১। চমু উত্তৰ লিখা—
(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ’ল- চেমা-য়ুং-দুং।
(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে ২,৯০৬ কিল’মিটাৰ।
(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?
উত্তৰঃ- ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে।
(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?
উত্তৰঃ- উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী U আখৰটোৰৰ দৰে।
(ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰঃ- ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱা ৰাষ্ট্ৰবোৰৰ নাম হৈছে-
১। তিব্বত,
২। চীন,
৩। ভাৰত,
৪। বাংলাদেশ আদি।
২ । শুদ্ধ উত্তৰটো লিখা
( ক ) গিৰিখাত নিম্নভূমি / মোহনা / উচ্চভূমি অঞ্চলৰ ভূ – আকৃতি ।
উত্তৰঃ- উচ্চভূমি ।
( খ ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পর্বত / সমভূমি / মালভূমিত দেখা যায় ।
উত্তৰঃ- সমভূমি ।
( গ ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন / পৰিবহণ / অৱক্ষেপণৰ ফলত সৃষ্টি হয় ।
উত্তৰঃ- অৱক্ষেপণ ।
( ঘ ) বৰাক নৈ অসমৰ ২ / ৩ / ৪খন জিলাৰ মাজেৰে বৈ গৈছে ।
উত্তৰঃ- ৩ খন ।
৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা
চাংপো | একা – বেঁকা গতি পথ |
অৰুণাচল প্রদেশ | মাজুলী |
সর্পিল | চিয়াং |
কলং | তিব্বত |
নদীদ্বীপ | সুঁতি |
উত্তৰঃ-
চাংপো | তিব্বত |
অৰুণাচল প্ৰদেশ | চিয়াং |
সৰ্পিল | একা-বেঁকা গতি পথ |
কলং | সুঁতি |
নদীদ্বীপ | মাজুলী |
৪ । চমু টোকা লিখা —
( ক ) নৈৰ উচ্চগতি অংশৰ কাৰ্য
উত্তৰঃ- নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি ǀ পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আঁহোতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয় । এই অংশত নদীয়ে সোঁতত শিল, বালি, মাটি কঢ়িয়াই আনে । নদীৰ গতিপথ ইংৰাজী V আখৰৰ দৰে হয় । ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয় ǀ
( খ ) নৈৰ মধ্যগতি অংশৰ কার্য ।
উত্তৰঃ- কম ঢালৰ ভূমিভাগেৰে বৈ যোৱাৰ বাবে নদীটোৰ গতি ধীৰ হয়। এই অংশত নদীৰ গেদ পৰিবহন ক্ষমতা কম, ফলস্বৰূপে পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অহা শিল, বালি, আৰু মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে।
নদীৰ খনন ক্ষমতা এই ঠাইত কম থাকে। মধ্যগতিত নদীখনৰ পাৰ্শ্বখনন আৰু অৱক্ষেপনৰ ফলত গতিপথ একাবেঁকা হয়, যাক নদীৰ সৰ্পিল গতিও বোলা হয়। খৰালি কালত, অৱক্ষেপনৰ ফলত চৰ চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয়। অৱশ্যে, বাৰে বৰ্ষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকীয়া হৈ পৰে।
( গ ) নৈৰ নিম্নগতি অংশৰ কার্য ।
উত্তৰঃ- নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ । নিম্নগতিত নদীৰ গতি অতি ধীৰ হয় ।নদীখনৰ শাখা প্ৰশাখা বেছি হয় ।নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে ।ইয়াৰ ফলত অসমীয়া “ব” আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয় । এই দ্বীপবোৰক ব-দ্বীপ বোলে ।
( ঘ ) বৰাক নৈৰ গতিপথ ।
উত্তৰঃ- বৰাক নৈখন মণিপুৰৰ ‘মৰাম’ অঞ্চলৰ পৰা উৎপত্তি হৈ অসমত প্ৰৱেশ কৰি বাংলাদেশ হৈ বংগোপসাগৰত পৰিছেগৈ। নৈখন অসম আৰু মণিপুৰত অতি সৰ্পিল গতিপথেৰে গতি কৰিছে। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অখংস্য জলাহ দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে ।
৫। ব্ৰহ্মপুত্ৰ নদীৰ গতি পথৰ অধিকাংশ সৰ্পিল কিয় ?
উত্তৰঃ- মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খননৰ ক্ষমতা কম। ফলস্বৰূপে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণো কম দেখা যায়। কিন্তু ইয়াৰ বিপৰীতে, অসম অংশত নৈখনৰ পাৰ খহোৱাৰ অৰ্থাৎ পাৰ্শ্বখননৰ কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হৈ থাকিলে, নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে।
নৈৰ যিটো পাৰত পাৰ্শ্বখনন হয়, তাৰ বিপৰীত পাৰত অৱক্ষেপণ ঘটে। এই পাৰ্শ্বখনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা-বেঁকা বা সৰ্পিল হোৱা দেখা যায়।
৬। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বর্তমান কি কি নামেৰে জনা যায় লিখা ।
উত্তৰঃ- তিব্বত-চেমা- য়ুং-দুং হিমবাহ (উৎপত্তি স্থল)
তিব্বত- চাংপো
অৰুণাচল প্ৰদেশ (উত্তৰ অংশ)- চিয়াং
অৰুণাচল প্ৰদেশ (পাছিঘাট)- দিহং
অসম-বহ্মপুত্ৰ
বাংলাদেশ-পদ্মা (গংগা নদীৰ লগত মিলি)
৭। ভাৰতৰ উত্তৰ – পূব অঞ্চলৰ এখন নক্সা মানচিত্র অংকন কৰি ভূ – চিত্ৰাৱলীৰ সহায় লৈ তলত দিয়া অবয়ৱসমূহ বহুওৱা ।
১।অৰুণাচল হিমালয় | ১১।দিবং |
২। বৰাইল পাহাৰ | ১২।লোহিত |
৩। কাৰ্বি মালভূমি | ১৩।পাগলদিয়া |
৪। খাছীয়া-জয়ন্তীয়া পাহাৰ | ১৪।মানাহ |
৫।নগা পাহাৰ | ১৫। দিখৌ |
৬। মণিপুৰ | ১৬। ধনশি্ৰি |
৭। মিজোৰাম | ১৭। বৰাক |
৮। গাৰোপাহাৰ | ১৮। জাতিংগা উপনৈ |
৯। ব্ৰহ্মপুত্ৰ | ১৯। ধলেশ্বৰী |
১০ সোৱণশিৰি | ২০। সোণাই |
উত্তৰঃ-
৮ । নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা ।
উত্তৰঃ- নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ সেই নৈ বা উপনৈৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি উঠে। নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে, যেনে খাদ্যৰ বাবে, ধোৱা-মেলা, কৃষিকৰ্ম, আৰু বিভিন্ন উদ্যোগত। বাৰিষা কালত নদীবোৰে প্ৰতিবছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা প্লাৱভূমিসমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী হয়।
খৰালীকালত পানী কম হ’লেও নদ-নদী কাষত থাকিলে, তাৰ পৰা পানী যোগান ধৰিও কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰত যথেষ্ট লাভবান হয়। নদীকাষৰ পাৰ্শ্বৱৰ্তী অঞ্চলবোৰ বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ’ব পাৰে। লগতে, নদীত উপলব্ধ সৰু-ডাঙৰ মাছ ধৰিও লোকসকল সেই মাছক ব্যৱসায়ৰ ৰূপ দিবলৈ সক্ষম হৈছে। এইসকল সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছে।
10। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা । প্রয়োজনবোধে শিক্ষক আৰু ভূ – চিত্ৰাৱলীৰ সহায় ল’বা ।
উত্তৰঃ- বুঢ়ীদিহিং, দিখৌ,ভোগদৈ,জাজী,ধনশিৰি,কলং,কপিলী,যমুনা আৰু ভৰলু ।