১। চমু উত্তৰ দিয়া- (ক) ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল ? উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতী আছিল। (খ) কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালত। (গ) কামৰূপৰ ৰাজকুমাৰী অমৃতপ্রভাক কোনজন ৰজাই বিবাহ কৰাইছিল? উত্তৰঃ কাশ্মীৰৰ ৰজা মেঘবহনে কৰাইছিল। (ঘ) শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰঃ শ্ৰীহৰ্ষদেৱ…