Class 8 Social Science Chapter 3 Answer

১।    চমুকৈ উত্তৰ লিখাঃ

(ক) অসমৰ মধ্য়যুগত শাসন কৰা উল্লেখযোগ্য় ৰাজ্য়সমূহ কি কি আছিল?

উত্তৰঃ অসমৰ মধ্য়যুগত শাসন কৰা উল্লেখযোগ্য় ৰাজ্য়সমূহ আছিল-কামৰূপ-কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম।

খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে ?

উত্তৰ- বড়ো জাতিৰ মহিলাসকলে দখনা পৰিধান কৰে।

গ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ?

উত্তৰ- আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী ৰজা আছিল।

ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল ?

উত্তৰ- মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্রথাৰ দ্বাৰা ব্য়ৱসায়-বাণিজ্য় চলিছিল।

ঙ) কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?

উত্তৰ- কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ।

২)‘ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
মাধৱ কন্দলিসুকুমাৰ বৰকাইথপুৰুষোত্তম বিদ্যাবাগীশভট্টদেৱবলদেৱ সূৰ্যখৰি দৈৱজ্ঞৰত্নমালাদৰং ৰাজবংশাৱলীৰামায়ণহস্তীবিদ্যাৰ্ণৱকথা গীতা

উত্তৰ- 

‘ক’ অংশ‘খ’ অংশ
মাধৱ কন্দলিসুকুমাৰ বৰকাইথপুৰুষোত্তম বিদ্যাবাগীশভট্টদেৱবলদেৱ সূৰ্যখৰি দৈৱজ্ঞৰামায়ণহস্তীবিদ্যাৰ্ণৱৰত্নমালাকথা গীতাদৰং ৰাজবংশাৱলী

 ৩) খালী ঠাই পূৰ কৰা-

ক) হয়গ্ৰীৱ মাধৱ মন্দিৰ নৰনাৰায়ণে  নিৰ্মাণ কৰিছিল।

খ) মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ ।

গ) জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল।

ঘ) অনন্ত কন্দলীয়ে  ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল।

ঙ) আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল।

৪) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া-

ক) মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক ।

উত্তৰ- ৰাজতান্ত্ৰিক ।

খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/কোচসকলে ।

উত্তৰ- আহোমসকলে ।

গ) টঙালি, হাঁচতি বড়োসকলৰ /বাৰভূঞাসকলৰ অৱদান আছিল ।

উত্তৰ-বাৰভূঞাসকলৰ।

ঘ) কছাৰীসকল/কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল ।

উত্তৰ- কছাৰীসকল ।

ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্থাপত্যত মোগল,পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে ।

উত্তৰ- ৰুদ্ৰসিংহ ।

৫) উত্তৰ লিখা (৫০ টামান শব্দৰ ভিতৰত)

ক) আহোমসকলৰ পাইক প্ৰথা ।

উত্তৰ- আহোমসকলৰ ৰাজত্বকালত ১৫ বছৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক “পাইক” বুলি কোৱা হৈছিল। পাইকসকল ৩ বা ৪ জন মিলি গোট গঠন কৰিছিল। প্ৰতিটো গোটৰ এজন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল, আৰু ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভাগ কৰি লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত কোনো স্থায়ী সৈন্য বাহিনী নাছিল, সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল।

খ) কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ- আহোমসকলে সীমান্তবৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত বিশেষ বন্দোবস্ত কৰিছিল। এই ব্যৱস্থাটোক পচা প্ৰথা বোলা হৈছিল। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণ ৰ পৰা ৰক্ষা কৰাই এই প্ৰথাৰ উদ্দেশ্য আছিল। 

গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল ?

উত্তৰ- মধ্য যুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ। আহোম, কছাৰী, কোচ আদি সকলো জাতি-জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্যত স্বাধীনভাবে বসবাস কৰিছিল। আহোমসকলে অসমলৈ আহোতে বৰ কম সংখ্যক মহিলা লগত অনা বাবে স্থানীয় জাতি-জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশবৃদ্ধি কৰাই নহয় বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূর্ণ সম্পর্কও স্থাপন কৰিছিল।

মধ্যযুগত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল। বিভিন্ন ক্ষেত্ৰত মহিলাসকলে দৌল-দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। মধ্যযুগৰ মহিলাসকলে কেৱল ঘৰুৱা কামকাজত নিজকে আৱদ্ধ নাৰাখি, তেওঁলোকে সময়ৰ প্ৰয়োজনে যুদ্ধত অংশ গ্ৰহণ কৰাৰ লগতে সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। সেই সময়ৰ ৰমণীসকলৰ ৰুচি সম্পন্ন স্বকীয় সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰাত সমাজত যথেষ্ট সন্মান লাভ কৰিছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে, অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল। অসমীয়া সমাজত “মহিলাৰ স্থান উচ্চ” বুলি কোৱা হয়, আৰু এই পৰম্পৰা সম্ভৱত সেই সময়ৰ পৰা আৰম্ভ হৈছিল।

ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা ।

উত্তৰ- মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল কৃষি, আৰু জনসাধাৰণৰ প্ৰধান বৃত্তি এই কৃষিকেই আছিল। ঋতুভেদে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, আৰু বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানকৈ খলপীয়া কৃষি পদ্ধতিৰে ফল-মূলৰ খেতি কৰা হৈছিল। জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছিল।

ঙ) কছাৰীসকল স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি ?

উত্তৰ- কছাৰীসকল স্থাপত্য, ভাস্কৰ্য, আৰু শিল্পকলাত উচ্চ দক্ষতা লাভ কৰিছিল। যেতিয়া আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল, সেই সময়তে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিটা ফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ পৰিলক্ষিত হয়। তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া পুখুৰী আছিল। লগতে, কছাৰীসকলে নলা আৰু নৰ্দমা নিৰ্মাণৰ ব্যৱস্থা আগৰণুৱা আছিল।

৬। মধ্যযুগত অসমৰ অৰ্থনৈতিক কামকাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা ।

উত্তৰ-  মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি, আৰু ঋতুৰ অনুসৰি বিভিন্ন শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, লগতে বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলি আদিৰ উৎপাদন কৰা হৈছিল। পাহাৰ অঞ্চলত প্রধানত খলপীয়া কৃষি পদ্ধতি ব্যৱহাৰ কৰি ফল-মূলৰ খেতি কৰা হৈছিল। লগতে, জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল, যাৰ জৰিয়তে তেওঁলোকে কৃষি কার্যকলাপ চলাইছিল।

কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। মধ্যযুগত অসমখন ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ঠ আগবঢ়া আছিল । সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। কামৰূপ কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ-মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল । প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল।

মধ্যযুগত বাণিজ্যিক আদান-প্ৰদান যথেষ্ট সীমিত আছিল, আৰু আত্মনির্ভৰশীলতা সেই যুগৰ এটি মুখ্য বৈশিষ্ট্য হিচাপে প্ৰতিষ্ঠিত হৈছিল। আনৰ পৰা বস্তু আনা বা আনক বস্তু দিয়াত বিশেষভাৱে পৰিলক্ষিত নহ’ল। আহোমসকলে ওচৰ-চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ সময়ত ব্যৱসায়-বাণিজ্যই যথেষ্ট প্রসাৰ লাভ কৰিছিল। কোচ ৰজাসকলে ব্যৱসায়-বাণিজ্যৰ উন্নতিৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল, য’ত ৰাস্তা-পদূলি নিৰ্মাণ, মুদ্ৰাৰ প্ৰচলন আদি উল্লেখযোগ্য। মধ্যযুগৰ আদিতে বিনিময় প্ৰথাৰ জৰিয়তে ব্যবসায়-বাণিজ্য চলিছিল, যদিও পৰৱৰ্তী সময়ত মুদ্ৰাৰ প্ৰচলন ঘটে।

৭) আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা।

উত্তৰ- আহোমৰ আমোলত ৰজা আছিল ভূ-সম্পত্তি গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে ব্রাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদি সংস্থাসমূহক কৰ মুক্ত মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ আৰু কবৰৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল। ফলত, দেখা যায় আহোম ৰাজ্যত স্বৰ্গদেউ সকলৰ তত্বাবধানত ভূমি সম্পৰ্কীয় কাম-কাজবোৰ সুশৃঙ্খলিতভাৱে পৰিচালিত হৈছিল। তেখেতসকলে ভূমি নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট উদাৰবাদী মনোভাৱ পোষণ কৰিছিল।

৮) মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা।

উত্তৰ- উদাহৰণস্বৰূপে

৯) মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ  লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ- উদাহৰণস্বৰূপে

পুথিৰচক
গীত গোবিন্দ, ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, শকুন্তলা কাব্যনুবাদ (অসমীয়া ভাষাত),ৰামনাৰায়ণ চক্ৰৱৰ্তীয়
হস্তী বিদ্যাৰ্ণৱসুকুমাৰ বৰকাইথ
মহাভাৰতৰাম সৰস্বতী
পদ্মপুৰাণ(অসমীয়া ভাষাত)নাৰায়ণদেৱ
দৰং ৰাজবংশাৱলীবলদেৱ সূৰ্যখৰি দৈৱজ্ঞ
সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণপুৰোষোত্তম বিদ্যাবাগশী
কথা-ভাগৱতভট্টদেৱ
ৰামায়ণ(অসমীয়া ভাষাত)মাধৱ কন্দলি
কীৰ্তন.গুণমালাশংকৰদেৱ
নামঘোষামাধৱদেৱ

১০) ‘সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি’ – বাক্যশাৰীৰ তাৎপৰ্য বাখ্যা কৰা ।

উত্তৰ- মধ্য যুগৰ অসমত সাহিত্য সংস্কৃতিৰ মানচিত্ৰখনৰ নিমার্তা হল খিলঞ্জীয়া জনজাতীয় ভার্ষিক গোষ্ঠী, কমতা ৰজাসকল আৰু উজনি আহোমসকল। সাম্প্রতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্রতিটো জাতি-জনগোষ্ঠীৰেই উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ-কমতাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ন ৰচনা কৰিছিল। এইজন ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্রতি উৎসাহিত কৰিছিল।

মধ্যযুগৰ আহোমসকলৰ সাহিত্য-সংস্কৃতিৰ অৱদানৰ কথা ক’বলৈ গ’লে প্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল’ব লাগিব। পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। সংস্কৃত ভাষাত লিখিত মহাভাৰত, ৰামায়ন আৰু পুৰাণ আদি গ্রন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি অন্যান্য ভালেমান অর্থপূর্ণ পুথি সেই সময়তে ৰচনা কৰা হৈছিল। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে ‘হস্তী বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে  অসমীয়া ভাষালৈ গীত গোবিন্দ,ব্ৰহ্ম বৈৱৰ্ত পুৰাণ,শকুন্তলা কাব্যনুবাদ কৰাৰ উপৰিও শঙ্খচুড়বধ কাব্য ৰচনা নকৰিছিল।

দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়াত পদ্মপুৰাণ আৰু বলদেৱ সূৰ্যখৰি দৈৱজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ৰাম সৰস্বতীয়ে মহাভাৰত,পুৰোষোত্তম বিদ্যাবাগশীয়ে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখে। অনন্ত কন্দলীয়ে ভাগৱত আৰু কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।

নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। বজ্ৰাৱলী আৰু অসমীয়া ভাষাত অনেক ৰচনাৱলীৰে তেওঁ অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।

নৱবৈষ্ণৱ আন্দোলনৰ সমান্তৰালকৈ চলি থকা সাহিত্য আন্দোলনত ভট্ৰদেৱ,ৰাম সৰস্বতী, শ্ৰীধৰ কন্দলী, ৰামচৰণ ঠাকুৰ, অনন্ত কন্দলী আদি। ১৬শ আৰু ১৭ শতিকাত ভক্তি  আন্দোলনত জড়িত গুৰুসকলৰ জীৱনৰ ওপৰত কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছিল। কথা-গুৰুচৰিত, কথা-ভাগৱত, কথা-গীতা আদি এই সময়ৰে সৃষ্টি।

অসমত প্ৰাচীন কালৰে পৰা ধ্ৰুপদী বা শাস্ত্ৰীয় সংগীত আৰু নৃত্য কলাৰ চৰ্চা প্ৰচলিত আছিল।  শ্ৰীমন্ত শংকৰদেৱ এই দিশত বাটকীয়া আছিল। এই দিশত তেখেতে ওজাপালি নাম-কীৰ্তন, বৰগীতৰ চৰ্চাৰ সমান্তৰালভাৱে নৃত্য আৰু  নাট ভাওনাৰ বহুল প্ৰচাৰ চলইছিল।