Class 8 Social Science Chapter 9 Answer


১) চমু উত্তৰ লিখা-

ক) মানৱ সম্পদ কাক বোলে ?

উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ ǀ

খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে ?

উত্তৰঃ যি ব্যক্তিয়ে শাৰিৰীক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰী।

গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি ?

উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয় ǀ যেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা ইত্যাদি

ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে ?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ 

ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি ?

উত্তৰঃ মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।

২) বহলাই আলোচনা কৰা-

ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।

উত্তৰঃ আমাৰ দেশৰ চৰকাৰে প্রবর্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্রশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। যদিও এই দিশত উন্নতি কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব। কাৰণ ভূ-আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বৰ্তমানে খুব বেছি। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কৰ্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো সহজ নহয়।

তথাপিও, আমাৰ দেশৰ চৰকাৰ পৰিবৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ শিক্ষা আৰু স্বাস্থ্য প্ৰশিক্ষণৰ দৰে ক্ষেত্ৰসমূহত যথেষ্ট মনোনিবেশ কৰিছে। এই কাৰণে আগৰ তুলনাত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহৰ মানৱ সম্পদলৈ উন্নীত হৈছে।

খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে- 

⇾শিক্ষাৰ হাৰ- শিক্ষা ব্যৱস্থা সঠিক হলে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে, যাৰ ফলত শিক্ষিত লোকৰ হাৰ বঢ়াব পাৰি। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাটো শিক্ষাৰ মূল উদ্দেশ্য, আৰু ইয়াৰ ফলত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হয়। সেয়া বুজাই দিয়ে যে, সঠিক আৰু গুণগত শিক্ষা মানৱ সম্পদৰ বিকাশত এক গুরুত্বপূর্ণ ভূমিকা পালন কৰে।

জীৱনৰ প্ৰত্যাশা- এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবল ভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমানেই বেছি হ’ব মানুহক সম্পদৰ হাৰলৈ ৰূপান্তৰ হাৰো সিমান বেছি হ’ব।

জনমুৰি আয়- দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে,জনমুৰি আয় বোলে।

⇾বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স- প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষা স্তৰ পৰ্যন্ত, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় আৰু মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটা উল্লেখযোগ্য দিশ। এই ধৰণৰ উচ্চ ভৰ্তি হাৰ শিক্ষাৰ গুণগত মানৰ উন্নতি আৰু মানৱ সম্পদৰ বিকাশক প্ৰদৰ্শন কৰে, যাৰ ফলত ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন বঢ়াই উঠা সম্ভৱ হয়।

প্ৰতিষেধক টিকাকৰণৰ হাৰ- প্ৰতিষেধক টিকাকৰণে শিশুৰ স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে দীৰ্ঘজীৱী কৰি তুলে। সেয়েহে প্ৰতিষেধক টিকাকৰণক মানৱ সম্পদ উন্নয়নৰ এটা নিৰ্দেশক বুলি গণ্য কৰা হয়।

গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাক সেই ব্যক্তিৰ বৃত্তি বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, যদি কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰে, তেন্তে সেইটো হ’ব তেওঁৰ বৃত্তি।

মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন বহু আৰু এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ দক্ষ ব্যক্তিৰ প্রয়োজন। উদাহৰণ হিচাপে, যদি কাৰোবাৰ ঘৰত পানীকলৰ বিজুতি ঘটে, তেন্তে পানীকল মিস্ত্ৰীৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে, মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেকট্ৰিচিয়ান, ম’বাইল আৰু কম্পিউটাৰ মেকানিকৰ দৰে বহুজনৰ প্ৰয়োজন হয়। আধুনিক শিক্ষাৰ উপৰিও এনে শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয়, তাক বৃত্তিমূলক শিক্ষা বোলা হয়।

বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, সেইসঙ্গে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে। মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লৈ থাকে আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণক প্ৰতিফলিত কৰে।

ঘ) বৃত্তিমূলক শিক্ষাই কিদৰে নিৱনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ?

উত্তৰঃ নিৱনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাক বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা আৰু ক্ষমতা থাকিলেও কৰ্মৰ অভাৱত এনেতে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যা এটা অঞ্চল বা এখন দেশত যথেষ্ট আহুকালৰ সৃষ্টি কৰে। গতিকে, নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো সকলোৰে কাম্য। এই ক্ষেত্ৰত বৃত্তিমূলক শিক্ষাই নিৰ্ণায়ক ভূমিকা ল’ব পাৰে।

বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে। বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেকট্ৰিচিয়ান, ম’বাইল আৰু কম্পিউটাৰ মেকানিকৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে।

আজিৰ দিনত চৰকাৰেও বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহুতো সা-সুবিধা প্ৰদান কৰিছে। ঠায়ে ঠায়ে এনে শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে, লগতে এইবোৰত শিক্ষাগ্ৰহণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰমৰ ব্যৱস্থাও কৰা হৈছে।

৩) শুদ্ধ অশুদ্ধ নিৰ্ণয়কৰা-

ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয়।

উত্তৰঃ অশুদ্ধ।

খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয় ǀ

উত্তৰঃ শুদ্ধ।

গ) জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায় ǀ

উত্তৰঃ শুদ্ধ।

ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায় ǀ

উত্তৰঃ অশুদ্ধ।

ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলন্বী হোৱাত সহায় কৰে ǀ

উত্তৰঃ শুদ্ধ।

চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত সহায় কৰে ǀ

উত্তৰঃ শুদ্ধ।

৪) খালী ঠাই পূৰ কৰা-

ক) এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ  মানুহে।

খ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে  দেশ এখন  স্বাৱলন্বী হোৱাত সহায় কৰে ǀ

গ) উচ্চশিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয় ǀ

ঘ) গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক যোগান ǀ

ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিৱনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে ǀ

৫) চমু টোকা লিখা –

ক) মানৱ সম্পদঃ

উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ ǀসম্পদ হিচাপে পৰিগণিত হ’বলৈ হলে মানুহে উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা, প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰো অধিকাৰী হব লাগিব ǀতাৰোপৰি ব্যক্তিৰ কাৰিকৰী দক্ষতা, কুশলতা,ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ জড়িয়তে তেওঁ উৎপাদনমূলক কাৰ্যতো নিজকে জড়িত কৰিব লাগিব ǀ

খ) মানৱ সম্পদ উন্নয়নঃ

উত্তৰঃ মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণৰ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। দেশখনত কেৱল জনসংখ্যা বৃদ্ধি হলেই মানৱ সম্পদৰ উন্নয়ন নহয়। স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি। ইয়াৰ লগতে, দেশৰ উৎপাদন কাৰ্য প্ৰক্ৰিয়াত ব্যক্তিজন প্ৰতক্ষ্য বা পৰোক্ষভাৱে জড়িত হ’ব লাগিব।

যিমানেই মানৱ সম্পদৰ উন্নয়ন হ’ব, সিমানেই দেশেও উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ’ব। ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশখনক স্বাৱলম্বী হোৱাত সহায় কৰে।

গ)  মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকঃ

উত্তৰঃ মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণ অৱস্থা বা  মানৱ সম্পদৰ বিকাশ সাধন কৰা। যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়,সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়। যেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমুৰি আয়, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স, প্ৰতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি।

ঘ) বৃত্তিমূলক শিক্ষাঃ

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয়, তাকে বৃত্তিমূলক শিক্ষা বোলে। প্রচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। সেয়া দেখা গৈছে যে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে, যিয়ে প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।

বৃত্তিমূলক শিক্ষাই মানুহক অকল উপার্জনক্ষম কৰি তোলে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে। আজিৰ যুগত, বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেকট্রিচিয়ান, ম’বাইল মেকানিক আৰু কম্পিউটাৰ মেণ্টেইনেন্সৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে।