জনমভূমি
৩) উত্তৰ দিয়া।
ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে।
খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰঃ কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে ।
গ)কবিয়ে পখী হৈ ক’ত বাহ ল’ম বুলি কৈছে?
উত্তৰঃ কবিয়ে পখী হৈ উখ বিৰিখত বাহ ল’ম বুলি কৈছে ।
ঘ) কবিয়ে হিমালয় পৰ্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?
উত্তৰঃ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসি বিলত ফুলি ৰ’ব বুলি কৈছে ।
৪)উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উদাহৰণঃ
পুৱাত
সন্ধিয়াত
কোলাত
ছায়াত
বিৰিখত
গীতত
জেউতি
আৰতি
বিলত
চৰণত
হৈ
ৰৈ
ৰাতি
মাটি
৫)তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা।
শব্দ অৰ্থ
পখী —– চৰাই।
শীতলী —– চেচাঁ।
সোণোৱালী —– সোণ-বৰণীয়া।
মৰম —– চেনেহ।
প্ৰথম —– আদি।
টিং —– পৰ্বতৰ আগ বা ওখ ঠাই।
৬। ‘মুদিম আকৌ চকু
তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত’।
ওপৰৰ কবিতাফাকি গদ্যৰূপ হ’ল- জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা।
(ক) সোণোৱালি মেঘ হৈ
ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
উত্তৰঃ সোণালী ডাৱৰ হৈ, ৰঙা হাঁহি জিলিকাম। শেঁতা পৰি থকা ওঁঠ দুখনিত।
(খ) আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি
উত্তৰঃ মৃত্যুৰ পিছত, আকাশৰ তৰা হৈ তিৰবিৰাই থাকিম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰক।
৭। পাঠত থকা ‘জনমভূমি’কবিতাংশৰ মূলভাব লিখা।
উত্তৰঃনিজৰ জন্মভূমি সকলো মানুহৰ বাবে অতি মৰমৰ ঠাই। জন্মভূমিৰ সৈতে প্ৰতিজন ব্যক্তিৰ অগণন স্মৃতি জড়িত থাকে। কবিয়ে তেওঁৰ কবিতাত প্ৰকাশ কৰিছে যে এদিন মৃত্যু ঘটিলে, আত্মাই শান্তি পোৱাৰ উদ্দেশ্যে জন্মভূমিতেই ওভতি আহে। মৃত্যুৰ পিছত চাৰাই হৈ জন্মভূমিৰ ওখ গছত বাঁহ ল’ব বুলি তেওঁ ব্যক্ত কৰিছে। আকাশত তৰা হৈ তিৰবিৰাবৰ কথাও উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলৰ ৰূপেৰে ৰম বুলি কবিয়ে কল্পনা কৰিছে। নদী হৈ দুয়োটা ভৰি ধুই দিম আৰু মাটিৰ ৰূপত প্ৰকৃতিৰ সৈতে মিশি থাকিম বুলি তেওঁ কৈছে। অৱশেষত, সোণালী ডাৱৰ হৈ শেঁতা ওঁঠত হাঁহি বিলাব বুলি কবিয়ে কৈছে।
খ- ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )
৮। উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা।
পুঁৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদি গীতত
আকাশৰ তৰা হৈ ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি
জোনাকত মিল বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি
৯) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ- জনম – মৰণ শেষ – আৰম্ভ
ছাঁ – পোহৰ ওখ –চাপৰ
ৰাতি-দিন দুখীয়া-ধনী
১০। (ক) ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালীঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা-
সেউজীয়া – পাত
ৰঙা —জবা
ক’লা –ছাতি
(খ) বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ( ভাল, ল’ৰা, ক’লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা,।)
বিশেষ্য পদ
বিশেষণ পদ
ল’ৰা, আকাশ, পানী, কাউৰী,
গাখীৰ, মাছ
ভাল, সৰু, বগা, কলা, নীলা লেতেৰা
গ – জ্ঞান সম্প্ৰসাৰণ
১১। কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, লিখা।
উত্তৰঃতোমালোকে নিজে লিখিবলৈ চেষ্টা কৰা।
১২। জনমভূমিৰ দৰে স্বদেশপ্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা।
উত্তৰঃ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰা।
১৩। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা, লিখা।
উত্তৰঃ এই প্ৰশ্নটো তোমালোকে তোমোলোকৰ অঞ্চলত কি কি ভাল কাম কৰিবলৈ বিচৰা সেই বিষয়ে লিখা।
লগে-ভাগে গাঁও আহা-
মই অসমীয়া
গীতিকাৰ- চৈয়দ আব্দুল মালিক
জীৱনে-মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহে প্ৰাণে মই,
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ অসমীয়া মৰণ।
অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্ৰাণৰ আপোন
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ
অসম প্ৰকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া।
চৈয়দ আব্দুল মালিক – ( ১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণিত। তেখেত ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসৰ বাবে তেখেত ‘সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি ‘অসম উপত্যকা বঁটা’, ‘শংকৰদেৱ বঁটা’ আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে তেখেত সন্মানিত হৈছিল।
Some Answer added by Chinmay Kakati
Spelling Check By- Mukesh borah