Class 8 Social Science Chapter 4 Answer

১।    উত্তৰ লিখা-

(ক) ভক্তিবাদ বুলিলে কি বুজায়?

উত্তৰঃ- আভিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ  আনুগত্য আৰু শ্ৰদ্ধাক বুজায় । সেই ফালৰ পৰা কবলৈ গ’লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল  ,সেইয়াই ভক্তিবাদ ।

(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?

উত্তৰঃ- ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হৈছে-

১) খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল । এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল ।

২) মধ্যযুগত ইছলাম ধৰ্মৰ আৰ্ৱিভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল ।

গ) ‘দিব্য প্ৰবন্ধম’ কি ?

উত্তৰঃ- আলভাৰসকলৰ গীত-মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় । আলভাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্ৰবন্ধম’ বোলে ।

ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ǀ

উত্তৰঃ- উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ’ল-নানক, তুলসীদাস, কবীৰ আৰু ৰামানন্দ ।

ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?

উত্তৰঃ- ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে ।

২) পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা-

ক) শংকৰাচাৰ্য আছিল অদ্বৈতবাদত  বিশ্বাসী ।

খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অৰ্ৱিভাৱ ঘটিছিল ।

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম  

ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল ।

ঙ) কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক   “দোহা”   বুলি কোৱা হয়।

৩) চমু টোকা লিখা- 

(ক)শংকৰাচাৰ্য – দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল । শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী । তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই । মানুহৰ মাজতে ভগৱান বিদ্যমান । সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে ।

(খ) জ্ঞানদেৱ- উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্রত ১৩ শতিকাত জ্ঞানদেৱৰ নেতৃত্বত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ মাধ্যমে ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। তেওঁ প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰাই সহজ, সৰল, আৰু বন্ধুত্বপূর্ণ জীৱন যাপনলৈ গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰিছিল। তেওঁ সকলো মানুহৰ গাত ভগৱান বিদ্যমান বুলি জনসাধাৰণক স্মৰণ কৰাইছিল। জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেওঁৰ অনুগামী, যেনে টুকাৰাম আৰু ৰামদাসৰ দ্বাৰা অন্যান্য অঞ্চলতো প্ৰচাৰিত হৈছিল।

(গ) ৰামানন্দ – উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ । তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল । তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্যদেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম । তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল । তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ অন্যতম শিষ্য আছিল কবীৰ ।

(ঘ) নানক- উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোঁতাৰ অন্যতম আছিল গুৰু নানক। কবীৰৰ ভক্তিমাৰ্গে তেখেতক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁৰ মতে ঈশ্বৰ এজন; তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ। গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত হয়।

(ঙ) মীৰাবাঈ- ১৩ শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে । গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল । জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

৪) আলভাৰসকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ? 

উত্তৰঃ- খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰ নামৰ সম্প্ৰদায়টো ।

আলভাৰসকল ভগৱান বিষ্ণুৰ গভীৰ উপাসক আছিল। তেওঁলোকৰ বিশ্বাস অনুসাৰে, বিষ্ণুই শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল। তেওঁলোকে অহংবোধ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিলে মোক্ষ লাভৰ সম্ভাৱনা আছে। তেওঁলোকৰ মতে, মানুহৰ মাজত ভগৱানক অনুভৱ কৰিব পৰা যায়, আৰু সেই বাবেই জীৱনক প্ৰেমৰ আধাৰত গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত। এই সম্প্ৰদায়টি ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাক কেৱল ভক্তি হিচাপে নাভাৱি, ঐশ্বৰিক শক্তিৰ উপাসনাৰ মাধ্যমে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ কল্যাণ সাধনক গুৰুত্ব দিছিল।

৫) চুফীবাদৰ মূলমন্ত্ৰ কি আছিল ?ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ- চুফীবাদৰ মূলমন্ত্ৰ হৈছে- এক ভগৱানকে উপাসনা কৰা । চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি ।

চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি ।

৬)  কবীৰ কিয় হিন্দু আৰু ইছলাম  ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?

উত্তৰঃ- কবীৰ মুছলমান এক তাঁতী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। অন্যান্য ভক্তিমাৰ্গৰ সাধকসকলৰ দৰে, তেওঁও এক মহান ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, খোদা, আৰু আল্লা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। কবীৰে ভক্তিৰ ৰসৰ কবিতাৰ মাধ্যমে ভক্তি ধৰ্মৰ প্ৰচাৰ কৰিছিল, আৰু এই কবিতাসমূহ জনসাধাৰণৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁৰ প্ৰচাৰ কৰা ভক্তিমাৰ্গৰ প্ৰতি আকৰ্ষিত হৈ, হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোকেই তেওঁৰ শিষত্ব গ্ৰহণ কৰিছিল। সেয়া কবীৰক হিন্দু আৰু ইসলাম ধৰ্মৰ সকলো লোকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাত সহায় কৰা।

৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ- মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহ্বানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি, জাতি ভেদ প্ৰথা, উচ্চ-নীচ আৰু ধনী-দুখীয়াৰ মাজৰ পাৰ্থক্যই সমাজৰ নিম্নশ্ৰেণীৰ লোকক অত্যন্ত অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে এই সমস্যাবোৰৰ পৰা মুক্তি বিচাৰিছিল। জনসাধাৰণক ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তিৰসত নিমজ্জিত সমাজ গঠনৰ উদ্দেশ্যে ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল।

৮) ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?

উত্তৰঃ- ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা, উচ্চ-নীচ, আৰু আচাৰ-অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হৈ নাৰীয়ে পুৰুষৰ লগত সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল। ভক্তি আন্দোলনৰ নেতাসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰা আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল, যাৰ ফলত আঞ্চলিক ভাষাৰো উত্থান ঘটিছিল। পণ্ডিতসকলৰ মতে, ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ জাগৰণৰ আশা-আকাংক্ষা প্ৰতিফলিত হৈছিল। উপৰোক্ত কাৰণবোৰৰ বাবেই ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল।

৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০টা মান শব্দৰ ভিতৰত একোটি টোকা লিখা ǀ 

উত্তৰ- খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে। তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ অধ্যয়ন কৰিছিল। ভাগৱত পুৰাণক সকলোৰে মূল বুলি মতপোষণ কৰি তেওঁ অসমত ভক্তি আন্দোলনৰ গুৰি স্থাপন কৰে। ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নতুনকৈ গঢ়ি তুলিছিল। অসমীয়াৰ সমাজ জীৱনটোক একত্ৰিত কৰিবলৈ সমতা, সহিষ্ণুতা, আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল।

ভক্তিবাদৰ প্ৰচাৰ কৰি তেওঁ বৈষ্ণৱ ধৰ্মৰ বিস্তাৰত মনোনিৱেশ কৰাৰ লগতে সমাজ সংস্কাৰতো গুৰুত্ব দিছিল। ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ, শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল। সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সূদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল।