Class 8 Social Science Chapter 12 Answer


১) চমু উত্তৰ দিয়া-

ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?

উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ  সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ।

খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ (বিল অৱ ৰাইটছ্) ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল ।

গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?

উত্তৰঃ সংবিধানৰ ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে ।

ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?

উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।

ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?

উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ।

২) খালী ঠাই পূৰ কৰা-

ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি 

খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ ।

ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব  বিকাশত সহায় কৰে ।

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ নোৱাৰে।

খ) মৌলিক অধিকাৰৰপৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে / নোৱাৰে ।

উত্তৰঃ পাৰে।

গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা  বনুৱালৈকে সকলো সমান হয়/ নহয় ।

উত্তৰঃ হয়।

ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত  সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ পাৰে।

ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ।

উত্তৰঃ পাৰে।

৪) সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা।

উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে- 

→এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয়,

 →এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায়,

→মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নথকা

বাবে সকলো শ্ৰেণীৰ লোকে জাতি –ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *