৩। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই লিখা।
উত্তৰঃ
কৰকৰা – শুকান।
বৰ্ষণ – বৰষুণ হোৱা।
কৃপণ – মিতব্য়য়ী।
কুন্ধি – নাওঁৰ ভিতৰৰ খোতালি।
পুণ্য়তোৱা – পবিত্ৰ পানী থকা নদী।
শান্তিয়নী – যাৰ স্পৰ্শত অশান্তিৰ পৰা মুক্তি পোৱা যায়।
ঘুলি – ম’হ, গাহৰি আদিয়ে বোকা লেটি লোৱা খাল।
নিৰ্মল – চাফা।
হিত – উপকাৰ।
৪। কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ কবিতাটিৰ মূলভাৱ হৈছে – উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে। বৰঞ্চ সেই মাটি এনেই পৰি থাকে। আনহাটে মৌ-মাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালিক খোৱাবলৈ আৰু তাৰ লগতে সেই মৌ-ৰস মানুহেওঁ খায়। এই কথাষাৰ মানুহৰ ক্ষেত্ৰটো খাটে। যি সঞ্চয়ৰ দ্বাৰা হিত সাধন হয়। মানুহে সেই সঞ্চয় হে কৰিব লাগে আৰু যি সঞ্চয়ৰ দ্বাৰা হিত সাধন নহয় আৰু উন্নতি কৰিব নোৱাৰে সেই সঞ্চয় মানুহে কৰিব নালাগে ।
৬। জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত।।
”কুন্ধি” শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায়। কবিতাফাকিত থকা ”কুন্ধি” শব্দটোৱে কিহৰ খোটালিক বুজাইছে?
উত্তৰঃ কবিতাফাঁকিত থকা কুন্ধি শব্দটোৱে জ্ঞানৰ কথা বুজাইছে। যেনে জ্ঞান আহৰণে জগতৰ পোহৰ বিলাই। জ্ঞান আহৰণ কৰিলে অথলে নেযায়। অনাৱশ্য়কীয় বস্তু সাচি থলেও সঞ্চয় নহয়। সাঁচি থ’বলগীয়া বস্তু সাচি থলে তাৰ হিত সাধন হ’ব।
৭। উত্তৰ লিখা।
(ক) উয়ে কি সঞ্চয় কৰে?
উত্তৰঃ উয়ে মাটি সঞ্চয় কৰে।
(খ) মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়?
উত্তৰঃ মৌ-মাখিৰ সঞ্চয়ৰ বলত মধু বৰ্ষণ হয়।
(গ) উইৰ সঞ্চয়ৰ ফলত কি হয়?
উত্তৰঃ উইৰ সঞ্চয়ৰ ফলত মাটি কৰকৰা হয়।
(ঘ) জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত কি বিলায়?
উত্তৰঃ জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত পোহৰ বিলায়।
(ঙ) জল ক’ত সাঁচি থ’লে নিৰ্মল নহয়?
উত্তৰঃ সোনৰ পাত্ৰত সাচি থ’লে নিৰ্মল নহয়।
৮। কবিতাফাঁকি পঢ়া আৰু উত্তৰ দিয়া-
(ক) পূণ্যতোৱা গঙ্গাজল সাচি থ’লে
হয় শান্তিয়নী পবিত্ৰ জল।
-পূণ্যতোয়া শব্দটোৱে কি বুজাইছে ?
- গঙ্গাজল সাঁচি থ'লে কি হয় ?
উত্তৰঃ যিবিলাক নদীৰ পানীক পবিত্ৰ বুলি গণ্য় কৰা হয় সেই নদীসমূহক একেলগে পুণ্য়তোয়া নদী বোলে। এই পুণ্য়তোয়া নদীসমূহৰ ভিতৰত গংগা নদীয়ো এখন। সেইবাবে গংগা নদীক পুণ্য়তোয়া জল বুলি কৈছে।
গংগাজল সাঁচি থ’লে সেইজল শান্তিয়নী হয়। অৰ্থাৎ সেই জল গ্ৰহণ কৰিলে আমি যিকোনো অশান্তি বা অপশক্তিৰ পৰা মুক্তি পাব পাৰো।
(খ) বহলাই লিখা।
সাঁচি থোৱাকেই সঞ্চয় নকয়-
যদি তাৰে হিত সাধন নহয়।
উত্তৰঃ মানুহে সঞ্চয় কৰিব লাগে কিন্তু সেই সঞ্চয়ৰদ্বাৰা উপকাৰো হ’ব লাগিব,
যি সঞ্চয়ৰ দ্বাৰা অপকাৰ হয় যি সঞ্চয়ে একো কামত নাহে। যেনেকৈ উয়ে মাটি সঞ্চয়ে কৰে কিন্তু সেই সঞ্চয়ে একোহঁতে ব্যৱহাৰ নহয়। তেনেদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয়ে কিবা কামত ব্যৱহাৰ কৰিব লাগে। গঙ্গাজল সাঁচি থ’লে প্ৰৱিত্ৰ নহয়, সেই গঙ্গাজল খাবও লাগিব।
৯। বিপৰীত শব্দ লিখা।
উত্তৰঃ
অসাধু – সাধু
পোহৰ – আন্ধাৰ
জ্ঞান – অজ্ঞান
নেদেখা – দেখা
হিত – অহিত