পাঠ ১১
চৌপাশৰ পৰিবৰ্তনবোৰ
- শুদ্ধ উত্তৰটো বাছি উলিওৱা-
i) সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হ’ল-
a) সংপৃক্ত দ্ৰৱ
b) গাঢ় দ্ৰৱ
c) লঘু দ্ৰৱ
d) প্ৰলম্বন
উত্তৰঃ
ii) উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাৱ্যতা-
a) বাঢ়ে
b) কমে
c) নাৱাঢ়েও, নকমেও
d) বাঢ়িবও পাৰে, কমিবও পাৰে
উত্তৰঃ
iii) এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ-
a) কম
b) বেছি
c) কমিবও পাৰে, বাঢ়িবও পাৰে
d) বেছিও নহয়, কমো নহয়- একে থাকে
উত্তৰঃ
- নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হ’ব পৰা প্ৰক্ৰিয়া চিনাক্ত কৰা-
a) চাউলৰপৰা ভাত ৰন্ধা
b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটা
c) কাগজ এখিলা জ্বলোৱা
d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা
e) মম গলোৱা
উত্তৰঃ
- এটা কাঁচৰ বটলৰ মুখখন পানীত বুৰাই ৰখা হৈছে। তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে। অলপ পাছতে পানীত বুৰবুৰণি ওলাইছে। বুৰবুৰণি কিয় ওলাইছে লিখা ।
উত্তৰঃ
- গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে-এই কথা প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ
- এলপিজি বায়ুতকৈ গধুৰ। ধৰা, ৰান্ধনিঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে। বতাহ যেনিবা বলা নাই। গেছবিধ ওপৰলৈ উৰি যাব নে তলত জমা হৈ থাকিব?
উত্তৰঃ
- জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয় লিখা।
উত্তৰঃ
- দ্ৰাৱ, দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখা। দ্ৰাৱ আৰু দ্ৰাৱকৰ উদাহৰণ দিয়া।
উত্তৰঃ
- বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখা। উদাহৰণ দিবা।
উত্তৰঃ