পাঠ ১৪
পুৰণি অসমৰ চিত্ৰকলা
১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) চিত্ৰকলাৰ ভাগবােৰ কি কি?
উত্তৰঃ চিত্ৰকলাৰ ভাগবোৰ হ’ল স্থিৰ চিত্ৰ, নৈসৰ্গিক চিত্ৰ, প্ৰতিকৃত ইত্য়াদি।
খ) ‘হর্ষচৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘হর্ষচৰিত’ বাণভট্ৰই ৰচনা কৰিছিল।
গ) শ্ৰী মন্ত শংকৰদেৱে সাত বৈকুণ্ঠৰ পট কিয় আঁকিছিল?
উত্তৰঃ শ্ৰী মন্ত শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ পট আঁকিছিল।
গ) পুথিচিত্র মানে কি?
উত্তৰঃ পুথিচিত্ৰ বুলিলে সাধাৰণতে পুথিত অৰ্থাৎ কিতাপত অঁকা চিত্ৰকে চিত্ৰকেই বুজা যায়।
ঙ) পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্র ক’ত আঁকিছিল?
উত্তৰঃ পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্র সাঁচিপাতত আঁকিছিল।
চ) চিহ্নযাত্রা কি?
উত্তৰঃ চিহ্নযাত্ৰা হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৰচিত প্ৰথমখন নাট। ই সংলাপবিহীন আছিল।
ছ) খাওন্দ আৰু বৈৰাগীসকলে কোন ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল?
উত্তৰঃ খাওন্দ আৰু বৈৰাগীসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল।
জ) অসমৰ ধৰ্মীয় চিত্রকলা কাৰ পৃষ্ঠপােষকতাত গঢ়ি উঠা চিত্রকলা?
উত্তৰঃ অসমৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহৰ পৃষ্ঠপােষকতাত গঢ়ি উঠা চিত্রকলা।
২। চমু উত্তৰ লিখাঃ
ক) শংকৰদেৱৰ হাতত চিত্রকলাই কেনেদৰে বিকাশ লাভ কৰিছিল?
উত্তৰঃ মহা পুৰুষ শ্ৰী মন্ত শংকৰদেৱ এজন সুনিপুন চিত্ৰশিল্পী আছিল।তেওঁৰ দিনতে অসমৰ চিত্ৰকলাই এটা স্বকীয়ৰূপ পৰিগ্ৰহ কৰিছিল।
খ) ধর্মীয় চিত্রকলাসমূহৰ প্রধান বিষয় আৰু উদ্দেশ্য কি আছিল?
উত্তৰঃ
অসমৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহৰ নিজা সৃষ্টি। এই ধাৰাৰ চিত্ৰ সত্ৰসমূহত চৰ্চিত হৈছিল আৰু সত্ৰৰ পৃষ্ঠপোষকতাতে পোনপটীয়াকৈ গঢ়ি উঠিছিল। জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা দিয়াই এই চিত্ৰকলাৰ ঘাই বিষয় আছিল। দর্শকৰ মনত কলানুভূতি জগাই তোলা ধর্মীয় পুথি চিত্ৰসমূহৰ উদ্দেশ্য নাছিল। এই প্রাচীন চিত্রশৈলীত পাল চিত্ৰশৈলীৰ প্ৰভাৱ আছিল। ধর্মীয় চিত্রকলা আছিল অনাড়ম্বৰ আৰু সহজ-সৰল। কাঠৰ সিংহাসন, দোলা, খাটোলা, কৰণি, পেৰা, বৰপেৰা আদিৰ চিত্ৰত এই ধাৰাৰ চিত্ৰশৈলী ব্যৱহাৰ হৈছিল। সৰল বলিষ্ঠ ৰেখাৰ ব্যৱহাৰ, ডাঠ ৰঙৰ প্ৰয়োগ, একাষৰীয়াকৈ অঁকা মুখ, বহাৰ ভংগী, অস্বাভাৱিক গছ-লতাৰ অংকন এই চিত্রধাৰাৰ বৈশিষ্ট্য। অসমৰ ধৰ্মীয় চিত্ৰকলা লোককলাৰ অন্তৰ্গত হোৱাৰ কাৰণে এই ধাৰাৰ চিত্ৰকলাই জনসাধাৰণৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। এই ধাৰাৰ সকলো ছবিৰ গঢ় চেপেটা। ইয়াত ক’তো মানুহৰ প্রতিকৃতি অংকনৰ চেষ্টা দেখা নাযায়। চিত্ৰবোৰৰ মাজত চিত্ৰকৰৰ শিশুসুলভ সৰলতা ফুটি উঠা দেখা যায়। তেজীৰঙা, নীলা, বগা, সেউজীয়া, ক’লা আৰু ইটাগুৰীয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।
গ) অসমতাে যে চিত্রকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ আছিল সেই কথা ক’ৰ পৰা অনুমান কৰিব পাৰি?
উত্তৰঃ অসমৰ চিত্ৰকলা এটা পৰম্পৰা প্ৰচলিত হৈ থকা কথাটো পুথিচিত্ৰৰ পৰা অনুমান কৰিব পাৰি।
ঘ) অসমৰ চিত্রশিল্পৰ লগত বাহিৰৰ ৰাজ্যৰ কি কি শৈলীৰ সম্বন্ধ আছে? এই চিত্রশৈলী অসমলৈ কোনে আৰু কেতিয়া আমদানি কৰিছিল?
উত্তৰঃ মোগল আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে। অসমৰ চিত্ৰকলাৰ উন্নতিত সেই ঠাইৰ শিল্পকলা অসমলৈ অনাৰ কাৰণে খাওন্দ আৰু বৈৰাগী নামৰ এই দুই বিষয়াই অৰিহণা যোগাইছিল। এই বিষয়াসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল। এওঁলোকৰ প্ৰভাৱ অসমৰ ৰজাঘৰীয়া পুথি চিত্ৰত দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত ৰজাঘৰীয়া চিত্ৰকলা অসমৰ ধৰ্মীয় পুথিৰ চিত্ৰকলাতকৈ পৃথক হৈ পৰিল। ইয়াৰ পিছৰপৰাই অসমৰ পুথি চিত্রকলা দুই ভাগত বিভক্ত হৈ পৰিছিল 一 ৰজাঘৰীয়া ধৰ্মনিৰপেক্ষ চিত্ৰকলা আৰু ধৰ্মীয় চিত্রকলা।
ঙ) লতাবছা পুথি বুলিলে কি বুজা? লতাবছা পুথিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পুথিত পাতখিলাৰ চাৰিওকাষে লতাফুল অঁকা হয়, সেইবোৰ পুথিক ‘লতাবছা’ পুথি বুলি কোৱা হয়। লতাবছা পুথিৰ দুটা উদাহৰণ হৈছে 一 ‘ভক্তি ৰত্নাৱলী’ আৰু ‘ৰাধাহৰণ’।
চ) ৰজাঘৰীয়া চিত্রকলাৰ কেইটিমান নিদর্শন দিয়া।
উত্তৰঃৰজাঘৰীয়া চিত্রকলাৰ কেইটিমান নিদর্শন 一 ‘গীতগোবিন্দ’, ‘হস্তীবিদ্য়াৰ্ণৱ’, ‘দৰং ৰাজবংশাৱলী’, ‘শঙ্খচূড় বধ’, ‘কুমৰ হৰণ’, ‘আনন্দলহৰী’, আদি।
৩। ক) চিত্রকলা মানে কি বুজাই লিখা।
উত্তৰঃ চিত্ৰকলা হ’ল ৰং – ৰেখা আৰু ছাঁ-পোহৰৰ খেল। ৰং-ৰেখা আৰু ছাঁ-পোহৰৰ খেলৰ সমন্বয়ত যেতিয়া পেঞ্চিল, তুলিকা আদিৰে পটত বোলাই আৰু বিভিন্ন দৃশ্য বা বস্তু অংকন কৰা হয়, তেতিয়াই একোখন চিত্ৰৰ সৃষ্টি হয়। মানুহ সৌন্দৰ্য্যপিয়াসী জীৱ। এই সৌন্দৰ্য্যপিয়াসী মানুহে অতীজৰে পৰাই মানুহক চিত্ৰকলাৰ জগতলৈ আকৰ্ষণ কৰি আহিছে। সেয়েহে, কলাজগতৰ মূল আধাৰই হৈছে সৌন্দৰ্য্য। স্থিৰচিত্র, নৈসর্গিক চিত্র, প্রতিকৃতি আদি চিত্ৰকলাৰ ভিন ভিন ভাগ। সেইদৰে ৰং, ৰেখা, ছাঁ, পোহৰ আদি চিত্ৰকলাৰ অপৰিহাৰ্য্য উপাদান। ইতিহাস হ’ল এক সপাচীন ইতিহাস।
খ) পুৰণি অসমৰ চিত্ৰকলাৰ প্রধান উৎসবােৰ কি কি?
উত্তৰঃ পুৰণি অসমৰ চিত্ৰকলাৰ প্ৰধান উৎসবোৰ হ’ল-তামৰ ফলি,হিলালিপি,অসমৰ ৰচিত ধৰ্ম সংস্কৃত গ্ৰন্থ,বিদেশীৰ ভ্ৰমন কাৰীৰ টোকা ইত্য়াদি।
৪) চমু টোকা লিখা
ক) ধর্মীয় চিত্রকলাঃ অসমৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহৰ সৃষ্টি। এই ধাৰাৰ চিত্ৰ সত্ৰৰ পৃষ্ঠপোষকতাত পোনপটীয়াকৈ গঢ়ি উঠিছিল। জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা দিয়াই এই চিত্ৰকলাৰ ঘাই বিষয় আছিল। এই প্রাচীন চিত্রশৈলীত পাল চিত্ৰশৈলীৰ প্ৰভাৱ আছিল। ধর্মীয় চিত্রকলা আছিল অনাড়ম্বৰ আৰু সহজ-সৰল। কাঠৰ সিংহাসন, দোলা, খাটোলা, কৰণি, পেৰা, বৰপেৰা আদিৰ চিত্ৰত এই ধাৰাৰ চিত্ৰশৈলী ব্যৱহাৰ হৈছিল। সৰল বলিষ্ঠ ৰেখাৰ ব্যৱহাৰ, ডাঠ ৰঙৰ প্ৰয়োগ, একাষৰীয়াকৈ অঁকা মুখ, বহাৰ ভংগী, অস্বাভাৱিক গছ-লতাৰ অংকন এই চিত্রধাৰাৰ বৈশিষ্ট্য। অসমৰ ধৰ্মীয় চিত্ৰকলা লোককলাৰ অন্তৰ্গত হোৱাৰ কাৰণে এই ধাৰাৰ চিত্ৰকলাই জনসাধাৰণৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। এই ধাৰাৰ সকলো ছবিৰ গঢ় চেপেটা। ইয়াত ক’তো মানুহৰ প্রতিকৃতি অংকনৰ চেষ্টা দেখা নাযায়। চিত্ৰবোৰৰ মাজত চিত্ৰকৰৰ শিশুসুলভ সৰলতা ফুটি উঠা দেখা যায়। তেজীৰঙা, নীলা, বগা, সেউজীয়া, ক’লা আৰু ইটাগুৰীয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।
খ) সাঁচিপাতঃ সাচি এবিধ মূল্য়বান গছ।মহাপুৰুষ শংকৰদেৱে এই সাঁচিগছৰ বাকলিত লিখিবলৈ আৰম্ভ কৰিছিল।সেইসময়ত কাগুৰ কাম কৰিছিল এই সাঁচিগছৰ বাকলিয়ে।পুৰণি অসমৰ চিত্ৰকৰ সকলে বেছিভাগ চিত্ৰ সাংচিপাতত আঁকিছিল।ছবি অঙ্কনৰ বাবে সাঁচিপাত অকল অসমতে ব্য়ৱহাৰ হৈছিল।
গ) চিহ্নযাত্রাঃ চিহ্নযাত্ৰা হৈছে শ্ৰীশংকৰদেৱৰ ৰচিত প্ৰথমখন নাট। এই নাটখন সংলাপবিহীন আছিল। চিহ্নযাত্ৰাত অঙ্কীয়া নাটৰ সকলোবোৰ লক্ষণ বিৰাজমান।
ঘ) ৰজাঘৰীয়া চিত্রকলাঃ ৰজাঘৰীয়া চিত্রকলা ধর্মীয় চিত্রকলাতকৈ পৃথক। ৰজাঘৰীয়া চিত্ৰকলাই ৰজা, ৰাজকোৱৰৰ উপৰিও ৰজাৰ কুঁৱৰীসকলৰো পৃষ্ঠপোষকতা লাভ কৰিছিল। এই শ্রেণীৰ চিত্ৰকলাৰ নিদর্শন ‘হস্তীবিদ্যার্ণৱ’, ‘গীতগোবিন্দ’, দৰং ৰাজবংশাৱলী, শংখচূড় বধ, কুমৰ হৰণ, আনন্দলহৰী আদি পুথি। এই ধাৰাৰ চিত্ৰকলাত কাব্য, আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিত্ৰিত হৈছিল। ৰজাঘৰীয়া পুথিচিত্ৰত দৰ্শকৰ মনত কলানুভূতি জগাই তোলাৰ চেষ্টা দেখা গৈছিল। ৰজা-ৰাণীৰ প্রতিকৃতি অংকন ৰজাঘৰীয়া চিত্ৰকলাৰ এটা লক্ষ্যণীয় দিশ আছিল। এই ধাৰাৰ অংকনৰীতি বাস্তৱধৰ্মী, অংকন অতি সূক্ষ্ম আৰু অতুলনীয় আছিল। সাধাৰণতে উজ্জ্বল ৰঙা, ৰঙা, ক’লা, হালধীয়া, নীলা, ইটাগুৰীয়া ৰঙৰ উপৰিও গুলপীয়া, আকাশী নীলা, পাতল সেউজীয়া ৰঙৰো ব্যৱহাৰ ৰজাঘৰীয়া পুথিচিত্ৰত কৰা হৈছিল।
ঙ) হস্তীবিদ্যার্ণৱঃ অসমীয়া হাতেলিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তীবিদ্য়াৰ্ণৱ পুথিখনেই শ্ৰেষ্ঠ। এই পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুুকুমাৰ বৰকাথে ১৬৫৬ শকত অৰ্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু হৈছে বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্ম্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য়, যাত্ৰা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য় ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতী শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য় হোৱাৰ মন্ত্ৰ।
চ) লােককলাঃ
ছ) চিত্র ভাগৱতঃ
৫। ৰজাঘৰীয়া চিত্রকলা আৰু ধর্মীয় চিত্রকলাৰ এটি তুলনামূলক আলচ যুগুত কৰা>
উত্তৰঃ ৰজাঘৰীয়া চিত্ৰকলা ধৰ্ম নিৰপেক্ষ আছিল।কিন্ত ধৰ্মীয় চিত্ৰকলা ধৰ্ম নিৰপেক্ষ নাছিল।প্ৰতিকৃতি অঙ্কনত ৰজাঘৰীয়া চিত্ৰকলাত যেনেদৰে ব্য়ৱহাৰ কৰিছিল।ধৰ্মীয় চিত্ৰকলাত সেইদৰে ৰঁ ব্য়ৱসাৰ কৰা লাছিল।ৰজাঘৰীয়া চিত্ৰকলাত প্ৰধান উদ্দেশ্য় আছিল মনত আনন্দ প্ৰদান কৰা কিন্ত ধৰ্মীয় চিত্ৰকলাৰ প্ৰধান উদ্দেশ্য় আছিল জনসাধাৰণক নৈতিক শিক্ষা দিয়া।
৬। ‘পুৰণি অসমৰ চিত্রকলা’ এই শীর্ষক এখনি ৰচনা লিখা ।
উত্তৰঃ
৭। ব্যাখ্যা কৰাঃ
ক ) ৰজাঘৰীয়া চিত্ৰকলাৰ অংকনৰীতি বাস্তৱধর্মী, অংকন অতি সুক্ষ্ম আৰু অতুলনীয় আছিল ।
উত্তৰঃৰজাঘৰীয়া চিত্ৰকলা ধৰ্ম নিৰপেক্ষ আছিল।কিন্ত ধৰ্মীয় চিত্ৰকলা ধৰ্ম নিৰপেক্ষ নাছিল।প্ৰতিকৃতি অঙ্কনত ৰজাঘৰীয়া চিত্ৰকলাত যেনেদৰে ব্য়ৱহাৰ কৰিছিল।ধৰ্মীয় চিত্ৰকলাত সেইদৰে ৰঁ ব্য়ৱসাৰ কৰা লাছিল।ৰজাঘৰীয়া চিত্ৰকলাত প্ৰধান উদ্দেশ্য় আছিল মনত আনন্দ প্ৰদান কৰা কিন্ত ধৰ্মীয় চিত্ৰকলাৰ প্ৰধান উদ্দেশ্য় আছিল জনসাধাৰণক নৈতিক শিক্ষা দিয়া।
খ ) চিত্রকলা হ’ল ৰেখা , ৰং , ছা – পােহৰৰ খেল ।
উত্তৰঃ
গ) ধর্মীয় চিত্রকলা ৰজাঘৰীয়া চিত্রকলাতকৈ অনাড়ম্বৰ ।
উত্তৰঃ
ঘ) ধর্মীয় চিত্রকলাসমূহ আছিল ৰজাঘৰীয়া চিত্রকলাতকৈ পৃথক ‘ — ধর্মীয় চিত্রকলাসমুহ ৰজাঘৰীয়া চিত্রকলাতকৈ কি কি ক্ষেত্ৰত পৃথক আছিল ? ধর্মীয় চিত্রকলাৰ নিদর্শন কত কত দেখিবলৈ পােৱা যায় লিখা ।
উত্তৰঃ
৯। বিপৰীত অর্থবােধক শব্দ লিখা ।
ডাঠ – পাতল।
ওচৰ – দূৰৰ।
উজ্জ্বল – অনুজ্জ্বল।
ওখ – চাপৰ।
ছাঁ – পোহৰ।
১০। প্রাচীন অসমৰ চিত্ৰকলাত ব্যৱহৃত বিভিন্ন সামগ্ৰীসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ প্ৰচীন অসমৰ চিত্ৰকলাত ব্য়ৱহিত বিভিন্ন ৰং,ছবি অঁকাৰ , সাঁচিপাত, তুলিকা বা লেখনি।শিল্পীসকলে লোচন ৰঙা ৰং পাবলৈ,জৰথৰ গুটি বা ৰংগন মাটি, ইটা গুৰিয়া ৰং পাবলৈ, নীল বা ৰস গথৰ পাত, নীলা ৰং পাবলৈ, খৰিমাটি বগা ৰঙৰ বাবে, হাইতাল হালধীয়া ৰঙৰ কাজল, শিলিখা ধেতুৰা কলা ৰঙৰ বাবে আৰু সোণৰ গুৰি সোণাৱালি ৰং পাৱলৈ ব্য়ৱহাৰ কৰিছিল।
১১। অভিধান চাই অর্থ লিখাঃ
তুলিকাঃ চিত্ৰকৰে ছবি অঁকা সঁজুলি।
সুনিপুণঃ সুদক্ষ, পটু।
বর্ণিলঃ বৰ্ণময়
সামঞ্জস্যঃ সমন্বয় সাধন।
অনাড়ম্বৰঃ সৰল।
সুদক্ষঃ অতিশয় নিপুণ, পাৰ্গত।
পৃষ্ঠপােষকতাঃ গুৰি ধৰা।
মড়লঃ
বিয়াত পানী তোলা ঘট থ’বৰ বাবে বিবিধ বৰণীয়া গুড়িৰে সজা চক্ৰ।