা, তাৰ পিছত ক্ৰমে তামুলী লিগিৰা, বাৰীচোৱা বৰতামুলী আদি পদ দি পুৰষ্কৃত কৰিছিল। নিজৰ প্ৰত্য়ুৎপন্নমতিতা, দক্ষতা, প্ৰৰিশ্ৰম, দূৰদৰ্শিতা গুণৰ সহায়ত মোমা্ই অতি সোনকালে স্বৰ্গদেউৰ প্ৰিয় হৈ পৰিল। সেয়েহে স্বৰ্গদেউৰ আদেশ-নিৰ্দেশ কাৰ্য্যকৰীকৰণৰ দিশ চোৱাচিতা কৰিবলৈ ১৬১৮ ক্ৰিষ্টাব্ত বুঢ়াগোহাঁই, বৰোগহাঁই আৰু বৰপাত্ৰগোহাঁইৰ শাসনৰ ভিতৰত নথকা ঠাইবোৰৰ শাসনভাৰ দি বৰবৰুৱা পদত অধিষঅঠিত কৰালে। বৰবৰুৱাৰ কাৰ্য্য়-প্ৰণালী লক্ষ্য কৰিলে আধুনিক প্ৰশাসনৰ মুখ্য় সচিবৰ লগত তুলনা কৰিব পাৰি।