৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
উত্তৰঃ–
কবি চন্দ্ৰকুমাৰ আগৰৱালা দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা সুন্দৰ ৰোমাণ্টিক কবিতা। এই কবিতাত কবিয়ে প্ৰকৃতিৰ অন্যতম উপাদান ‘নিয়ৰ’ক বিষয়বস্তু হিচাপে গ্ৰহণ কৰি কল্পনাৰ ৰঙীন সূতাৰে সুন্দৰভাৱে উনিয়াইছে। প্ৰকৃতিৰ বৈচিত্ৰ্যময় সৌন্দৰ্যই মানুহৰ মনলৈ অনাবিল সুখৰ বতৰা কঢ়িয়াই আনে। প্ৰতিটো পুৱাতে অজানিতে প্ৰকৃতিয়ে আমাদের আশাৰ নতুন বতৰা আগবঢ়ায়, আৰু এই আশাৰ অন্যতম চিহ্ন হ’ল নিয়ৰ।
মুকুতা সদৃশ নিয়ৰ কণাবোৰ পুৱাৰ সেমেকা বতৰত ঘাঁহ আৰু গছ-বনৰ ওপৰত জিলিকি উঠা দৃশ্যই আমাৰ অন্তৰলৈ বিভিন্ন ধৰণৰ অনুভূতি কঢ়িয়াই আনে। কবিয়ে নিয়ৰক তুলনা কৰিছে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ পৰা ছিগি পৰা মণি, অথবা পুৱাৰ স্নিগ্ধ পোহৰত চকুপানীৰ এটোপালৰ সৈতে। নিয়ৰৰ এই তুলনামূলক দৃশ্যই কবিৰ অন্তৰৰ গভীৰতাক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।
২। উত্তৰ দিয়া।
(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ– মুকুতা মণিটি বুলিকবিয়ে নিয়ৰ টোপালক বুজাইছে।
(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ– নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ– নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।
(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?
উত্তৰঃ– ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ’ল।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ– কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।
৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰঃ–
শব্দ অৰ্থ
ফটিক স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ।
শোভে শুৱনি কৰি তোলা।
হেঙুলি হেঙুল বৰণীয়া।
নিজম নীৰৱ।
নিচুক কান্দোন সামৰি স্থিৰ হ।
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
”নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”
উত্তৰঃ– “নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি”।
উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ তুপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে। সেই প্ৰসংগত উক্ত কবিতা ফাকি তুলি দিয়া হৈছে। প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰ্য়ই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্য়তম বাহক হ’ল ‘নিয়ৰ’। নিয়ৰৰ তুপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে। আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটীয়ে যেন সৰগত টোপনিতে সপোন দেখিছে। সেই সপোনত হাঁহি হাঁহি নৃত্য় কৰোঁতে যেন মণি ছিগি ৰৈ গ’ল।
৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।
উদাহৰণ 一 ধোৱা ⟶ যোৱা
উত্তৰঃ–
সাঁচি 一 নাচি
মণি 一 কণি
ভাহি 一 পাহি
খ 一 ভাষা অধ্য়য়ন (ব্য়াৱহাৰিক ব্য়াকৰণ)
৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
উত্তৰঃ–
টোপনি 一 নিদ্ৰা, ঘুমতি
বেলি 一 সূৰ্য্য, ৰবি
পানী 一 জল, নিৰ
ফুল 一 পুষ্প, কুসুম
নিশা 一 ৰাতি, ৰজনী
সপোণ 一 স্বপ্ন
আকাশ 一 গগণ, অম্বৰ
চকু 一 নয়ন, নেত্ৰ
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ–
ছিগা 一 জোৰা
পুৱা 一 গধূলি
নিজম 一 কোলাহল
সৰগ 一 নৰক
দিন 一 ৰাতি
হাঁহি 一 কান্দোন
৯। বাক্য ৰচনা কৰা।
উত্তৰঃ–
মুকুতাঃ ৰ’দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে।
পাহিঃ গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে।
শোভেঃ গোলাপ ফুলে গোটেই বাগিচাখনত শোভে।
নিচুকঃ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাচি থৈছিল।
ফুলজুপিঃ ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল।
ফটিকঃ নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।
জানাে আহাঃ
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধােৱা,
নিশাৰ তৰাএটি সৰিয়েহে আছে
সৰগত টোপনি যােৱা।
ওপৰৰ পদ্যফাকিত থকা মুকুতা, মণি, ফটিক, পানী, নিশা, সৰগ আদি শব্দকেইটি মূলত সংস্কৃত ভাষাৰ পৰা অহা। তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপাে সালসলনি নােহােৱাকে সংস্কৃতৰ দৰে হুবহু একে আছে; কিন্তু মুকুতা, ফটিক, তৰা, সৰগ আদি শব্দ সংস্কৃতৰ মূল ৰূপ মুক্তা, স্ফটিক, তাৰা, স্বর্গ আদি শব্দবােৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে। সংস্কৃতমূলীয়া শব্দবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয়। সেই ভাগ তিনিটা হ’ল一
(১) তৎসম (২) অর্ধতৎসম আৰু (৩) তদ্ভৱ।
(১) তৎসমঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে, সেইবােৰক তৎসম শব্দ বােলা হয়। তৎসম শব্দৰ ৰূপ (বানান) এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবােৰৰ উচ্চাৰণ কিছু সলনি হৈছে।
তৎসম শব্দৰ উদাহৰণ —
(২) অর্ধতৎসমঃ যিবােৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সােমাই শব্দবােৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোঁতেও অসমীয়া উচ্চাৰণতে লিখা হয়, সেইবােৰেই অর্ধতৎসম শব্দ।
অর্ধতৎসম শব্দৰ উদাহৰণ —
(৩) তদ্ভৱঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈপালি, প্রাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সােমাইছে, সেইবােৰক তদ্ভৱ শব্দ বুলি কোৱা হয়।
তদ্ভৱ শব্দৰ উদাহৰণ —
সংস্কৃত ৰূপ | অসমীয়া তদ্ভৱ ৰূপ |
কর্ম | কাম |
হস্ত | হাত |
সর্প | সাপ |
কর্ণ | কাণ |
অদ্য | আজি |
দন্ত | দাঁত |
সংস্কৃতৰ ইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে। তাৰে কিছুমান তৎসম শব্দৰ দৰে পােনে পােনে অর্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে সৰল হৈ সােমাইছে। সেইবােৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে। যেনে一
ইংৰাজী শব্দ | অসমীয়া ৰূপ |
স্কুল | স্কুল |
ইঞ্জিন | ইঞ্জিন |
ডক্তৰ | ডাক্তৰ |
গ্লাচ | গিলাচ |
জেইল | জেল |
গোডাউন | গুদাম |
বক্স | বাকচ |
কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যােগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্রত্যয় যােগ কৰিও নতুন শব্দ গঠন কৰা হয়। এনেবােৰ শব্দক মিশ্র শব্দ বােলা হয়।
উদাহৰণ —
ইংৰাজী শব্দ + অসমীয়া শব্দ ⇒ অসমীয়া ৰূপ
হেড + পণ্ডিত ⇒ হেডপণ্ডিত
মটৰ + গাড়ী ⇒ মটৰগাড়ী
ডাক্তৰ + খানা ⇒ ডাক্তৰখানা
ভােট + অধিকাৰ ⇒ ভােটাধিকাৰ
ইংৰাজী শব্দ + অসমীয়া প্রত্যয় ⇒ অসমীয়া ৰূপ
স্কুল + ঈয়া ⇒ স্কুলীয়া
কলেজ + ঈয়া ⇒ কলেজীয়া
মাষ্টৰ + অনী ⇒ মাষ্টৰনী
ডাক্তৰ + অনী ⇒ ডাক্তৰনী
১০ । ‘নিয়ৰ’ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা ।
তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ–
তৎসম – – – – – – – – – – তদ্ভৱ
মুক্তা – – – – – – – – – – – – মুকুতা
স্ফটিক – – – – – – – – — ফটিক
তাৰা – – – – – – – – – – – — তৰা
স্বৰ্গ ——————- সৰগ
মণি – – – – – – – – – – – — মনি
১১। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা।
শিক্ষা সম্বন্ধীয় ⇒ স্কেল,
খেল সম্বন্ধীয় ⇒ ক্রিকেট,
যান-বাহন ⇒ স্কুটাৰ,
পােছাক-পাতি ⇒ ফ্রক,
আচবাব ⇒ টেবুল,
বাচন-বৰ্তন ⇒ কাপ,
উত্তৰঃ– শিক্ষা সম্বন্ধীয় ⇒ স্কেল, স্কুল, বৰ্ড, ক্লাচ ৰুম, কম্পাছ আদি।
খেল সম্বন্ধীয় ⇒ ক্রিকেট, ফুটবল, হকী, টেনিচ, বেডমিণ্টন আদি।
যান-বাহন ⇒ স্কুটাৰ, স্কুটী, ট্ৰেক্টৰ, বাইক আদি।
পােছাক-পাতি ⇒ ফ্রক, পেণ্ট, টি-চাৰ্ট, চাৰ্ট আদি।
আচবাব ⇒ টেবুল, গদ্ৰেজ আদি।
বাচন-বৰ্তন ⇒ কাপ, প্লেট, পেন, চচপেন আদি।
১২। এটা শব্দত প্ৰকাশ কৰা।
(ক) যি আনৰ উন্নতি দেখিব নােৱাৰে।
(খ) একে মাকৰ সন্তান।
(গ) যাৰ ঘৰ-বাৰী নাই।
(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নােৱাৰে।
(ঙ) যি আগেয়ে হােৱা নাই।
উত্তৰঃ–
(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে ⇒ চকুচৰহা বা পৰশ্ৰীকাতৰ বা হিংসাকুৰীয়া।
(খ) একে মাকৰ সন্তান ⇒ সহোদৰ।
(গ) যাৰ ঘৰ-বাৰী নাই ⇒ অঘৰী।
(ঘ) যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে ⇒ অবিবেচক।
(ঙ) যি আগেয়ে হোৱা নাই ⇒ অভূতপূৰ্ব।
১৩। ‘নিয়ৰ’ কবিতাটিত পােৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপােন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবােৰেৰে বাক্য ৰচনা কৰা।
তৰা-নৰা ছিঙি – (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়)
আকাশত চাং পতা – (অস্বাভাৱিক কল্পনা কৰা)
পানী তলৰ কাঁইট – (নেদেখা বিপদ, অজ্ঞাত শত্রু)
কথা চহকী – (বেছিকৈ কথা কোৱা লােক)
হিয়াৰ আমঠু – (অতি আদৰৰ)
অলীক সপােন – (অমূলক কল্পনা)
চকু চৰহা – (লােকৰ ভাল দেখিব নােৱৰা)
উত্তৰঃ–
তৰা-নৰা ছিঙি (বৰকৈ বেগাই)ঃ খুড়াকৰ মৃত্য়ুৰ খবৰটো পাই পল্লৱ তৰা-নৰা ছিঙি ঘৰলৈ আহিল।
আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা) = আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।
পানীৰ তলৰ কাঁইট (নেদেখা বিপদ, অজ্ঞাত শত্ৰু) = ৰমেনে জনাই নাছিল যে, বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।
কথা চহকী (বেছিকৈ কথা কোৱা লোক) = অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী।
হিয়াৰ আমঠু (অতি আদৰৰ) = প্ৰত্য়েক সন্তানেই নিজৰ মাক-দেউতাকৰ হিয়াৰ আমঠু।
অলীক সপোন (অমূলক কল্পনা) = অলীক সপোন দেখি সময় নষ্ট কৰিব নালাগে।
চকু- চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোক সকলোৱে অপ্ৰিয় হয়।
জানাে আহাঃ
ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰৈ গ’ল মণি,
ছিগিঃ আপােনা-আপুনি ছিগি যােৱা। আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যােৱা নহয়।
ছিঙিঃ দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা। যেনে- কেচুঁৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰী ছিঙি পেলালে। ঠিক তেনেদৰে一
ভাগিৰ অৰ্থ আপােনা-আপুনি ভাগি যােৱা আৰু
ভাঙি মানে অইন কাৰক বা আনে ডােখৰ ডােখৰ কৰা।
যেনে一 (ক) ভাগি গ’ল বীণ খনি ছিগি গ’ল তাঁৰ,
ৰই গ’ল অৱশেষ অমিয়া জোঁকাৰ।
(খ) “ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লােহাৰ শিকলি ভাঙ্।
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্।
১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো গ’ল।
(খ) ধুমুহাই ঘৰটো পেলালে।
(গ) পুৰণি হােৱা বাবে ৰছীডাল থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো গ’ল।
(চ) বানপানীয়ে মথাউৰিটো পেলালে।
উত্তৰঃ–
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণা হোৱা বাবে ৰছীডাল ছিগি থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।
গ — জ্ঞান সম্প্রসাৰণ
১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।
(ক) পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পােৱা অনুভূতি
উত্তৰঃ- পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকিলে দেহ আৰু মন দুয়ো সুস্থ থাকে। নিয়ৰসিক্ত দূবুৰিৰ সৈতে সংস্পৰ্শত আহিলে শৰীৰে প্ৰাকৃতিক সজীৱতা অনুভৱ কৰে আৰু মন মুকলি হয়। ইয়াৰ উপৰিও, নিয়ৰসিক্ত দূবুৰিৰে খোজ কাঢ়াৰ অভ্যাসে চকুৰ ৰশ্মি ভাল ৰাখিবলৈ সহায় কৰে।
(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ
উত্তৰঃ- পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ দেখিবলৈ যেন মুকুতাৰ মণি। এই টোপালবোৰৰ জিলিকনি প্ৰকৃতিত এক অপূৰ্ব সৌন্দৰ্য সৃষ্টি কৰে। এই মনোমোহা দৃশ্য়ই হৃদয়ৰ গভীৰতালৈ প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনন্য অনুভূতি কঢ়িয়াই আনে।
(গ) গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবােৰ
উত্তৰঃ- গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰিলে, যেন একেকটা বগা মুকুতাৰ মণি সৰি পৰিছে বুলি মনে হয়। বিশেষকৈ শীতকালৰ পুৱা আৰু আৱেলি এই মনোমোহা দৃশ্য় দেখা পোৱা যায়। এই দৃশ্যয়ে হৃদয়ত এক সুকীয়া আনন্দ কঢ়িয়াই আনে, আৰু তাক চাই বহু ভাল লাগে।
জানাে আহাঃ
নিয়ৰ一 জাৰকালি আকাশৰ বায়ু চেঁচা হৈ তাত থকা জলীয়বাষ্প গােট মাৰি সৰু সৰু পানীৰ কণিকাৰূপে ঘাঁহ-বনত লাগি ৰয়। এয়াই নিয়ৰ।
নিয়ৰ-ভঙা 一 নিয়ৰ-ভঙা মানে জন্তুৰ আগ-চেউৰাৰ সন্মুখৰ ডিঙিৰ তলৰ ভাগ। আন এটি অর্থ হল- দৰাৰে সৈতে ৰাতি নিয়ৰ গৰকি কন্যাৰ ঘৰলৈ যােৱা কাৰ্য। যেনে一 নিয়ৰ-ভঙাৰ লাৰু, নিয়ৰ-ভঙাৰ তামােল-পাণ ইত্যাদি।
১৬। সাঁথৰ ভাঙা।
(ক) মৌ-মাখি নহয় কিন্তু
কৰে গুণ্ গুণ্
বামুণ নহয় কিন্তু
কান্ধত লগুণ।
উত্তৰঃ- যঁতৰ।
(খ) ৰজাৰ ঘৰৰ হাতী
ধান খায় পাচি পাচি।
উত্তৰঃ- ঢেকী।
(গ) ৰজাৰ কাপােৰ তিয়াব পাৰি,
শুকুৱাব নােৱাৰি।
উত্তৰঃ- জিভা
ঘ一প্ৰকল্প
১৭। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংগ্রহ কৰি শ্ৰেণীকোঠাত আবৃত্তি কৰা।
১৮। সকলােৱে মিলি অসমীয়া ভাষাত থকা তৎসম আৰু অর্ধতৎসম শব্দৰ এখন তালিকা কৰি শ্ৰেণীকোঠাত ওলােমাই থােৱা।
Spelling check by 一 Mukesh Borah