পাঠঃ ৫
ধূলি-কণা মই
১। চমু উত্তৰ দিয়াঃ
ক) কবি মৰি গ’লেও জগতৰ কি নহয় বুলি কৈছে?
উত্তৰঃ কবি মৰি গ’লেও জগতৰ অকণো হানি নহয় বুলি কৈছে।
খ) কবিৰ মৃত্যু হলেও জগতখন সদায় নিয়মমতে চলি থাকিব বুলি কৈছে?
উত্তৰঃ কবিৰ মৃত্যু হলেও কি কাৰণে জগতখন সদায় নিয়মমতে চলি থাকিব বুলি কৈছে কাৰণ কবি জগতখনৰ কাৰণে এটি ধূলি কণা মাত্ৰ।
গ) এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা কি কাৰণে গম নাপায়?
উত্তৰঃ এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা গম নাপায় কবি এক ধূলিকণা মাত্ৰ।
ঘ) কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰিছে।
২। কবিতাটিৰ মূল কথাখিনি তােমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ কবিৰ মতে কবি জগতখনৰ বাবে এটা মাত্ৰ ধূলিকণা। কবিয়ে যিদিনা মৃত্য়ুবৰণ কৰিব, সেইদিনা জগতৰ কোনো হানি নহ’ব। কবিৰ মৃত্য়ুৰ খবৰো জগতৰ কোনোৱে নাজানিব। কবি নোহোৱা হ’লেও জোন বেলিয়ে সময়মতে নিজৰ কাম কৰিয়ে থাকিব। দিন গ’লে ৰাতি আৰু ৰাতি গ’লে দিন হ’ব। গছ-বন সকলোতেও সময়মতেই ফল-ফুল ধৰিব। গ্ৰহ নক্ষত্ৰবোৰেও নিজৰ পথেৰে গতি কৰি থাকিব। এতিয়াৰ দৰেই জগতৰ সকলো মানুহৰ দৈনিক কাম-কাজ চলি থাকিব। তাত চিন্তাৰ কোনো কাৰণ নাথাকিব। এই জগতত চলি থকা কোনো নিয়মৰে অকণো সাল-সলনি নহ’ব। কবি নোহোৱাৰ বাবে জগতখনৰ কোনো কামেই নোহোৱাকৈ পৰি নাথাকিব। জগতখনৰ কোনো মানুহেই কবিৰ মৃত্য়ুৰ খবৰটোকে নাপাব। বিশাল জগতখনত থকা অসংখ্য় ধূলিকণাৰ মাজত কবিও মাত্ৰ এটি ধূলিকণা। কবৰ অবিহনে এই বিশাল বিশ্বৰ কেনিও অকণো হানি নহয়।
৩। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
ক) আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণাে সংশয়;
এই বিশ্ব-সংসাৰৰ কোনাে নিয়মৰে
লৰ চৰ অলপাে নহয়।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অন্তৰ্গত ধূলি-কণা মই শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ কবিয়ে নিজকে ধূলি-কণাৰ লগত তুলনা কৰি উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
ব্য়াখ্য়াঃ এই বিশাল বিশ্ব-ব্ৰহ্মাণ্ডৰ ভিতৰত কবি এটি মাত্ৰ ধূলিকণা। এই জগতখনত অসংখ্য় ধূলিকণা আছে। তাৰে ভিতৰত কবিও আছে। কবিৰ মৃত্য়ু হ’লেও জগতখনৰ কাম নিতৌ আগৰদৰেই চলি থাকিব। কবিৰ মৃত্য়ুৰ খবৰ জগতৰ কোনোৱে গমেই নাপাব। জগতখনৰ কোনো কামেই পৰি নাথাকিব। কবি নহ’লেও জগতখনৰ সকলো কামেই নিয়মীয়াভাৱে চলি থাকিব। তাত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। কবিৰ মৃত্য়ুৰ বাবে এই জগতখনৰ কোনো নিয়মৰে অলপো সাল-সলনি নহ’ব। বিশ্বৰ সকলোবোৰ আগৰদৰেই চলি থাকিব।
খ) অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই;
মােৰ অবিহনে এই বিপুল সৃষ্টিৰ
কেনিও অকণাে হানি নাই।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফআঁকি আমাৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অন্তৰ্গত ধূলি-কণা মই কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ কবিয়ে এই বিশাল জগতখনত নিজৰ গুৰুত্বৰ বিষয়ে বুজাবলৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
ব্য়াখ্য়াঃ এই বিশাল বিশ্ব-ব্ৰহ্মাণ্ডখনত অসংখ্য় ধূলি-কণা আছে। এই ধূলি-কণাবোৰৰ ভিতৰত কবিও এটি। কবিৰ মৃত্য়ুত এই সুবিশাল জগতখনত অকণো প্ৰভাৱ নপৰিব। কবিৰ মৃত্য়ুত এই জগতৰ কোনো নিয়মৰ সাল সলনি নহ’ব। কবিৰ মৃত্য়ুত এই জগতৰ কেনিও অকণো হানি নহ’ব।
৪। ভাব বহলাই লিখাঃ
ক) দুই নাৱত দুই ভৰি।
উত্তৰঃ কোনো এজন লোকে দুটা কাম একেলগে কৰি থকা অৰ্থাৎ কোনো এটা কামেই এৰি দিব নোখোজা। কেতিয়াবা এজন ব্য়ক্তিয়ে কোনো এটা কাম কৰিবৰ বাবে আন এটা কাম এৰি দিবলগীয়া হয়। কিন্তু মানুহজনে কোনো এটা কাম এৰিব নোখোজা হোৱাকে দুই নাৱত দুভৰি বুলি কোৱা হয়।
খ) তুলসীৰ লগত কলপটুৱাৰ মুক্তি।
উত্তৰঃ তুলসীক পবিত্ৰ জ্ঞান কৰা হয়; সেইবাবে পূজা, সেৱা সকলোতে তুলসীৰ ব্য়ৱহাৰ কৰা হয়। তুলসী এনেই পৱিত্ৰ, তাতে যাগ-যজ্ঞ; পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়; কলপটুৱা পৱিত্ৰ বস্তু নহয়, কিন্তু পৱিত্ৰ অনুষ্ঠানত তুলসী আদি থ’বৰ বাবেই কলপটুৱাৰে তৈয়াৰী খোল বা ডোঙাৰ প্ৰয়োজন হয়, গতিকে পৱিত্ৰ তুলসীৰ স্পৰ্শত কলপটুৱায়ো পৱিত্ৰ হৈ মুক্তি লাভ কৰে। ইয়াৰ দ্য়াবা বুজাব খোজা হৈছে যে যি পৱিত্ৰ, সি আনকো পৱিত্ৰ কৰে আৰু সেয়েহে পৱিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায়। এতেকে সৎ সংগ লোৱা উচিত।
৫। সমার্থক শব্দ লিখাঃ
জোন = শশী, শশধৰ, জোনবাই, নিশাপতি, নিশাকৰ আদি।
সংসাৰ = ঘৰ।
অসংখ্য = অগণন, অজস্ৰ, সীমাহীন আদি।
হানি = অসুবিধা।
গছ = বিৰিখ, বৃক্ষ আদি।
ফুল = পুষ্প।
বিশাল = ডাঙৰ।
৬। বাক্য ৰচনা কৰাঃ
ভাত ঘৰঃ ৰমেনৰ গীতাহঁতৰ ঘৰতে ভাত ঘৰ, সি তাৰ পৰা যাবলৈকে মন নকৰে।
ভৰিৰ ধূলিঃ কিছুমান মানুহে নিজকে ভগৱানৰ ভৰিৰ ধূলি বুলি গণ্য় কৰে।
চকুত লগাঃ ৰীতাজনী বৰ এজনী হৈ চকুত লগা হৈ পৰিছে।
কাণ বাগৰাঃ ইকাণ সিকাণ কাণ বাগৰি বিষ্ণুৰ বিয়াৰ খবৰটো গাৱঁৰ ৰাইজৰ কাণত পৰিছে।