Class 7 Assamese Chapter 7 জতুৱাৰ জঁট

জতুৱাৰ জঁট

‘আকাশত চাং পতা’ ‘নপতা ফুকনে’
‘অহুকাণে-পহুকাণেট বহুকথা শুনে,
‘আলাসৰ লাড়ু খায় ‘গা-নচুৱাই’
‘আটোম-টোকাৰি’টিও ‘গাই বাই চাই’।
‘অঁকৰা উঠিলে মৈত’ লাগে ‘হুৱা-দুৱা’;
সাধ্য নাই কাৰো তাক সহজে নমোৱা।
‘আঁকোৰ -গোজালি’ হয় ‘আপুতৰ পুত’;
‘ঘিট্ মিট্’ আন্ধাৰত সবে দেখে ভূত।
‘জোলোঙাৰ মেকুৰী’টো পৰিলে ওলাই
‘অলপ-ধতুৱা’বোৰে বৰ ভয় খায়।
‘আঁঠুৱা-তলৰ মহ’ সঁচাই অঁকৰা
‘লোভত আপোন -ঘাতী’, ‘আওমৰণে মৰা’ ।
মূধচ ফুটিলে চালে বৰষুণ সৰে
‘মূধা-ফুটা’ নামবোৰ ‘ঢক ফুটি’ পৰে ।
নিশিকিলে, নাজানিলে ফকৰা-যোজনা
হয় বোলে তেনে লোক বুধিত টোকোনা।
‘গোটগৰু’ হ’লে হয় ‘আলৈ – আথানি’;
পৰীক্ষাৰ বহীতো পাৰো ৰঙা পেনে কণী।

                                                                                        কবি- শ্ৰী গগন চন্দ্ৰ অধিকাৰী

৩) কোৱা আৰু লিখাঃ

ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?

উত্তৰঃ- কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে।

খ) অহুকাণে- পহুকাণে মানে কি?

উত্তৰঃ অহুকাণে মানে হ’ল আৰ- তাৰ পৰা আৰু পহুকাণে মাণে হল ঘুনুক- ঘানাককৈ ।

গ) ঘিট্ মিট্ আন্ধাৰত কি দেখে?

উত্তৰঃ- ঘিট্ মিট্ আন্ধাৰত ভূত দেখে ।

ঘ) কোনবোৰ লোকে বৰ ভয় খায়?

উত্তৰঃ- অলপ ধতুৱাবোৰে বৰ ভয় খায় ।


ঙ) কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে?

উত্তৰঃ- যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিখিকে, সেইবোৰ লোকক কবিয়ে বুদ্ধিত টোকোনা বুলি কৈছে ।

৪) পাঠৰ আলমত চমুকৈ লিখা?

ক) মৈত উঠিলে সহজে কাক নমাব নোৱাৰি?

উত্তৰঃ- মৈত উঠিলে সহজে অকঁৰাক নমাব নোৱাৰি।

খ) আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয় ?

উত্তৰঃ- আঁঠুৱাৰ তলৰ ম’হৰ লোভত আপোনঘাতী আওঁমৰণে মৰৰিবলগীয়া হয়।

গ) ফকৰা-যোজনা নাজানিলে বা নিশিকিলে কি হয়?

উত্তৰঃ- ফকৰা-যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টোকোনা হয় ।

৫) বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা ।

পোহৰ

আন্ধাৰ

জটিল

সহজ

অসাধ্য

সাধ্য

বেছি

কম

বিলোভ

লোভ

মিছা

সঁচা

৬। পাঠত তোমালোকে ‘হুৱা-দুৱা’ লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে’ আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপখোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা।

যেনে- কলম ( ধৰে / লয় ) কলম ধৰে।
(ক) চেপা ( মাৰে / পাতে ) চেপা পাতে।
(খ) ঢেঁকী ( বান্ধে / দিয়ে ) ঢেঁকী দিয়ে।
(গ) পাচি ( গঢ়ে / সাজে ) পাচি সাজে।
(ঘ) খেল ( কৰে / খেলে ) খেল খেলে।
(ঙ) মৰম ( লাগে / ধৰে ) মৰম লাগে।

৭। ‘জতুৱাৰ জঁট’ কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা।

উত্তৰঃ-

১। গা-নচুৱাই ফুৰা ( কাম বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি ফুৰা – তাৰ দৰে গা-নচুৱাই ফুৰা মানুহক কোনও ভাল নাপায়।

২। আলাসৰ লাড়ু ( অতি মৰমৰ ) – ৰহিম একমাত্ৰ সন্তান বাবে মাক দেউতাকৰ আলাসৰ লাডু়।

৩। ঘিট্ মিট্ ( বৰ বেছি অন্ধকাৰ ) – অমাৱশ্যাৰ নিশা ঘিট্ মিট্ আন্ধাৰ হয়।

৪। নপতা ফুকন ( নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা ) – হৰিৰ কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক।

৫। অহুকাণে পহুকাণে ( আৰ-তাৰ পৰা ) – বিজয়ে চাকৰি পোৱা খবৰটো অহুকাণে পহুকাণে শুনিছো।

৮) এটা শব্দত প্ৰকাশ কৰাঃ

১) আনৰ ভাল দেখিব নোৱাৰা – চকুচৰহা
২) ঘুনুক – ঘানাককৈ যি কথা শুনা যায় – পহুকাে
৩) যিজন মাক – বাপেকৰ অতি মৰমৰ – আলাসৰ লাড়ু
৪) যি নিয়ম মতে খৰচ কৰে – মিতব্যয়ী।

৯। জতুৱা ঠাঁচৰ অৰ্থ জানো আহা-

জতুৱা ঠাঁচ

অৰ্থ

কুন্দত কটা

খোলাকটিৰ তাল

চুঙা-বাদুলিৰ

কথা-চহকী

বুকুৰ কুটুম

ঘৰ-গোনা

বগলীভকত

ধুনীয়া, নিপোটল

কোনো কামত নহা

সংসাৰৰ বিষয়ে একো নজনা লোক, অনভিজ্ঞ

বেছিকৈ কথা কোৱা

অতি আপোনজন

সদায় ঘৰতে থাকি ভাল পোৱা, নিজ ঘৰ এৰি আনঠাইলৈ নোযোৱা

ভণ্ড

কথােপকথনঃ- মীৰা আৰু জোনালী সময়মতে স্কুললৈ যায় । তেওঁলােকৰ ঘৰৰ পৰা স্কুলখন কিছু দূৰৈত হােৱাৰ কাৰণে দুয়ােজনী সদায় একেলগে স্কুললৈ অহা – যােৱা কৰে ।

এদিনাখনৰ কথা — মীৰা আৰু জোনালী স্কুললৈ গৈ থাকোঁতে কান – সমনীয়া ৰবীন তৰা – নৰা ছিঙি সিহঁতৰ আগত ওলালহি আৰু ক’লে

ৰবীন – শুনিছানে মীৰা , বৰ দুখৰ কথা আজি কণিকাৰ দেউতাক ঢুকাল ।

মীৰা – অ ’ , তাৰ মানে তেখেতে চিৰকালৰ বাবে চকু-মুদিলে । সিহঁতৰ এতিয়া বৰ আলৈ – আথানি হ’ব ।

জোনালী – কণিকাজনীলৈ বৰ বেয়া লাগে । তাই দেউতাকৰ অতি আলাসৰ লাড়ু আছিল ।

ৰবীন – কণিকাৰ দেউতাক বৰ ভাল মানুহ আছিল । মানুহজন যথেষ্ট হাত দীঘলাে আছিল । সকলােৱে তেখেতক সমীহ কৰিছিল ।

জোনালী – আমাৰ দেউতাই কয় নহয় , তেখেত হেনাে এজন নাম – জ্বলা লােক আছিল । কাইলৈ দেওবাৰ ; আমি সকলাে কণিকাহঁতৰ ঘৰলৈ খবৰ ল’বলৈ যাম । এইবুলি ৰবীন , মীৰা আৰু জোনালীয়ে বিদ্যালয়লৈ বুলি বাট ল’লে ।

জানাে আহা

ওপৰৰ সংলাপখিনিত কান – সমনীয়া ( সমবয়সীয়া ) , চকু – মুদা ( মৃত্যুহােৱা ) , হাত – দীঘল ( ক্ষমতাশালী ) , নাম – জ্বলা ( বিখ্যাত ) আদি শব্দবােৰ পাইছা । হাত’শব্দৰ লগত দীঘল ’ শব্দটো লগ লাগি হাত দীঘল ’ এটি নতুন শব্দ গঠিত হৈছে । ঠিক তেনেদৰে হাতসাৰ ( মুক্ত হােৱা ) হাত – টান ( কৃপণ ) , হাত-লৰ ( চোৰ ) , হাত – ধাে ( আশা এৰ ) , হাড়ে – ছালে লাগ ( লেৰেলা হাড়ক – মাটি কৰ ( কঠিন পৰিশ্ৰম কৰা ) আদি শব্দবােৰাে আমাৰ ভাষাত পােৱা যায়।

১১। তৰা-নৰা ছিঙি, আলৈ-আথানি, বাটল’লে, আলাসৰ লাডু় এই জতুৱাঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা।

জানো আহা

‘ নিশিকিলে , নাজানিলে ফকৰা – যােজনা

হয় বােলে তেনে লােক বুধিত টোকোনা ।’

কবিতা দুশাৰীৰ জৰিয়তে তােমালােকে জানিব পাৰিছা যে ফকৰা – যােজনা নাজানিলে বুধিত টোকোনা হয় ।’ কাৰণ , ফকৰা – যােজনাৰ সুকীয়া অন্তর্নিহিত অর্থ সহায়ত বহু কথা ক’ব পাৰি । তলৰ কথাখিনিৰ পৰা ফকৰা – যােজনানাে কি সেই সম্পর্কে জানি লােৱা ।

ফকৰা – নীতি শিকোৱা, দৃষ্টান্ত দেখুওৱা বা কথাৰ উদাহৰণ দিয়া এফাকি বা দুফাকিত লিখা সাঁথৰৰ নিচিনা কথা। যেনে, অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ।

যােজনা— এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তাক মিলাই বা তুলনা কৰি কোৱা কথা। যেনে, অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা । অর্থাৎ , ঢেৰুৱা শাকৰ ঠাৰি সিজোৱা যেনে টান , বুজিব নােখােজা মানুহক বুজোৱাটোও তেনে কঠিন ।

এই দুয়ােবিধকে একেলগে সাহিত্যত ফকৰা – যােজনা বুলি কোৱা হয় । প্রাচীন কালৰ পৰাই ফকৰা – যােজনাবিলাক মানুহৰ মুখে মুখে চলি অহাৰ বাবে ই মৌখিক সাহিত্যৰ অন্তৰ্গত। ভাষাৰ সৌষ্ঠৱ আৰু ব্যঞ্জনা প্রকাশত ফকৰা – যােজনাৰ গুৰুত্ব অসীম । ইয়াৰ মাজত এটা জাতিৰ জাতীয় চৰিত্র প্রকাশ পায় । ফকৰা – যােজনাই ভাবৰ প্রকাশ উজু কৰি অর্থ বুজাত সহায় কৰে। জীৱনৰ বিভিন্ন দিশত মানুহে আগবাঢ়ি যাওঁতে লাভ কৰা অভিজ্ঞতাসমূহৰ আধাৰতে এইবােৰ ৰচিত হৈছিল ।

১২। তলৰ যোজনা দুফাকিৰ অৰ্থ বুজাই লিখা।

(ক) আপদৰ মাত, আকালৰ ভাত।

উত্তৰঃ “আপদৰ মাত, আকালৰ ভাত” এই কথাৰ অৰ্থ হৈছে যে যদি ওচৰ চুবুৰীয়াৰ কোনো লোক বিপদত পৰে, তেন্তে টকা-পইচাৰে সহায় কৰিব নোৱাৰিলেও অন্ততপক্ষে এষাৰ সহানুভূতির মাত দিয়া উচিত। আৰু যদি কোনো পৰিয়ালত অভাৱ থাকে আৰু তেওঁলোকৰ খাদ্যৰ অভাব হয়, তেন্তে সামৰ্থ্য অনুযায়ী ভাত আদি দিয়ে সহায় কৰিব লাগে।

(খ) কথাতে বঁটা পায়, কথাতে কটা যায়।

উত্তৰঃ এই ফকৰা যোজনাটিৰ মূলভাৱ হৈছে যে আমি কেতিয়াবা কাৰোবাৰ সৈতে কথা পাতোঁতে কিছুমান সত্য আৰু প্ৰিয় কথা কওঁ, যাৰ ফলত আনৰ উপকাৰ হয় আৰু মানুহে আমাক ভাল পায় আৰু প্রশংসা কৰে। কিন্তু কেতিয়াবা যদিও কথা সত্য হয়, আমি সব কথা নকবাই ভাল, কাৰণ সেই কথা কাৰোবাৰ বাবে অপ্ৰিয় হ’বও পাৰে। এনেকুৱা কথা ক’লে মানুহে আমাক বেয়াকৈ ধৰে নাইবা বেয়া বুলি ভাবিবও পাৰে।

Type by: Bipasha kakati

Spelling Check By-MUkesh BOrah