১। উত্তৰ দিয়া। (ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। উত্তৰঃ– ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ’ল 一 * হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা) * হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী) * প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত) * ষণ্ডামৰ্ক (দৈত্য-গুৰু) * মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী) (খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? উত্তৰঃ– নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত। (গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?…